মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিলে এডভাণ্টেজ আছাম ২.০ৰ খতিয়ান
এডভাণ্টেজ আছাম ২.০ৰ সন্দৰ্ভত সামাজিক মাধ্যমত বিশেষ পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Published : May 17, 2026 at 9:39 PM IST
গুৱাহাটী: বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৫ আৰু ২৬ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হৈছিল এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ । সেই বিশাল বিনিয়োগ সন্মিলনত সমবেত হৈছিল দেশ-বিদেশৰ বহু বিনিয়োগকাৰী । আনহাতে এডভাণ্টেজ আছামৰ যোগেদি বিনিয়োগৰ বাবে বহু চুক্তি হৈছিল । সেই চুক্তিসমূহৰ কিমান কাৰ্যকৰী হ'ল তথা কিমান বিনিয়োগ অসমত হ'ল বা নহ'ল এই প্ৰশ্ন আপুনি উত্থাপন কৰাটো স্বাভাবিক ৷ পিছে এই প্ৰশ্নৰ উত্তৰ দিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
দেওবাৰে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে এডভাণ্টেজ আছাম ২.০ৰ প্ৰসংগত কেতবোৰ তথ্য দাঙি ধৰে । মুখ্যমন্ত্রী শৰ্মাই কয়, "২০২৫ৰ প্ৰথমাৰ্ধতে অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ত আমি লাভ কৰিছিলো ৫ লাখ কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি । সেই প্ৰতিশ্ৰুতিসমূহৰ পূৰ্ণতা হিচাপে বুজাবুজি চুক্তি স্বাক্ষৰিত প্ৰকল্পসমূহৰ ৬০ শতাংশই ইতিমধ্যে ৰূপায়ণৰ উন্নত পৰ্যায়ত আছে । ইতিমধ্যে বহুকেইটা বিনিয়োগ প্রতিশ্রুতি কাৰ্যকৰী হৈছে । সামগ্ৰিকভাৱে বিনিয়োগসমূহ সম্পূর্ণ বাস্তৱায়িত হ'লে নিশ্চিতকৈ এয়া অসমৰ বাবে যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব।"
From commitments to concrete progress 🏗#AdvantageAssam2 secured over ₹5 lakh crore in investments. Today, nearly 60% of projects are already in advanced stages, with several already operational.
— Himanta Biswa Sarma (@himantabiswa) May 17, 2026
A transformative milestone for a #ViksitAssam is now unfolding. pic.twitter.com/ZKR2niuBu4
উল্লেখ্য যে এডভাণ্টেজ আছাম ২.০ৰ যোগেদি ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছিল অসম চৰকাৰে । ইয়াৰে প্ৰায় ৩.১ লাখ কোটি টকা বিনিয়োগৰ বিভিন্ন প্ৰকল্প উন্নত পৰ্যায়ত আছে আৰু কিছু প্ৰকল্প ইতিমধ্যে কাৰ্যকৰী হৈছে । লক্ষণীয় বিষয় যে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিনিয়োগৰ বাবে হোৱা চুক্তিসমূহৰ ক্ষেত্রত কেবিনেটৰ যোগেদি অনুমোদন জনোৱা হৈছিল ।
চলিত বৰ্ষৰ মাৰ্চ মাহত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত 'এডভাণ্টেজ আছাম ২.০'ৰ যোগেদি অসম চৰকাৰে দেশৰ ৬৯টা আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীৰ সৈতে 'বিনিয়োগ নিশ্চিতকৰণ' চুক্তিত স্বাক্ষৰ কৰিছিল । সেই অনুষ্ঠানত বিনিয়োগৰ ২,৬৪,৩৮৯ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছিল । অসম চৰকাৰে বিগত সময়ত এডভাণ্টেজ আছাম ২.০ৰ যোগেদি তিনি লাখ কোটি টকাৰ বিনিয়োগ গ্ৰাউণ্ডলৈ আনিবলৈ সক্ষম হৈছে । সেই বিনিয়োগকাৰী সকলে নিজৰ পৰ্যায়ত ইতিমধ্যে কাম আৰম্ভ কৰিছে ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে সদৰি কৰিছিল যে ২০২৬ চনৰ ভিতৰত চৰকাৰখনে ৫ লাখ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰিলে আৰু ইতিমধ্যে সদৰি কৰা অনুসৰি এই বছৰৰ ভিতৰত চৰকাৰখনে এডভাণ্টেজ আছাম-২.০ৰ বিনিয়োগৰ সকলো চুক্তি কাৰ্যকৰী কৰিব।
লগতে পঢ়ক:ধৰ্মীয় সংখ্যালঘু লোকে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব : বসন্ত কুমাৰ গোস্বামী

