ETV Bharat / state

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত সৰ্বদলীয় বৈঠকৰ বাবে হিমন্ত বিশ্ব শৰ্মাক আহ্বান গৌৰৱ গগৈৰ

শ্যামকানু মহন্তক বচাবৰ বাবে মুখ্যমন্ত্ৰীয়ে উঠি-পৰি লগাৰ অভিযোগ গৌৰৱ গগৈৰ ।

Assam CM has been trying to save Shyamkanu Mahanta says Gaurav Gogoi
গৌৰৱ গগৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 2, 2025 at 12:17 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : “অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰৰ কোনো আন্তৰিকতা নাই । আমি কংগ্ৰেছ দলে অসমৰ অন্যান্য জনজাতিৰ লোকসকলৰ ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা আৰু সা-সুবিধা লাভ কৰাতো বিচাৰো । কিন্তু মন্ত্ৰীগোটৰ প্ৰতিবেদনত বিভাজনৰ ৰাজনীতিহে প্ৰতিফলিত হৈছে ।” ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন সন্দৰ্ভত সোমবাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে ।

লোকসভাৰ শীতকালীন অধিৱেশনৰ বাবে দিল্লীত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয় যে অসমৰ আন আন জনজাতিৰ লোকৰ নেতৃত্বয়ো ৬ জনগোষ্ঠীয়ে জনজাতিৰ সা-সুবিধা লাভ কৰাতো বিচাৰিছে । তেনেস্থলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ জৰিয়তে ৬ জনগোষ্ঠীৰ মাজত বিভাজন অনাৰহে অপচেষ্টা চলাইছে ।

''অসমৰ মুখ্যমন্ত্ৰীৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কোনো সদিচ্ছা নাই । তেওঁ কেৱল বিভাজনৰ ৰাজনীতি কৰিব বিচাৰিছে আৰু জনজাতীয় লোকসকলৰ মাটি আদানি-আম্বানিক গতাই দিয়াৰ অভিসন্ধি ৰচিছে ।’’ শীতকালীন অধিৱেশনত ভাগ ল’বলৈ যোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সোমবাৰে এইদৰে কয় লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে ৷

৬ জনগোষ্ঠী প্ৰসংগত যদি কংগ্ৰেছৰ পৰা প্ৰস্তাৱ লাগে তেন্তে সৰ্বদলীয় সভা আহ্বান কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান গৌৰৱ গগৈ । গগৈৰ মন্তব্য, “মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছৰ যদি প্ৰস্তাৱ আছে সেয়া চৰকাৰক দিলেই হ’ল ৷ মুখ্যমন্ত্ৰীয়ে প্ৰথমে লিখিতভাৱে আমাক জনাওক । এখন সৰ্বদলীয় কমিটী গঠন কৰক । পিছে এইখিনিতো তেওঁ নকৰে ।” গৌৰৱ গগৈয়ে মন্তব্য ৷

Gaurav Gogoi
গৌৰৱ গগৈ (ETV Bharat)

সৰ্বদলীয় বৈঠকৰ আহ্বান কৰি বিধানসভাত ৭ জনগোষ্ঠীৰ বিষয়টো চৰ্চা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান গৌৰৱ গগৈৰ । গগৈয়ে কয়,
“মুখ্যমন্ত্ৰীয়ে নিজকে সকলোতকৈ বুদ্ধিমান বুলি ভাবে । এতিয়া ৰাইজে দেখা পালে যে তেওঁ নিজকে যিমান জ্ঞানী বুলি ভাবে আচলতে সিমান জ্ঞানী নহয় । যদি তেওঁ সকলোৰে ৰায় ল’ব বিচাৰে তেন্তে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰক, বিধানসভাত ইয়াৰ চৰ্চা কৰক । কিন্তু সেয়াতো নকৰিলে । কৌশলেৰে বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনাহে সেয়া দিলে ।’’

এজন জনজাতীয় নেতাক অন্যায় কৰিহে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে বুলিও কয় গগৈয়ে । গগৈয়ে আৰু কয় যে কেন্দ্ৰ চৰকাৰে শীতকালীন অধিৱেশনত কি কি বিধেয়ক উত্থাপন কৰিবলৈ ওলাইছে সেই সম্পৰ্কে চমু আভাস লাভ কৰিবলৈ সমৰ্থ হৈছে যদিও সেই তালিকাত অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ক কোনো বিধেয়কৰ কথাৰ উল্লেখ নাই ।

ইফালে, জুবিন গাৰ্গৰ হত্যাকাৰী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তক বচাবৰ বাবে এজনেই হত্যাকাৰী বুলি ঘোষণা কৰিছে । এজনেই হত্যাকাৰী বুলি যদি তেওঁ জানে কোন সেয়া প্ৰকাশ কৰক বুলি উল্লেখ কৰি গগৈয়ে কয় যে জুবিন গাৰ্গে প্ৰকৃততে ন্যায় পাবনে নাই সন্দেহ আছে ।”

লগতে পঢ়ক : বাগানৰ মাটি তেওঁলোকে ললিপপ বুলি ক'ব, দুদিন পিছত কাগজ আহি ঘৰ পাবহি: বিৰোধীক আক্ৰমণ মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : দুদিনীয়াকৈ বি টি চিৰ শীতকালীন অধিৱেশন আৰম্ভ: ছয় মনোনীত সদস্যৰ শপত গ্ৰহণ