ETV Bharat / state

ৰাজ্যত প্ৰায় কুৰিখনৰো অধিক নতুন ৰাজহ চক্ৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, কেইবাটাও বিধানসভা সমষ্টিত গঠন কৰা হ'ব নতুনকৈ ৰাজহ চক্ৰ আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় ৷

ASSAM CM HIMANTA BISWA SARMA
ৰাজ্যত প্ৰায় কুৰিখনৰো অধিক নতুনকৈ হ'ব ৰাজহ চক্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 14, 2026 at 7:01 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যৰ বহুকেইটা সমষ্টিত নতুন ৰাজহ চক্ৰ আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় শীঘ্ৰে গঠন হ'ব। এই সপ্তাহৰ ভিতৰতে এই কাৰ্য সম্পন্ন হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।

চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত মঙলবাৰে মুখ্যমন্ত্রী শৰ্মাই সদনত এই কথা ঘোষণা কৰে। এই সন্দৰ্ভত মুখ্য়মন্ত্ৰীয়ে বিধানসভাত উল্লেখ কৰা লগতে বিধানসভাত থকা বিশেষ কক্ষত জিলা উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিদিঅ' কনফাৰেন্স মাধ্য়মত আলোচনা কৰে ৷

সদনত মুখ্যমন্ত্রীগৰাকীয়ে কয়, "সমষ্টি পুনৰ গঠনৰ পাছত পঞ্চায়তসমূহ পুনৰ গঠন হ'ল যদিও বহু কেইটা সমষ্টিত ৰাজহ চক্ৰ সমষ্টি ভিত্তিক হোৱা নাই । সেয়ে এটা সমষ্টিৰ ৰাজহ চক্ৰ বা ৰাজহ গাঁও আন এটা সমষ্টিৰ লগত জড়িত হৈ আছে । কিছুমান সমষ্টিত ৰাজহ চক্ৰ নাই । তাৰ পৰিপ্ৰেক্ষিতত সেইবোৰ কাষৰ সমষ্টিসমূহৰ লগত সংলগ্ন হৈ আছে ।"

মুখ্যমন্ত্রীয়ে কয়, "আমি বিটিচিৰ ক্ষেত্রত এই ব্যৱস্থা কৰা নাছিলো । কিন্তু আন ১০৫ টা সমষ্টিৰ ক্ষেত্রত আমি ব্যৱস্থা প্ৰাৰম্ভিক আৰম্ভ কৰিছিলো ।দুধনৈত বালিজানা ৰাজহ চক্ৰ আছে, কিন্তু তাতে গোৱালাপাৰা পূব সমষ্টিৰ গাঁওসমূহো জৰিত হৈ আছে । সেইদৰে বৰক্ষেত্রীত এখন পঞ্চায়ত বৰপেটা সমষ্টিৰ লগত জৰিত হৈ আছে । তেনেকে টিংখঙৰ গাঁও নাহৰকটীয়াৰ লগত জৰিত হৈ আছে । সেইবাবে আজি আমি প্ৰথম পৰ্যায়ত জিলা আয়ুক্ত সকলক দুদিনৰ ভিতৰত এটা আৰ্হি প্ৰস্তুতৰ বাবে নিৰ্দেশ দিছো ।"

তেওঁ লগতে কয়,"কোনো সমষ্টিৰ গাঁও যাতে এমএলএ অঞ্চলৰ বাহিৰত নাথাকে । যাতে ৰাজহ চক্ৰৰ বাবে কোনো এমএলএ নিজৰ সমষ্টিৰ বাহিৰত যাব নালাগে । আমি ক'তো ৰাজহ চক্ৰ উঠাই নলও । ক'ৰবাত যদি তিনিটা আছে তিনিটাই থাকিব । মাত্র গাঁওসমূহ ট্ৰান্সফাৰ হ'ব । যিবোৰ সমষ্টিত এটাও ৰাজহ চক্ৰ নাই তাৰ আমি তালিকা উলিয়াইছো ।"

ৰাজহ চক্ৰ নথকা সমষ্টিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়,"বৰপেটা জিলাৰ পকাবেতবাৰী আৰু চেঙা, বঙাইগাঁও জিলাৰ শ্ৰীজনগ্ৰাম, কাছাৰ জিলাৰ বৰখলা আৰু ধলাই, ধুবুৰী জিলাৰ বীৰছিংজাৰুৱা, ডিব্ৰুগড় জিলাৰ খোৱাং, গোৱালপাৰা জিলাৰ জলেশ্বৰ, কামৰূপ মহানগৰ জিলাৰ মধ্য গুৱাহাটী, লখিমপুৰ জিলাৰ নাওবৈচা, তিনিচুকীয়া জিলাৰ মাকুম, ডিগবৈ আৰু শোণিতপুৰ জিলাৰ ৰঙাপাৰা, বিশ্বনাথ চাৰিআলি আৰু বিহালী । এই সমষ্টি কেইটাত এটাও ৰাজহ চক্ৰ নাই । চৰকাৰে তৎকালীনভাৱে এই সমষ্টি কেইটাত এটা এটা ৰাজহ চক্ৰ দিয়াৰ বাবে সিদ্ধান্ত লোৱা হৈছে ।"

তেওঁ লগতে কয়,"পকাবেতবাৰী সমষ্টিৰ গোটেই গাঁও পকাবেতবাৰী ৰাজহ চক্ৰত আহিব । চেঙা সমষ্টিৰ গোটেই গাঁও চেঙা ৰাজহ চক্ৰত আহিব । ঠিক সেইদৰে গুৱাহাটীৰ পাঁচটা সমষ্টিত পাঁচটা ৰাজহ চক্ৰত পাঁচটা সমষ্টিৰ গাঁও আহিব । কোনো সমষ্টিতে অভাৰলেপিং নহ'ব । এই ব্যৱস্থা কৰাৰ পিছত কিছুমান সমষ্টি আৰু কিছুমান ৰাজহ চক্ৰ বহুত ডাঙৰ হৈ যাব । কিছুমান সমষ্টিৰ ৰাজহ চক্ৰ বহুত সৰু হৈ যাব যদিও পৰৱৰ্তী সময়ত সমষ্টিৰ ভিতৰতে সমানুপাতিকভাৱে গাঁওসমূহ প্ৰতিটো ৰাজহ চক্ৰত ভগাই দিয়া হ'ব । আমি কোনো সমষ্টিৰ পৰা কোনো ৰাজহ চক্ৰ উঠাই নলও ।"

তেওঁ গাঁওসমূহ ভাগ ভাগ কৰাৰ সন্দৰ্ভত কয়, "পঞ্চায়ত সীমা যিদৰে সমষ্টিৰ ভিতৰত তেনেদৰে ৰাজহ গাঁওবোৰো এতিয়া সমষ্টিৰ ভিতৰত হ'ব । বানপানীৰ পৰিপ্ৰেক্ষিতত এইটো গুৰুত্বপূৰ্ণ কাম । গতিকে এই সপ্তাহতে প্ৰথম পৰ্যায়টো শেষ কৰা হ'ব । দ্বিতীয় পৰ্যায়ত সমষ্টিৰ ভিতৰত গাঁও ভৰোৱা বা গাঁও ভগোৱা কাম আৰম্ভ কৰা হ'ব । আনহাতে প্ৰয়োজনত নতুন ৰাজহ চক্ৰ কৰা হ'ব ।"

লগতে পঢ়ক: এ পি ডি চি এলত ভূত ওলাইছে ! গৰাকী মৃত, মিটাৰৰ সংযোগো বিচ্ছিন্ন, বিল আহিল ২৪ হাজাৰ