উৰিয়ামঘাটত উপস্থিত অসমৰ অতিৰিক্ত মুখ্য সচিব, শীঘ্ৰে নাকী লগাব শিল মাফিয়াক
দৈয়াং নৈত অবৈধভাৱে শিলখনন । বিভিন্ন মাধ্যমত অভিযোগ উত্থাপনৰ পিছতেই পৰিদৰ্শন কৰে অসমৰ অতিৰিক্ত মুখ্য সচিব এম কে যাদৱে । শীঘ্ৰে ব্যৱস্থা লোৱাৰ আশ্বাস ।

Published : May 28, 2026 at 11:48 AM IST
সৰুপথাৰ: অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত উপস্থিত অসমৰ অতিৰিক্ত মুখ্য সচিব এম কে যাদৱ । অসম-নাগালেণ্ড সীমান্তৰ দৈয়াং নদীত চলি থকা অবৈধ শিল খননৰ স্থান পৰিদৰ্শন উচ্চ পদস্থ বিষয়াগৰাকীয়ে । সীমান্ত অঞ্চলত চলি থকা অবৈধ শিল খননৰ বাতৰি ধাৰাবাহিকভাৱে প্ৰকাশৰ পিছতেই অসমৰ অতিৰিক্ত মুখ্য সচিব এম.কে যাদৱ সীমান্ত অঞ্চল পৰিদৰ্শনৰ বাবে উপস্থিত হয় ।
গোলাঘাট জিলাৰ আয়ুক্ত পূবালী গোঁহাই, সৰুপথাৰ সমজিলাৰ আয়ুক্ত মিতালী লহকৰ, গোলাঘাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ লগতে বহু কেইজন উচ্চ পদস্থ প্ৰশাসনিক বিষয়াই অতিৰিক্ত মুখ্য সচিবগৰাকীক সংগ দিয়ে । বুধবাৰে এই দলটিয়ে অসম-নগালেণ্ড সীমান্তত শিল মাফিয়াই অবৈধভাৱে কৰা শিলৰ খননস্থলীসমূহ পৰিদর্শন কৰি। সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাটৰ অসম-নগালেণ্ড সীমান্তৰ খেৰবাৰী, দলনিপথাৰ, মধুপুৰ আদি অঞ্চলত অবাধ গতিত কৰা অবৈধ শিল খননে জৈৱ বৈচিত্র্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
অভিযোগ অনুসৰি অবৈধ শিল খননে দৈয়াং নদীৰ গতিপথো সলনি কৰিছে । এই অবৈধ কাৰ্যকলাপে অসমৰ ভৌগোলিক মানচিত্ৰ সলনিৰ পথত, শিল মাফিয়াৰ এনে অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ সক্ষম হোৱা নাছিল প্ৰশাসন, বন বিভাগ আৰু চিআৰপিএফ । শিল মাফিয়াৰ এনে অবৈধ শিল খননৰ ফলত উচ্ছেদৰ ফলত উদ্ধাৰ হোৱা বহু ভূমি বিলীন হৈছে দৈয়াং নদীত । এই সম্পৰ্কে সংবাদ মাধ্যমসমূহত পূৰ্বেতে একাধিক বাতৰি সম্প্রচাৰ কৰা হৈছিল ।
অৱশেষত শিল মাফিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন । সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে । বিধায়কৰ তৎপৰতাত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এম কে যাদৱৰ নেতৃত্বত গুৱাহাটীৰ এটা উচ্চস্তৰীয় দলে পৰিভ্ৰমণ কৰে উক্ত অঞ্চলসমূহ ।
অসমৰ অতিৰিক্ত মুখ্য সচিব এম কে যাদৱে কয়,"সবিশেষ চাবলৈ আহিলোঁ। আমাৰ মুখ্যমন্ত্ৰীলৈ বহুত কম্প্লেইন গৈছিলে। সেইকাৰণে জিলা আয়ুক্ত আৰু আমাৰ নিউট্ৰেল ফ'ৰ্চ আৰু আমাৰ বাকী ফৰেষ্টৰ কনজাৰভেটৰ, বন বিষয়া, আৰক্ষী বিষয়া আৰু দণ্ডাধীশ, ব'ৰ্ডাৰ মেজিষ্ট্ৰেট আমি সকলো আহিলোঁ । এতিয়া এই বস্তুটোৱে আমি অলপ অধ্যয়ন কৰি অলপ ওপৰ মহলত আলোচনা কৰিম । গতিকে সেইখিনি চোৱা যাব কি ধৰণে কি হৈ আছে । আমি ড্ৰ'নো লৈ আহিছোঁ ।"
শীৰ্ষ বিষয়াসকলৰ ভূমিগত পৰ্য্য়ৱেক্ষণে অবৈধ শিল মাফিয়াৰ ওপৰত কি প্ৰভাৱ পেলাব সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিব বুলি স্থানীয় লোক তথা পৰিৱেশপ্ৰেমীসকলে মত পোষণ কৰিছে ৷

