চৰকাৰে নিৰ্ধাৰণ কৰা দামত সামগ্ৰী বিক্ৰী নকৰিলে বাতিল হ'ব অনুজ্ঞা, মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী
অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত বিশেষ বৈঠক ৷ মূল্যবৃদ্ধিক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

Published : May 18, 2026 at 6:10 PM IST
হায়দৰাবাদ: ৰাজ্যত হোৱা আকাশলংঘী মূল্যবৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে ৷ অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷ সেই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে ৷
পেট্ৰ'ল-ডিজেলৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি যাতে বজাৰত অসাধু চক্ৰই অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনক কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰিছে ৷
এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আজি এক গুৰুত্বপূর্ণ বৈঠকৰ জৰিয়তে ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰো । বজাৰৰ সন্তুলন ব্যৱস্থা অব্যাহত ৰখা আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ নির্দেশনা প্রদান কৰা হৈছে ৷
সেই সমূহৰ ভিতৰত আছে, "জিলা আয়ুক্তৰ নেতৃত্বত ৩-৪ দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠক আহ্বান ৷ সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা আৰু পাইকাৰি মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক, অস্বাভাৱিক মূল্যৰ ক্ষেত্রত ট্রেড লাইচেঞ্চ বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷"
তেওঁ লগতে কয়,"জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাবোৰৰ মাজত সাপ্তাহিক পর্যালোচনা বৈঠক, অস্বাভাৱিক মূল্যবৃদ্ধি ধৰা পেলোৱা আৰু প্ৰতিৰোধৰ বাবে তীব্ৰতৰ ক্ষেত্র পর্যায়ৰ নিৰীক্ষণ আৰু এলপিজি চিলিণ্ডাৰ বিতৰণত আসোঁৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজন কৰা আদি ৷ আমি সদায় ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব প্রদান কৰি আহিছো আৰু ইয়াক প্রাধান্য দিয়ে প্রতিটো ক্ষেত্রত আমি দৃঢ়তাৰে কাম কৰি যাম।"
লগতে পঢ়ক:খেতিৰ মাটি কমিলেও বাঢ়িছে উৎপাদন: ধানৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ দিশে অসম

