ETV Bharat / state

'বন্দে মাতৰম'ৰ ১৫০ বছৰ; সম্পূৰ্ণভাৱে পৰিবেশন কৰিলে সমস্বৰে

বংকিমচন্দ্ৰ চট্টোপাধ্যায় ৰচিত এই গীতটো ১৮৯৬ ত জাতীয় কংগ্রেছৰ সভাত সুৰ দি পৰিবেশন কৰা হৈছিল ।

150 Years of the National Song Vande Mataram
লখিমপুৰত সমস্বৰে সম্পূৰ্ণভাৱে পৰিবেশন কৰিলে 'বন্দে মাতৰম' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 7, 2025 at 5:28 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ: সমগ্ৰ দেশৰ লগতে অসমতো আজি সম্পূৰ্ণভাৱে পৰিৱেশিত হয় 'বন্দে মাতৰম' । দেশৰ মুক্তি সংগ্ৰামত জনতাক উজ্জীৱিত কৰাৰ অন্যতম শক্তি আছিল এই গীতটিৰ । তৎসত্বেও জাতীয় গীতটি ইয়াৰ পূৰ্বে সম্পূৰ্ণভাৱে গোৱা হোৱা নাছিল । এইবাৰ কেন্দ্ৰীয় কেবিনেটে সমগ্ৰ দেশত জাতীয় গীত হিচাপে 'বন্দে মাতৰম' ৰ ১৫০ বছৰ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ অংশৰূপে সম্পূৰ্ণভাৱে পৰিৱেশন হয় 'বন্দে মাতৰম' গীতটি ।

ৰাজ্য়ৰ আন ঠাইৰ লগতে লখিমপুৰৰ আয়ুক্ত কাৰ্যালয়ত সমস্বৰে গালে 'বন্দে মাতৰম' ৷ দেশৰ জনতাক উজ্জীৱিত কৰাৰ অন্যতম শক্তিস্বৰূপ গীতটি ১৫০ বছৰীয়া হ'ল । এই উপলক্ষে আজি চৰকাৰীভাৱে গীতটি সামূহিকভাৱে পৰিবেশনৰ ব্যৱস্থা কৰা হয় । জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, বিধায়ক মানৱ ডেকাসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে এই কাৰ্যসূচীত অংশগ্রহণ কৰে ।

লখিমপুৰত সমস্বৰে সম্পূৰ্ণভাৱে পৰিবেশন কৰিলে 'বন্দে মাতৰম' (ETV Bharat Assam)

বিধায়ক মানৱ ডেকাই আদৰণি ভাষণ দিয়াৰ পাছতেই মূল বক্তব্য প্ৰদান কৰে লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অৰবিন্দ ৰাজখোৱাই । ড৹ ৰাজখোৱাই কয়, "বংকিমচন্দ্ৰ চট্টোপাধ্যায় ৰচিত এই গীতটো কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ১৮৯৬ ত জাতীয় কংগ্রেছৰ সভাত সুৰ দি পৰিবেশন কৰিছিল । পাছত দেশৰ মুক্তিযুঁজত এই গীতটো জনজাগৰণ অনাৰ অন্যতম শক্তিৰূপে পৰিগণিত হ'ল ।"

150 Years of the National Song Vande Mataram
লখিমপুৰত সমস্বৰে সম্পূৰ্ণভাৱে পৰিবেশন কৰিলে 'বন্দে মাতৰম' (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "এসময়ত ব্ৰিটিছসকলে সাধাৰণ লোকৰ ওপৰত ইমানেই কৰ আৰোপ কৰিছিল যে মানুহ জীয়াই থাকিবলৈও কৰ দিবলগা হৈছিল । যাৰ বাবে সেই সময়ত বংগদেশত সন্যাসী আৰু ফকীৰসকলে বিদ্ৰোহ কৰিবলগীয়া হৈছিল । কিয়নো তেওঁলোকে কৰ দিব পৰাকৈ একো সম্বল নাছিল । ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল সেই বিদ্ৰোহে । পিছে ব্ৰিটিছে কঠোৰভাৱে সেই বিদ্ৰোহ দমন কৰে । তাৰ পৰৱৰ্তী সময়ত বংগীয় নৱজাগৰণৰ উন্মেষ ঘটে । সেই নৱজাগৰণত জাতীয়তাবোধ জাগৰণ কৰাৰ লক্ষ্য লোৱা হৈছিল । তাৰ পাছত বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ বন্দে মাতৰম গীতটোৱে জনজাগৰণত ভূমিকা লৈছিল । পৰৱৰ্তী সময়তে দেশপ্ৰেম, জাতীয়তাবোধ উজ্জীৱিত কৰাত বন্দে মাতৰম অন্যতম শক্তিশালী আধাৰ হৈ পৰে ।"

অনুষ্ঠানটোত সমস্বৰে পূৰ্ণদৈৰ্ঘৰ 'বন্দে মাতৰম' গীতটো পৰিবেশন কৰাৰ পাছত দিল্লীত প্ৰধানমন্ত্ৰীৰ অংশগ্রহণেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।

লগতে পঢ়ক:'বন্দে মাতৰম'ৰ ১৫০ বছৰ; কাইলৈ সম্পূৰ্ণ গানটো পৰিবেশনৰ বিশেষ উদ্যোগ বিজেপিৰ

বিজেপি আৰু আৰ এছ এছে কেতিয়াও নিজৰ কাৰ্যালয়ত 'বন্দে মাতৰম' গোৱা নাই : কংগ্ৰেছ