ETV Bharat / state

চৰাইদেউ মৈদামত ইউনেস্ক'ৰ স্বীকৃতি ফলক উন্মোচন মুখ্যমন্ত্ৰীৰ

স্বীকৃতি ফলক উন্মোচন কৰি কেইবাটাও নতুন পৰিকল্পনাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ।

Charaideo Maidam
চৰাইদেউ মৈদামত ইউনেস্ক'ৰ স্বীকৃতি ফলক উন্মোচন মুখ্যমন্ত্ৰীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 8:37 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : আহোম ৰাজ শাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰি আহিছে ঐতিহাসিক চৰাইদেউ মৈদামে । ২০২৪ চনৰ ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত এই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল । ইয়াৰ লগে লগে ইজিপ্তৰ পিৰামিডৰ আকাৰৰ চৰাইদেউ মৈদামসমূহে আহোম ৰাজ পৰিয়ালৰ চানেকি বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে ।

ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাছতে দেশী-বিদেশী পৰ্যটকে প্ৰতিদিনে ভিৰ কৰিছে মৈদাম ক্ষেত্ৰত । বিশ্ব ঐতিহ্য ক্ষেত্ৰক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ।

চৰাইদেউ মৈদামত ইউনেস্ক'ৰ স্বীকৃতি ফলক উন্মোচন মুখ্যমন্ত্ৰীৰ (ETV Bharat)

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা পাছত প্ৰথমবাৰলৈ ঐতিহাসিক চৰাইদেউ মৈদাম‌ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে মৈদাম ক্ষেত্ৰত উপস্থিত হৈ টাই আহোম পৰম্পৰা অনুসৰি তৰ্পণ কৰাৰ পাছত ইউনেস্ক'ৰ স্বীকৃতি ফলক উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে । মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি সকলো ব্যৱস্থাপনা পুৰাতত্ত্ব বিভাগৰ বিষয়াসকলৰ পৰা বুজ লয় মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পিছতে চৰাইদেউ মৈদাম ক্ষেত্ৰক আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণাৰ স্থলত পৰিণত কৰা, সৌন্দৰ্যবৰ্ধন কৰাৰ লগতে বাফাৰ জ'নত থকা ঐতিহাসিক সমলসমূহৰ উন্নয়নত গুৰুত্ব দিয়া হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

চৰাইদেউ মৈদামলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি

ঐতিহাসিক চৰাইদেউ মৈদামত ইউনেস্ক'ৰ স্বীকৃতি ফলক উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে কয়, "২০২৪ চনৰ ২৬ জুলাইত নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত ইউনেস্ক'ৱে চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে । এই স্বীকৃতিয়ে জাতীয় জীৱনলৈ আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিলে । বিগত ৫ বছৰত আমাৰ চৰকাৰৰ আন এক সফলতা । চৰাইদেউ মৈদামক ইউনেস্ক'ৱে দিয়া স্বীকৃতি পত্ৰ ৰাইজে চাব পৰাকৈ স্থাপন কৰি আজি উদ্বোধন কৰিছোঁ । বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ পাছত চৰাইদেউ মৈদামলৈ অহা পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে । দেশীয় পৰ্যটকৰ সংখ্যা প্ৰায় ৮০ হাজাৰ হৈছে । যোৱা বছৰ ২০০ জন‌ বিদেশী পৰ্যটক আহিছে মৈদাম ক্ষেত্ৰলৈ ।"

Charaideo Maidam
চৰাইদেউ মৈদামত মুখ্যমন্ত্ৰী, বৃহস্পতিবাৰে (ETV Bharat)

চৰাইদেউ মৈদামক লৈ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ

চৰাইদেউ মৈদাম পৰিদৰ্শন কৰি মৈদাম ক্ষেত্ৰক লৈ কৰা নতুন নতুন পৰিকল্পনাৰ কথাও ক'লে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, "মৈদামক লৈ বহু কৰিব লগা কাম আছে । ইয়াক লৈ গৱেষণা আৰু অনুসন্ধান কৰিব লগা আছে । বহুত কেইটা মৈদাম খনন হোৱা নাই । যিখিনি খননত ওলোৱা সম্পদ তাক ডি এন এ কৰা হোৱা নাই । চৰাইদেউ মৈদামত অনুসন্ধান আৰু গৱেষণাৰ বিশাল ভাণ্ডাৰ লুকাই আছে । বিশ্ববিদ্যালয়ত চৰাইদেউ মৈদামক লৈ গৱেষণা কৰিব পৰা ব্যৱস্থা কৰিব লাগিব । যাতে ছাত্ৰ-ছাত্ৰীসকলে চৰাইদেউ মৈদামৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী ল'ব পাৰে । শৈক্ষিক আৰু ইতিহাস এই দুটা বিষয়তে পৰিকল্পনা কৰিব লাগিব ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "প্ৰতিদিনে মৈদাম ক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধন কৰিবলৈ ইয়াৰ কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব । তাৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিব লাগিব । ইয়ালৈ অহা পৰ্যটকসকলৰ থকাৰ ব্যৱস্থা কৰিব লাগিব । ইয়াৰ লগে লগে বাফাৰ জ'ন উন্নয়ন কৰিব লাগিব । বাফাৰ জ'নত ২১ টা মৈদাম আছে । মন্দিৰ আছে, ৰাজকুঁৱৰীসকলৰ মৈদাম আছে । সেয়ে ইয়াৰ উন্নয়নৰ কাম হাতত ল'ব লাগিব । চৰাইদেউ মৈদামক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি সংকল্পবদ্ধ ।"

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বিশ্ব বজাৰলৈ: ২০২৫ চনতো ভাৰতীয় চাহত অসমৰ দপদপনি