ETV Bharat / state

অসমত এক নতুন ইতিহাস সৃষ্টি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে: মুখ্যমন্ত্ৰীয়ে জনালে কি সেই ইতিহাস

প্ৰধানমন্ত্ৰীয়ে দুদিনীয়া অসম ভ্ৰমণসূচীত কি কি কাৰ্যসূচীত অংশ ল'ব সবিস্তাৰে ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

PM Modi Assam visit
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 18, 2025 at 5:55 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : এইবাৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে অসমত সৃষ্টি হ'ব আন এক ইতিহাস । কিন্তু কি এই ইতিহাস ?

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনায়, "... তেখেত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত কথা পাতিব । অসম বিজেপিৰ বা আমাৰ ৰাজ্যিক বিজেপিৰ ইতিহাসত এইটো প্ৰথম হ'ব যে প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ কাৰ্যালয়লৈ আহিব । মোদী ডাঙৰীয়া বা বাজপেয়ী ডাঙৰীয়া আগতেও অসমলৈ আহিছিল, কিন্তু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ তেখেতসকল কেতিয়াও অহা নাছিল । এইবাৰ আমাৰ বাবে পৰম সৌভাগ্য যে মোদী ডাঙৰীয়া নিজে আমাৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব ।"

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল (ETV Bharat Assam)

বৃহস্পতিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আগন্তুক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দৰ্ভত প্ৰতিটো দিশ আলোচনা কৰা হয় । এই বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেইবাজনো মন্ত্ৰী, বিধায়ক তথা দলীয়া কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ২০ আৰু ২১ ডিচেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণত অংশ ল'বলগা কাৰ্যসূচীসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰে । তেওঁ কয়, "প্ৰধানমন্ত্ৰীয়ে ২০ ডিচেম্বৰত প্ৰথমে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি বিমানবন্দৰ চৌহদত উন্মোচন কৰিব । তাৰ পিছতে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰি এক ৰাজহুৱা সভা সম্বোধন কৰিব । বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধনৰ পিছত প্ৰধানমন্ত্ৰীয়ে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে কথা পাতিব । কাৰ্যালয়লৈ আহোঁতে এক কিলোমিটাৰ আমি তেখেতৰ সন্মানাৰ্থে আমাৰ কাৰ্যকৰ্তাসকলে ৰোডশ্ব'ৰো আয়োজন কৰিছে ।"

দ্বিতীয় দিনৰ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "২১ ডিচেম্বৰত ৰাতিপুৱা ব্ৰহ্মপুত্ৰৰ বুকুত বিলাসী জাহাজত উঠি প্ৰায় ২৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীত পৰীক্ষালৈ কেনেকৈ সাজু হ'ব লাগে, কি কৰিব লাগে তাৰ ওপৰত চৰ্চা কৰিব । প্ৰায় আধা ঘণ্টা, ৪০ মিনিট হ'ব । তাৰ পাছত শ্বহীদ স্মাৰকলৈ আহিব, অক্ষয় বন্তিত শ্ৰদ্ধাঞ্জলি জনাব আৰু শ্বহীদ স্মাৰকত থকা শ্বহীদ গেলাৰীলৈ তেওঁ যাব । ৮৬০ গৰাকী শ্বহীদৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তিত তেখেতে মাল্যাৰ্পণ কৰিব । আৰু মোদী ডাঙৰীয়াই যেতিয়া অক্ষয় বন্তিত মাল্যাৰ্পণ কৰিব নেপথ্যত আমাৰ শিল্পীসকলে শ্বহীদ প্ৰণমো তোমাক পৰিবেশন কৰি থাকিব । শ্বহীদ স্মাৰকৰ কাৰ্যসূচী সামৰি তেখেত ডিব্ৰুগড়লৈ যাব, ডিব্ৰুগড়ৰ পৰা নামৰূপত ১২ লাখ মেট্ৰিক টনৰ ইউৰিয়া উৎপাদন কৰিব পৰা নতুন এটা সাৰ কাৰখানাৰ ভূমিপূজন মোদী ডাঙৰীয়াই সম্পন্ন কৰিব ।"

লগতে পঢ়ক :গুৱাহাটী বিমানবন্দৰৰ উদ্বোধনী অনুষ্ঠান: ৭০ হাজাৰ লোকক সম্বোধন, গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে
লগতে পঢ়ক :চাব নাপালে গোপীনাথ বৰদলৈৰ মূৰ্তি ! ব্ৰহ্মপুত্ৰ-যোৰহাটৰ লাচিতৰ মূৰ্তিৰ ভাস্কৰ ৰাম সুতাৰ আৰু নাই