চাহ শ্ৰমিকৰ বাবে ৫০০০ টকা এককালীন সাহায্যৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ
এটি কলি দুটি পাত (Eti Kuli Duti Pat) আঁচনিৰে চাহ শ্ৰমিকে লাভ কৰিব এককালীন ৫ হাজাৰ টকা ৷ এক্সযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

Published : January 6, 2026 at 7:30 AM IST
তেজপুৰ : ভূমিৰপট্টাৰ পিছত অসমৰ ২০০ বছৰ পুৰণি চাহৰ ঐতিহ্য সংৰক্ষণ আৰু চাহ বাগানৰ শ্ৰমিকসকলৰ কল্যাণৰ লক্ষ্যৰে এইবাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আন এক বিশেষ পদক্ষেপ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক্সযোগে জানিবলৈ দিয়া মতে, এটি কলি দুটি পাত (Eti Kuli Duti Pat) আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিজন চাহ শ্ৰমিকে ৫,০০০ টকাৰ এককালীন আৰ্থিক সহায় লাভ কৰিব ।
লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই আঁচনিৰ জৰিয়তে মুঠ ৬ লাখ লোকক সামৰি লোৱা হ’ব ৷ চাহ উদ্যোগৰ সৈতে জড়িত লক্ষাধিক শ্ৰমিক পৰিয়ালৰ আৰ্থিক সহায় আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰা - এই আঁচনিৰ মূল লক্ষ্য বুলিও তেওঁ উল্লেখ কৰে ।
We have taken many historic initiatives to preserve Assam’s 200-year-old tea legacy. And ‘Eti Kuli Duti Pat’ is one of them!
— Himanta Biswa Sarma (@himantabiswa) January 5, 2026
Under the initiative, every Cha Shramiks will receive ₹5,000 as one-time financial support.
Details soon... pic.twitter.com/dh09GuEHWf
বিধানসভাত ভূমিপট্টা প্ৰদান কৰা আৰু নতুন বছৰৰ আৰম্ভণিতে এককালীন আৰ্থিক সাহায্য দিয়া- এই দুয়োটাই এক ঐতিহাসিক ঘোষণা বুলি অভিহিত কৰিছে আটছাৰ তেজপুৰ শাখাৰ সভাপতি পংকজ নায়কে । তেওঁ কয়, "অসম চাহ জনজাতি ছাত্র সংস্থাই চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছো ৷’’
উল্লেখযোগ্য যে, শেহতীয়া বিধানসভা অধিৱেশনত (২৮ নৱেম্বৰ) চৰকাৰে চাহ বাগান শ্ৰমিকসকলৰ বাবে আন এক ঐতিহাসিক ঘোষণা কৰে । বিধানসভাত ঘোষণা অনুসৰি, চাহ বাগানৰ শ্ৰমিকৰ লাইনত বসবাস কৰা শ্ৰমিক পৰিয়ালসমূহক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷ এই সিদ্ধান্তই বহু দশক ধৰি নিজৰ বাসভূমিৰ ওপৰত আইনী অধিকাৰৰ পৰা বঞ্চিত হৈ থকা চাহ শ্ৰমিকসকলক নতুন আশাৰ এক বাট দেখুৱালে ।

চৰকাৰৰ মতে, ভূমিপট্টা লাভৰ জৰিয়তে চাহ শ্ৰমিক পৰিয়ালসমূহে নিজ বাসভূমিত আইনী স্বীকৃতি পাব, যাৰ ফলত সামাজিক সুৰক্ষা, বেংক ঋণ, গৃহ নিৰ্মাণ আদি ক্ষেত্ৰত সুবিধা বৃদ্ধি পাব । লগতে এই ব্যৱস্থাই চাহ শ্ৰমিক সমাজৰ জীৱনমান উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰা হৈছে ।

এটি কলি দুটি পাত আঁচনিৰ আৰ্থিক সহায় আৰু ভূমিপট্টা প্ৰদানৰ সিদ্ধান্ত — এই দুয়োটা পদক্ষেপে একেলগে চাহ শ্ৰমিকসকলৰ আৰ্থিক আৰু সামাজিক অধিকাৰ শক্তিশালী কৰাৰ দিশত চৰকাৰৰ সদিচ্ছা প্ৰতিফলিত কৰিছে বুলি মন্তব্য কৰে নায়কে ।

