আলফা (স্বা)ৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী, তদন্তত নামিছে সেনা-আৰক্ষী
জাগুনৰ আৰক্ষীৰ শিবিৰত আলফা স্বাধীনে কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে সেনা-আৰক্ষীয়ে ৷

Published : March 22, 2026 at 4:15 PM IST
হাফলং : নিৰ্বাচনৰ প্ৰাকক্ষণত তিনিচুকীয়াৰ জাগুনৰ অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত আলফা স্বাধীনে কৰা আক্ৰমণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ৷ জাগুনৰ আৰক্ষীৰ শিবিৰত আলফা স্বাধীনে কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
তেওঁ কয়, "আৰক্ষীৰ শিবিৰত এনে আক্ৰমণৰ ঘটনা নিন্দনীয় । এই ঘটনা সংগঠিত হোৱাৰ পিছতে সেনাবাহিনী আৰু আৰক্ষীয়ে আলফা স্বাধীনৰ বিৰুদ্ধে তীব্ৰতৰ কৰিছে অভিযান ৷ শীঘ্ৰেই এই ঘটনাৰ সৈতে জড়িতসকলক সেনা আৰু আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব ৷"
উল্লেখ্য যে, হাফলং সমষ্টিত বিধায়িকা নন্দিতা গাৰ্লোচাক টিকটৰ পৰা বঞ্চিত কৰি ৰূপালী লাংথাচাক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ পাছতে হাফলঙৰ দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
দেওবাৰে, হাফলংত উপস্থিত হাফলং সমষ্টিত বিধায়িকা নন্দিতা গাৰ্লোচাক টিকটৰ পৰা বঞ্চিত কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "বৰ্তমান ১৮ জন বিধায়কৰ টিকট কৰ্তন হৈছে ৷ আমাৰো টিকট কৰ্তন হ'ব পাৰে ৷ দলে যি সিদ্ধান্ত লয় সেয়া হ'ব ৷ নিৰ্বাচনৰ পাছতে টিকট কৰ্তন হোৱা বিধায়কসকলক ভাল সংস্থাপন দিয়াৰ চেষ্টা কৰা হ'ব ৷ টিকত কৰ্তনৰ বাবে বেয়া পাব নালাগে ৷ বৰং দলৰ স্বাৰ্থত আনন্দৰে কাম কৰিব লাগে ।''
ইফালে হাফলং সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপালী লাংথাচাক অভিনন্দন জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়, "বিজেপি চৰকাৰ অহাৰ পিছতে ডিমা হাছাও জিলাত শান্তি ঘূৰি আহিছে ৷ ইয়াত ব্যাপক উন্নয়ন হৈছে । তাৰ বাবে ডিমা হাছাও জিলাৰ ৰাইজক আকৌ এবাৰ বিজেপিক ভোট দান কৰাৰ আহ্বান জনাইছো ৷"
এইবাৰ নিৰ্বাচনত এন ডি এ কিমান আসন পাব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এইবাৰ নিৰ্বাচনত ৰাজ্যত এন ডি এয়ে ১০৪ খন আসন পোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু এতিয়াও বিজেপিয়ে নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰা নাই ৷ ২৩ মাৰ্চ মনোনয়ন পত্ৰ জমা দিয়াৰ শেষ দিন ৷ ২৪ মাৰ্চৰ পৰা ৰাজ্যত প্ৰচাৰ অভিযান আৰম্ভ কৰিব ৷ তাৰ পিছতহে বিজেপি দলে কিমান আসনত জয়লাভ কৰিব সেয়া নিশ্চিত হ'ম ৷"
জিলাখনৰ দল সংগঠনৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য, পৰিষদৰ সদস্য আৰু জিলা বিজেপিৰ নেতা কৰ্মীৰ লগত এক আলোচনাতো মিলিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে সংবিধানৰ ১২৫ নম্বৰ বিধেয়ক সংশোধন হোৱাৰ পিচতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ২৮ খন আসন বৃদ্ধি কৰি ৪০ খন কৰা হ'ব ৷
ইয়াৰে ১২ খন আসন বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিৰ বাবে সমান ভাবে আৱণ্টন কৰা হ'ব ৷ ডিমা হাছাও জিলাক দুই ভাগ কৰা হ'ব ৷ এই সন্দৰ্ভত আলোচনা কৰা হৈছে দল সংগঠনৰে ৷
নিৰ্বাচনৰ পিছতে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদ আৰু সকলো পক্ষৰ লগতে কথা পাতি দুখন জিলালৈ বৃদ্ধিৰ ব্যৱস্থা কৰা হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷
লগতে পঢ়ক: জাগুনৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফাৰ (স্বাঃ)ৰ, অভিযানৰ নাম দিলে অপাৰেচ বুজনি

