'মায়াবিনী' আৰু 'দয়াবিনী' ! জুবিনৰ নামত মুখ্যমন্ত্রী হোৱাৰ সপোন দেখি কোনে মুখথেকেচা খালে ? সদনত ক'লে মুখ্যমন্ত্ৰীয়ে
"ভাগ ভাগ কৰাই মোৰ কাম । হয়, মই ভাগ কৰো । প্ৰকৃত অসমীয়া আৰু বাংলাদেশী ।" মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা ৷

Published : May 26, 2026 at 3:52 PM IST
গুৱাহাটী: নিৰ্বাচনৰ পূৰ্বে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ কোনে ৰাজনীতি কৰিব বিচাৰিছিল ? জুবিনক জীৱিতকালতে সন্মান কৰিব নোৱৰা লোকে মৃত্যুৰ পাছত কিয় জুবিনক লৈ ৰাজনীতি কৰিছিল ? ইয়াৰ উত্তৰ এটা শব্দত প্ৰকাশ কৰা কঠিন ৷ কিন্তু চলিত অসম বিধানসভাৰ অধিৱেশনৰ মঙলবাৰে জুবিন গাৰ্গৰ প্ৰসংগৰে বিৰোধীক কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
চলিত বিধানসভা অধিৱেশনত জুবিন গাৰ্গৰ প্ৰসংগ উল্লেখ কৰি মঙলবাৰে সদনত মুখ্যমন্ত্রী শৰ্মাই কয়, "এইবাৰৰ নিৰ্বাচনত আছিল মায়াবিনী আৰু দয়াবিনী । জুবিনৰ গান, শিল্প আৰু জীৱনে অজস্ৰ যুৱক-যুৱতীক যুগে যুগে প্ৰভাৱিত কৰি থাকিব । আজি জুবিনক লৈ ৰাজনীতি কৰাসকলে যেতিয়া এসময়ত জুবিনক সমালোচনা কৰিছিল তেতিয়া ব্যক্তিগতভাবে মই তেওঁৰ লগত সদায় থিয় হৈ আছিলো । মই সদায় কৈছিলো জুবিন অসমৰ সম্পদ । নিৰ্বাচনৰ আগত দুখন সমাজৰ সৃষ্টি হৈছিল, জুবিনক জীৱিতকালত সন্মান কৰা আৰু মৃত্যুৰ পাছত ব্যৱহাৰ কৰিব বিচৰা লোক ।"
তেওঁ লগতে কয়,"জীৱিত অৱস্থাত কঠোৰ ভাষাৰে সমালোচনা কৰাসকলে নিৰ্বাচনৰ সময়ত জুবিনৰ সমাধিত গৈ ৰাজনীতি কৰিছিল । দুখৰ বিষয় যে তেওঁলোকৰ মুখত মায়াবিনী ওলোৱা নাছিল, ওলাইছিল দয়াবিনী । বাংলাদেশৰ পৰা গায়ক অনা সমষ্টিৰ লোকসকল নিশাৰ ভিতৰতে জুবিন গাৰ্গৰ সমৰ্থক হৈ গ'ল । বৰপেটাৰ বহু অঞ্চলত জুবিনৰ অনুষ্ঠান হোৱা নাছিল যদিও সমাধিলৈ বাছে বাছে মানুহ আহিছিল। আমি মায়াবিনীসকল ক'ৰবাত পিছুৱাই গ'লো আৰু দয়াবিনীসকল আগুৱাই গ'ল । দয়াবিনীয়ে সমাধিক্ষেত্র দখল কৰি ল'লে । কিন্তু এতিয়া কোনো নাই ।"
মুখ্যমন্ত্রীৰ এই বক্তব্যৰ পাছতে বিৰোধীৰ কেইজনমান বিধায়ক সৰৱ হৈ পৰে ৷ জুবিন গাৰ্গে বৰপেটাত অনুষ্ঠান কৰাৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্রীক সমাজখন ভাগ ভাগ নকৰাৰ বাবে আহ্বান জনায় বিৰোধী বিধায়কে । কিন্তু বিৰোধীক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্রীয়ে কয়, "ভাগ কৰাই মোৰ কাম । মই ভাগ কৰো । প্ৰকৃত অসমীয়া আৰু বাংলাদেশী । দুটা ভাগ আমি কৰিয়েই থাকিম । আপোনালোকে ইউচিচিক সমৰ্থন কৰক ।"
নাম উল্লেখ নকৰাকৈ কংগ্ৰেছক টাৰ্গেট কৰি মুখ্যমন্ত্রীয়ে কয়, "এটা ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গক লৈ আহিলে । নিৰ্বাচনৰ দিনা টেবুলত জুবিনৰ ফটো লগাই দিয়া হ'ল । নিৰ্বাচনৰ আগত এটা বিশেষ ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ সন্মুখত জুবিনৰ ফটো লগাই দিয়া হ'ল । অসমৰ ৰাইজে কি উত্তৰ দিলে । জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব, জুবিন গাৰ্গ ৰাইজৰ সম্পত্তি । এনে এক দুৰ্ভাজনক অৱস্থালৈ লৈ গৈছিল । কিমান তললৈ যাব পাৰে, ৰৈ ৰৈ বিনালেৰ ঠাইত ৰৈ ৰৈ কেতেকী হ'ল । এই নিৰ্বাচনে আমাক দুটা কথা শিকাই গ'ল ।"
তেওঁ লগতে কয়,"অসমৰ মানুহে জাতীয় জীৱনৰ সিংহপুৰুষসকলক লৈ কৰা ৰাজনীতিক কেতিয়াও মানি নলয় । জুবিন গাৰ্গৰ নামত মুখ্যমন্ত্রী হোৱাৰ সপোন দেখিব নালাগে । অসমৰ ৰাইজে দেখুৱাই দিলে । ১৯ জনলৈ নমাই দিলে আৰু ১৮ জনেই এটা বিশেষ সম্প্ৰদায়ৰ। নিৰ্বাচনে আমাক শিকাই থৈ গ'ল । লগতে শিকাই থৈ গ'ল যে ৰাজনীতি কৰা মানুহৰ কেতিয়াও অহংকাৰ হ'ব নালাগে । লোকসভাত জিকি গৌৰৱ আৰু অহংকাৰ হোৱা বাবে বিধানসভাতে হৰুৱাই দিলে ।"
লগতে পঢ়ক:হিন্দুৰ চেতনাক সন্মান জনাই ঈদত গৰু কোৰবানী নিদিব: সদনৰ পৰা মুখ্যমন্ত্ৰীৰ আহ্বান

