মুখ্যমন্ত্ৰীৰ প্ৰশ্ন? ৰাস্তাৰ গাঁত আৰু টোলগেটক লৈ বিতৰ্ক কৰিলে নহ'ব, গাড়ীৰ স্পীডৰ কথাটো কিয় নকয় ?
টোলগেট-গাঁতৰ কাৰণে নহয়, গাড়ীখনৰ স্পীড ১০০-১২০ কিঃমিঃ আছিল ৷ ক্ষেত্ৰীৰ দুৰ্ঘটনাক লৈ পুনৰ এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Published : September 2, 2026 at 4:54 PM IST
|Updated : September 2, 2026 at 5:55 PM IST
হায়দৰাবাদ : "সকলো কথাতে একপক্ষীয় হ'ব নালাগে, একপক্ষীয় প্ৰশ্নও কৰিব নালাগে ৷" ক্ষেত্ৰীৰ দুৰ্ঘটনাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ ৷ বুধবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
ক্ষেত্ৰীৰ দুৰ্ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়,"সেইদিনাখনৰ দুৰ্ঘটনা কেৱল টোলগেটৰ কাৰণে নহয় ৷ ড্ৰাইভাৰজনে কিমান স্পীডত গাড়ী চলাইছিল তাকো আমি চাব লাগিব ৷ মই নিজে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছিলো ৷ তেওঁ ডিভাইডাৰত খুন্দা মাৰি ৰাস্তাৰ সিপাৰে পৰিছে ৷"
HCM Dr @himantabiswa expressed deep concern over road safety and road repair works, particularly in view of some recent incidents. pic.twitter.com/VW7XWbSEKw
— Chief Minister Assam (@CMOfficeAssam) September 2, 2026
তেওঁ লগতে কয়,"ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ কিমান ডাঙৰ থাকে ? সেই ডিভাইডাৰটো অতিক্ৰম কৰি ৰাস্তাৰ আনফালে পাইছে, গাড়ীখনৰ স্পীডটো আপোনালোকে চাব লাগিব ৷ গাঁতটো ময়ো চাইছো, কিন্তু গাড়ীখনৰ স্পীড ৮০ কিঃমিঃ হোৱা হ'লে কিছু ক্ষতি হ'লেহেতেন ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ পাৰ হৈ ৰাস্তাৰ সিপাৰে পৰিছে, তেন্তে চিন্তা কৰক গাড়ীখনৰ স্পীড কিমান আছিল ? কমেও ১০০-১২০ কিঃমিঃ স্পীডত আছিল ৷"
দুৰ্ঘটনা কেৱল এটা কাৰণতে হোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "গাঁত এটা পালো কাৰণে তাকে গালি পাৰি থাকিম সেইটো নহ'ব ৷ ৰাজ্যত প্ৰতিদিনে দুৰ্ঘটনা হৈ আছে ৷ হেলমেট পিন্ধিবলৈ ক'লেও বেয়া পায়, গাড়ীখন স্পীডত চলাবলৈ মানা কৰিলেও বেয়া পায়, সুৰা সেৱন কৰি গাড়ী চলাবলৈ বাধা দিলেও বেয়া পায় ৷ ৰাজ্যৰ যদি দুৰ্ঘটনাৰ বিষয়ে আলোচনা কৰিবলগীয়া হয় তেন্তে সকলো আলোচনা কৰাৰ প্ৰয়োজন আছে ৷"
তেওঁ লগতে কয়, "কেৱল গাঁতকেইটাই নহয়, সাংবাদিকে এইটো প্ৰশ্ন কৰিব লাগিব যে হেলমেট পিন্ধা, নিৰ্দিষ্ট স্পীডত গাড়ী চলোৱা, নাইট চুপাৰৰ মালিকসকলে দুই-তিনিজন ড্ৰাইভাৰ ৰখা, সুৰা সেৱন কৰি গাড়ী চলোৱা আদিৰ ওপৰত প্ৰশ্ন কৰিব লাগে ৷ দুৰ্ঘটনাৰ বাবে কেৱল গাঁত আৰু টোলগেটক লৈ বিতৰ্ক কৰিলে নহব ৷ মই ভাবো সকলো কথাতে একপক্ষীয় হ'ব নালাগে, সামগ্ৰিক দিশ বিবেচনা কৰিব লাগে ৷"
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ বিষয়ে সাংবাদিকে প্ৰশ্ন নকৰা সন্দৰ্ভত তেওঁ কয়, "এতিয়ালৈকে এজনেও প্ৰশ্ন কৰা নাই যে, গাড়ীখনৰ স্পীড কিমান আছিল ? ৰাষ্ট্ৰীয় ঘাইপথৰ যি ডিভাইডাৰ মানুহে পাৰ হ'ব নোৱাৰে তেনেক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথৰ আনফালে গৈ ট্ৰাকক খুন্দা মাৰিছে, সেই কথাটো আমি কিয় চৰ্চা কৰা নাই ৷"
আনহাতে ক্ষেত্ৰীত সংঘটিত পথ দুৰ্ঘটনাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দায়িত্ব ল'ব লাগিব আৰু পথ মেৰামতিৰ প্ৰয়োজনীয়তাও আছে বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ তেনেস্থলত দেৰগাঁৱত মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনাৰ সন্দৰ্ভত বুধবাৰে কৰা মন্তব্যই তাৎপৰ্য বহন কৰিছে ৷
লগতে পঢ়ক:ক্ষেত্ৰীৰ পথ দুৰ্ঘটনাৰ বাবে এনএইচএআই কৰ্তৃপক্ষই দায়িত্ব ল'ব লাগিব : মুখ্যমন্ত্ৰী

