ব্লাইণ্ড ক্ৰিকেটাৰ চিমু দাসক ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিব চৰকাৰে: কেবিনেটে ল'লে সিদ্ধান্ত
বড়োভূমিলৈ ২৫০ কোটি ৷ এমেণ্ডমেণ্ট অৱ দ্য আছাম ফিক্সেচন অৱ চিলিং অৱ লেণ্ড হল্ডিংছ ৰুল ১৯৫৭ ক অনুমোদন ৷

Published : December 18, 2025 at 8:44 PM IST
গুৱাহাটী : ইণ্ডিয়ান উইমেন ব্লাইণ্ড ক্ৰিকেট দলত অংশ গ্ৰহণ কৰি বিশ্বকাপত জয়ী হোৱা চিমু দাসক যুৱ কল্যাণ সঞ্চালকালয়ত ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিব চৰকাৰে ৷ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ৷
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ আজিৰ কেবিনেটে আৰু কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ।
Chaired a key #AssamCabinet meeting. Sharing highlights of the deliberations https://t.co/xExK79x4qn
— Himanta Biswa Sarma (@himantabiswa) December 18, 2025
মুখ্যমন্ত্রীয়ে কয়, "ইণ্ডিয়ান উইমেন ব্লাইণ্ড ক্ৰিকেট দলত অংশ গ্ৰহণ কৰি বিশ্বকাপত জয়ী হোৱা চিমু দাসক কেবিনেটে যুৱ কল্যান সঞ্চালকালয়ত ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । আজিৰ কেবিনেটে বড়োলেণ্ডলৈ ২৫০ কোটি টকা আগবঢ়ায় । আনহাতে চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি শ্ৰমিকসকলক দিয়াৰ বাবে আছাম লেণ্ড চিলিং এক্ট বিধানসভাত অনুমোদন জনোৱা হৈছিল । বিধানসভাত অনুমোদন জনোৱাৰ পাছত ৰাজ্যপালে সন্মতি প্ৰদান কৰিছে । এই আইনখন কাৰ্যকৰী কৰাৰ বাবে ৰুল প্ৰস্তুত কৰা হ'ব । ইয়াৰ বাবে আজিৰ কেবিনেটে এমেণ্ডমেণ্ট অৱ দ্য আছাম ফিক্সেচন অৱ চিলিং অৱ লেণ্ড হল্ডিংছ ৰুল ১৯৫৭ খনক অনুমোদন জনায় । ইয়াত ১৮ (এ) আৰু ১৮ (বি) ৰুল সংযোজন কৰা হৈছে আৰু এই দুটা ৰুলৰ জৰিয়তে জিলা আয়ুক্তসকলক চিলিঙত যোৱা মাটিখিনি চৰকাৰলৈ হস্তান্তৰ কৰি পৰৱৰ্তী সময়ত শ্ৰমিকলৈ হস্তান্তৰ কৰাৰ অধিকাৰ দিয়া হৈছে । ইয়াৰ ফলত ভূমি অধিগ্ৰহণৰ ক্ষেত্রত জিলা আয়ুক্তসকল আগবাঢ়ি যাব পাৰিব ।"
In today's meeting of the #AssamCabinet, we resolved to
— Himanta Biswa Sarma (@himantabiswa) December 18, 2025
✅Approve land transfer for Namrup Ammonia-Urea project
✅Honour cricketer Simu Das' achievements
✅Allot land transfer to indigenous people
✅Approved land transfer for CRPF GC
✅Notify 2 new PRFs pic.twitter.com/iKYmWr60jm
কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "ধেমাজি জিলাৰ কাৰেং চাপৰিত চি আৰ পি এফে এটা নতুন গ্ৰুপ চেণ্টাৰ খুলিব খুজিছে । খানাপাৰাত থকা ধৰণে ধেমাজিত চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰ খোলাৰ বাবে কেবিনেটে ৬০৭ বিঘা ভূমি আৱণ্টন দিয়ে । ইয়াৰ উপৰি মিছন বসুন্ধৰাৰ জৰিয়তে লখিমপুৰ, কামৰূপ, বৰপেটা, গোৱালপাৰা, ধুবুৰী আৰু দৰঙৰ ২২৪ টা আৰু ৮৪ টা পৰিয়াললৈ ভূমিৰ আৱণ্টন দিয়া হয় । ২১ ডিচেম্বৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী নামৰূপলৈ আহিব আৰু আছাম ভেলী ফাৰ্টিলাইজাৰ ক'ৰ্পৰেচনৰ এম'নিয়া আৰু ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । তাৰ বাবে নতুন ফেক্টৰী স্থাপন কৰিবৰ বাবে প্ৰয়োজনীয় ভূমিৰ আৱণ্টন দিয়া হয় । কেবিনেটত আজি ইয়াৰ অনুমোদন জনোৱা হয় । এই প্ৰকল্পটো দুই হাজাৰ কোটি টকাৰ আৰু প্ৰকল্পটো হওতে তিনি-চাৰি বছৰ সময় লাগিব ।"
ইফালে গৰিমা শইকীয়া গাৰ্গক বিজেপিয়ে টিকট দিব বুলি চলা প্ৰচাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "গৰিমা শইকীয়া গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনৈতিক কথা-বতৰা পতা নাই । গৰিমা গাৰ্গে নিৰ্বাচন খেলাক লৈ অপপ্ৰচাৰ চলোৱা হৈছে । এনে কৰাটো ভুল । গৰিমা গাৰ্গৰ লগত ৰাজনৈতিক কথা পতাটো উচিতো নহয় ।’’

