ETV Bharat / state

জনতাৰ সেৱা অধিক দ্ৰুত হ’ব : এতিয়াৰে পৰা একেখন ছাদৰ তলতে জলসিঞ্চন, জনস্বাস্থ্য, জলসম্পদ, লোক নিৰ্মাণ বিভাগ

জনতা ভৱনৰ ব্লক-বিত নতুন প্ৰশাসনিক ভৱন উদ্বোধন ৷

Dispur new Blok B inaugurated
জনতা ভৱনৰ ব্লক-বিত নতুন প্ৰশাসনিক ভৱন উদ্বোধন (Jayanta Malla Baruah's FB post)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 10:50 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : গুৱাহাটী বা ৰাজ্যবাসীৰ বাবে এটা বিশেষ খবৰ ৷ জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বন্যা নিয়ন্ত্ৰণ/জলসম্পদ নাইবা লোক নিৰ্মাণ বিভাগত যদি কোনো কাম থাকে, তেন্তে এতিয়াৰে পৰা চান্দমাৰীত নহয়, আপুনি যাব লাগিব বেতকুছিলৈ ৷ কাৰণ বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে জনতা ভৱনৰ ব্লক - বিত নিৰ্মিত নতুন বহুতলীয়া প্ৰশাসনিক ভৱন ৷

অসমৰ প্ৰশাসনিক ব্যৱস্থাক অধিক সুশৃঙ্খল আৰু সমন্বিত ৰূপ দিবলৈ ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বহুদিন ধৰি পৰিকল্পিত এই আধুনিক ভৱনটো G+4 আকাৰত নিৰ্মাণ কৰা হৈছে ৷ য’ত জলসিঞ্চন, বন্যা নিয়ন্ত্ৰণ/জলসম্পদ, লোক নিৰ্মাণ বিভাগ (PWD) আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHE)- মুঠ চাৰিটা গুৰুত্বপূৰ্ণ বিভাগে একেটা স্থানতে স্থান পাইছে ।

জনতা ভৱনৰ ব্লক-বিত নতুন প্ৰশাসনিক ভৱন উদ্বোধন (ETV Bharat Assam)

উল্লেখ্য যে, এই নতুন প্ৰশাসনিক ভৱনে ৰাজ্যৰ শাসন-প্ৰশাসনত এক নতুন অধ্যায় সূচাব বুলি ধাৰণা কৰা হৈছে । একাধিক বিভাগ একেলগে থকাৰ ফলত সাধাৰণ জনতাৰ সেৱা প্ৰদান ব্যৱস্থা অধিক দ্ৰুত, সুলভ আৰু সুশৃঙ্খল হ’ব বুলি সংশ্লিষ্ট মহলে আশা ব্যক্ত কৰে ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, “এই ভৱন বহু আগতেই পৰিকল্পিত আছিল । কিছুমান অনিবাৰ্য পৰিস্থিতিৰ বাবে দেৰি হ’লেও অৱশেষত সমস্যাটোৰ সমাধান হ’ল । ইয়াৰ ফলত বিভাগসমূহৰ মাজত অধিক সমন্বয় আৰু কাৰ্যক্ষমতা বৃদ্ধি পাব । নতুন কমপ্লেক্সে আগৰ দৰে হোৱা স্থান সংকুলান সমস্যা আৰু ভিৰ-ভাট্টা যথেষ্ট হ্ৰাস কৰিব ৷’’

চান্দমাৰীত অৱস্থিত পুৰণি জলসিঞ্চন দপ্তৰৰ ভৱনৰ ভৱিষ্যৎ ব্যৱহাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “চান্দমাৰী দপ্তৰটোৰ বাবে প্ৰথমে এটা উদ্যান স্থাপন কৰাৰ চিন্তা হৈছিল । দ্বিতীয় পৰিকল্পনা আছিল নতুন ফ্লাইঅ’ভাৰৰ সৈতে সংযোগ কৰা । কিন্তু এতিয়ালৈকে কোনো সিদ্ধান্ত চূড়ান্ত কৰা হোৱা নাই । অধিকাংশ ডাইৰেক্টৰেটক ISBT কাষৰীয়া অঞ্চল আদি অন্য ঠাইলৈ স্থানান্তৰ কৰা হ’ব ।”

পাৰ্কিং ব্যৱস্থা সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সুবিধা আৰু মনোভাৱৰ কথা উল্লেখ কৰি কয়, “মেচিন-ভিত্তিক পাৰ্কিং আমাৰ মানুহে সিমান পচন্দ নকৰে । শ্ৰদ্ধাঞ্জলি কাননৰ মেচিন পাৰ্কিং ব্যৱহাৰ কৰিবলৈ বহুতে আগ্ৰহী নহয় । সেয়ে GMDA-ক মেচিনসমূহ আঁতৰাবলৈ অনুৰোধ জনাইছো ।”

গুৱাহাটী পৌৰ নিগমৰ (GMC) প্ৰশাসনিক ব্যৱস্থাক অধিক সুসংগঠিত আৰু কেন্দ্ৰীভূত কৰাৰ লক্ষ্যৰে বেটকুছিত নৱ নিৰ্মিত পৌৰ সেৱা ভৱনটো নিৰ্মাণ কৰা হৈছে ৷ প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পাঁচমহলীয়া আধুনিক কাৰ্যালয় ভৱনটোৱে এতিয়াৰ পৰা GMC-ৰ সকলো গুৰুত্বপূৰ্ণ কাম-কাজৰ মুখ্য কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ এই অনুষ্ঠানত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, পাৰিষদসকল, GMC-ৰ উচ্চপদস্থ বিষয়া আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰীয়ে ভৱনটোৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি অবকাঠামো আৰু সুবিধাসমূহৰ বিৱৰণ লয় ।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘নতুন পৌৰ সেৱা ভৱনটোৱে GMC-ৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব । মেয়ৰ আৰু কমিচনাৰ একেলগে এই কাৰ্যালয়ৰ পৰাই দায়িত্ব পালন কৰিব । কাষতে ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট ভৱনো নিৰ্মাণ হৈ আছে, যাৰ ফলত বিভিন্ন দপ্তৰৰ মাজত সমন্বয় অধিক সুদৃঢ় হ’ব ।”

নতুন কাৰ্যালয়টোৱে নাগৰিকসকললৈ আগবঢ়োৱা সেৱাসমূহ অধিক তৎপৰ আৰু স্বচ্ছভাৱে আগবঢ়োৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে । প্ৰশাসনিক একত্ৰীকৰণৰ ফলত সিদ্ধান্ত গ্ৰহণ, নথিপত্ৰ প্ৰক্ৰিয়া আৰু নাগৰিক সেৱা প্ৰদানত গতি আহিব বুলি চৰকাৰী মহলে জানিবলৈ দিয়ে । এই আধুনিক ভৱনৰ উদ্বোধনে গুৱাহাটীৰ নগৰ শাসন ব্যৱস্থাত এক নতুন অধ্যায় সূচনা কৰিলে বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণ : ডেৰ লাখ জনসমাগমৰ বাবে হাগ্ৰামা-জয়ন্ত মল্লৰ উপস্থিতিত মন্ত্ৰণা

লগতে পঢ়ক :এ ডি আৰ ই : সংৰক্ষিত পদত ভুৱা নথিপত্রৰে চাকৰি ল'লে কোনে কোনে ? চৰকাৰৰ তদন্ত ঘোষণা