ETV Bharat / state

আমিনগাঁও ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ, বুজ ল’লে নিৰ্মীয়মান কাম-কাজৰ

আমিনগাঁৱত নিৰ্মীয়মান ক্ৰিকেট ষ্টেডিয়ামখনত একেলগে বিশ হাজাৰ লোকে বহি খেল উপভোগ কৰিব পাৰিব ৷

Amingaon Sports Complex
আমিনগাঁও ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী (ANI)
author img

By ANI

Published : July 13, 2026 at 2:09 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আমিনগাঁৱত নিৰ্মীয়মান ক্ৰিকেট ষ্টেডিয়াম আৰু উচ্চমানৰ সাঁতোৰ প্ৰশিক্ষণৰ উপযোগী ছুইমিং পুল নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় ৷ আমিনগাঁৱত নিৰ্মীয়মান ক্ৰিকেট ষ্টেডিয়ামখনত একেলগে বিশ হাজাৰ লোকে বহি খেল উপভোগ কৰিব পাৰিব ৷ আমিনগাঁওস্থিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতা কেন্দ্ৰৰ সমীপতে নিৰ্মাণ কৰি থকা হৈছে ক্ৰিকেট ষ্টেডিয়াম আৰু ছুইমিং পুল ৷

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে অহা কেইমাহমানৰ ভিতৰতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব ক্ৰিকেট ষ্টেডিয়ামখনৰ ৷ এই ষ্টেডিয়ামৰ সমীপত থকা ৰে’ল বিভাগৰ ভূমি ৰাজ্য চৰকাৰে লীজত লোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ সেই ভূমিত বহুমহলীয়া গাড়ী পাৰ্কিং ব্যৱস্থা নিৰ্মাণ কৰা হ’ব ৷

আনহাতে, ব্যৱহাৰৰ বাবে সাজু হৈ উঠা ছুইমিং পুলটোৰ কাষতে সাঁতোৰ আৰু বেডমিণ্টন খেলুৱৈৰ বাবে এশখন বিচনাযুক্ত হোষ্টেল আৰু ক্ৰিকেট খেলুৱৈ তথা প্ৰশিক্ষকৰ বাবে দুশ ব্যক্তি থাকিব পৰা আন এটা হোষ্টেল নিৰ্মীয়মান অৱস্থাত আছে ৷ আমিনগাঁৱত নতুন ক্ৰীড়া আন্তঃগাঁথনিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লগতে এই নতুন প্ৰকল্পটোতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে মু্খ্যমন্ত্ৰীয়ে ৷

তেওঁ লগতে কয় যে ছুইমিং পুলটোৰ পৰিচালনাৰ দায়িত্ব ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ওপৰত ন্যস্ত কৰা হ’ব ৷ ৪০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে সাঁতোৰৰ উন্নতমানৰ প্ৰশিক্ষণ ল’ব পৰাকৈ এই ছুইমিং পুলটো নিৰ্মাণ কৰা হৈছে আৰু ইয়াত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰা যাব ৷ মুখ্যমন্ত্ৰীয়ে লগতে হোষ্টেল কেইটাৰ নিৰ্মাণকাৰ্যৰো বুজ লয় ৷ তদুপৰি তেওঁ বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতা কেন্দ্ৰটোও পৰিদৰ্শন কৰে ৷

সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমৰ এক বিশ্বমানৰ ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পৰিসৰত ইতিমধ্যে আৰম্ভ হোৱা বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰৰ লগতে উচ্চমানৰ প্ৰশিক্ষণৰ বাবে নিৰ্মিত ছুইমিং পুলটোও খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে । ২০,০০০ আসনযুক্ত ক্ৰিকেট ষ্টেডিয়ামখন অহা বৰ্ষৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে । একে সময়তে ১০০খন বিছনাযুক্ত হোষ্টেলৰ লগতে ক্ৰিকেট খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ বাবে আন এখন আধুনিক হোষ্টেল নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে ।

এই সমন্বিত ক্ৰীড়া আন্তঃগাঁথনিয়ে অসমৰ উদীয়মান প্ৰতিভাসমূহক বিশ্বমানৰ প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজনৰ বাবে ৰাজ্যখনক এক শক্তিশালী গন্তব্যস্থান হিচাপে গঢ়ি তুলিব । এই সময়তে আমিনগাঁৱৰ পৰিদৰ্শন বাংলোটো পৰিদৰ্শন কৰি ইয়াক অধিক সুন্দৰ, আধুনিক আৰু আকৰ্ষণীয় ৰূপত গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় কিছু পৰামৰ্শ আগবঢ়াওঁ ।’’

লগতে পঢ়ক: আগন্তুক পাঁচ বছৰত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ হ’ব যুঁজ : মুখ্যমন্ত্ৰীৰ ঘোষণা