ETV Bharat / state

ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ, এইবাৰ ২ লাখ চাকৰি প্ৰদানৰ কুচকাৱাজ আৰম্ভ চৰকাৰৰ

প্ৰতিশ্ৰুতি পালন কৰি যোৱা কাৰ্যকালত ১.৬৪ লাখ প্ৰাৰ্থীক চৰকাৰী নিযুক্তি প্ৰদান কৰিলে চৰকাৰে ৷ এইবাৰ চৰকাৰৰ লক্ষ্য ২ লাখ প্ৰাৰ্থীক নিযুক্তি প্ৰদান ।

discussion on 2 lakh recruitment
২ লাখ চাকৰি প্ৰদানৰ কুচকাৱাজ আৰম্ভ চৰকাৰৰ (X handle @CSAssam_)
author img

By ETV Bharat Assamese Team

Published : May 28, 2026 at 7:22 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যত তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন এনডিএই নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ বাবে নিৰ্বাচনৰ সময়ত সংকল্প লৈছিল ৷ বিগত কাৰ্যকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ কথা কৈছিল ৷ সেই প্ৰতিশ্ৰুতি পালন কৰি ১.৬৪ লাখ প্ৰাৰ্থীক চৰকাৰী নিযুক্তি প্ৰদান কৰিলে চৰকাৰে ৷ এইবাৰ চৰকাৰৰ লক্ষ্য ২ লাখ প্ৰাৰ্থীক নিযুক্তি প্ৰদান ।

বুধবাৰে লোকসেৱা ভৱনত এই সন্দৰ্ভত এক বৈঠকত মিলিত হয় ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা আৰু কেবাগৰাকীও উচ্চপদস্থ বিষয়া ৷ বিজেপিয়ে নিৰ্বাচনী সংকল্পপত্ৰত উল্লেখ কৰা তথা ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি ২ লাখ নিযুক্তি সন্দৰ্ভত আলোচনা কৰে বিষয়াসকলে । এই সন্দৰ্ভত পূৰ্বে গঠন কৰি দিয়া টাস্ক ফ’ৰ্চে অহা পাঁচ বছৰত 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত কিদৰে কাৰ্যপন্থা গ্ৰহণ কৰিব সেই বিষয়ে এই বৈঠকত আলোচনা কৰা হয় ৷

কি কি বিষয়ত আলোচনা হ’ল-

  • বিভিন্ন বিভাগ, ক্ষেত্ৰ কাৰ্যালয়, স্বায়ত্তশাসিত সংস্থা, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মিছন আৰু সমিতিসমূহত খালী হোৱা বা হ’বলগীয়া পদসমূহৰ চিহ্নিতকৰণ ।
  • বছৰেকীয়া অৱসৰৰ প্ৰক্ষেপণ আৰু ক্ষেত্ৰভিত্তিক কাৰ্যালয়ত গ্ৰেডভিত্তিক খালী পদৰ মূল্যায়ন ।
  • বিভাগসমূহৰ মাজত প্ৰত্যক্ষ নিযুক্তিৰ খালী পদ চিনাক্তকৰণ ।
  • স্বচ্ছতা আৰু সময়মতে নিযুক্তি নিশ্চিত কৰিবলৈ নিযুক্তি প্ৰক্ৰিয়াক যুক্তিসংগত আৰু সুশৃংখলিত কৰা ৷
  • উপযুক্ত নীতিগত হস্তক্ষেপ আৰু প্ৰৰোচনাৰ জৰিয়তে দূৰৱৰ্তী আৰু জটিল অঞ্চলত জনশক্তিৰ উপলব্ধতা উন্নত কৰাৰ ব্যৱস্থা ।
  • ইয়াৰ উপৰিও প্ৰত্যক্ষ চৰকাৰী নিযুক্তিৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু সংশ্লিষ্ট কাৰ্যসূচীৰ দৰে আঁচনিৰ জৰিয়তে উদ্যোগীকৰণ আৰু আত্মনিয়োগৰ পদক্ষেপৰ প্ৰসাৰৰ ওপৰত আলোচনা কৰা হয় ।
  • অসমত ৰাজহুৱা নিয়োগৰ দিশত এক গাঁথনিগত, স্বচ্ছ আৰু ভৱিষ্যতমুখী দৃষ্টিভংগী নিশ্চিত কৰিবলৈ বাৰ্ষিক নিয়োগৰ লক্ষ্য প্ৰস্তুত কৰা, বিভাগভিত্তিক প্ৰক্ষেপণ আৰু শক্তিশালী ৰূপায়ণ তথা নিৰীক্ষণ ব্যৱস্থা আদিৰ সম্পৰ্কেও আলোচনা কৰা হয় ।
  • উল্লেখযোগ্য যে ADRE আৰু বিভাগীয় নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে চৰকাৰৰ পূৰ্বৰ কাৰ্যকালত ইতিমধ্যে ১.৬৪ লাখৰো অধিক নিযুক্তি প্ৰদান কৰা হৈছে ।
  • সংশ্লিষ্ট সকলো বিভাগক বিশদ আভ্যন্তৰীণ মূল্যায়ন কৰিবলৈ আৰু পাঁচ বছৰীয়া ৰোডমেপ প্ৰস্তুত কৰাৰ বাবে কাৰ্যকৰী তথ্যসমূহ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে অহা পাঁচবছৰত চৰকাৰে যি ২ লাখ প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ লক্ষ্য লৈছে, এই পদক্ষেপে চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা নিবনুৱাসকলক উৎসাহিত কৰিব ৷

লগতে পঢ়ক: ৩ জুনৰ পাছতহে হ'ব মন্ত্রীসভাৰ সম্প্ৰসাৰণ: মুখ্যমন্ত্ৰীৰ ঘোষণা