ETV Bharat / state

বহু বিবাহ বন্ধ কৰাৰ বাবে বিধানসভাত আহিব বিধেয়ক: কেবিনেটৰ অনুমোদন

দা আসাম প্ৰ'হিভিজন অব পলিগেমি বিল ২০২৫ অৰ্থাৎ বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক নৱেম্বৰৰ বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ'ব ।

ASSAM CABINET MEETING
লোকসেৱা ভৱনৰ অন্তৰ্ভাগৰ ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 9, 2025 at 10:24 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম বিধানসভাৰ আগন্তুক অধিৱেশনত বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক অনা হ'ব । বিধানসভাত এই বিধেয়ক উত্থাপন কৰাৰ বাবে অসম চৰকাৰৰ দেওবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অনুমোদন জনোৱা হয় । দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

দেওবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা অসম চৰকাৰ সাপ্তাহিক কেবিনেট বৈঠক কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বৈঠকৰ পাছতে সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰি মুখ্যমন্ত্রীয়ে কয়, "দা আসাম প্ৰ'হিভিজন অব পলিগেমি বিল ২০২৫ অৰ্থাৎ বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক নৱেম্বৰৰ বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ'ব । এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত কোনোবাই দ্বিতীয় বা তৃতীয় বিবাহ কৰিলে সাত বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হ'ব । বিধেয়কখনত এই অপৰাধ কৰাসকলে লগে লগে জামিন নোপোৱাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে বিধেয়কখনত বহু বিবাহৰ ভোক্তভোগী হোৱা মহিলাক ক্ষতিপূৰণ দিয়াৰ বাবে এটা ফাণ্ডৰ ব্যৱস্থা কৰা হৈছে । বহু বিবাহৰ ভুক্তভোগী হোৱা মহিলাক ক্ষতিপূৰণ দিয়াৰ বাবে এই ফাণ্ড কৰা হ'ব । চৰকাৰৰ পৰা ভুক্তভোগী মহিলাক ক্ষতিপূৰণ দিয়া হ'ব । বিধেয়কখন ২৫ নবেম্বৰত অসম বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ'ব । ৰাজ্যৰ জনজাতি লোকসকলক এই বিধেয়কৰ আওতাত নপৰিব ৷ সেইদৰে ষষ্ঠ অনুসূচীৰ এলেকাসমূহত এই বিধেয়কখন বৰ্তমান প্ৰযোজ্য নহ'ব ।"

কেবিনেটৰ আন সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "কলেজৰ অধ্যাপক-অধ্যাপিকাসকলৰ পদোন্নতি ডেট অব নটিফিকেচনৰ বিপৰীতে ডেট অব ইলিজিবিলিটি ওপৰত দিয়া হ'ব । আজিৰ কেবিনেটে এইক্ষেত্রত অনুমোদন জনায় । কলেজৰ শিক্ষকসকলৰ পদোন্নতিৰ বাবে তেওঁলোকৰ যোগ্যতাৰ দিনৰ পৰা ছিনিয়ৰিটি কাউণ্ট কৰা হ'ব । এইটো অসম কলেজ শিক্ষক সন্থাৰ দীৰ্ঘদিনীয়া এটা দাবী আছিল ।"

মুখ্যমন্ত্রীয়ে কয়, "আজিৰ কেবিনেটে আসাম ষ্টাৰ্টআপ এণ্ড ইন'ভেচন পলিচী ২০২৫-৩০ ত অনুমোদন জনায় । আনহাতে আজিৰ কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম পৰ্যায়ত এটা নতুন ভৱন নিৰ্মাণৰ বাবে ৪৭৮.৭৮ কোটি টকা অনুমোদন দিয়ে । জানুৱাৰী মাহত দেশৰ মুখ্য ন্যায়াধীশে এই নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিব । এই নতুন ভৱনত ৩১ গৰাকী ন্যায়াধীশ বহিব পৰা ব্যৱস্থা থাকিব । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে উত্তৰ গুৱাহাটীৰ ৰংমহলত ১০০ বিঘা মাটি দিয়া হৈছে ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "আজিৰ কেবিনেটে উমা ছেত্রীক তেওঁৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায় । কেবিনেটে উমা ছেত্রীৰ বাবে ২৫ লাখ টকাৰ এটা অনুদান ঘোষণা কৰে । কোনোবা এটা দিনত তেওঁক এই ধনৰাশি প্ৰদান কৰা হ'ব । ইয়াৰ পূৰ্বেও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উমা ছেত্রীক ১০ লাখ টকাৰ অনুদান দিয়া হৈছিল ।"

লগতে পঢ়ক: মহানায়কৰ জীৱন সামৰি ১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে উন্মোচন 'জুবিন গাৰ্গ ...ইত্যাদি'