শিক্ষাৰ সম্প্ৰসাৰণ, স্বাস্থ্য সেৱালৈ বৃহৎ উৎসাহ কেবিনেটৰ
বছৰটোৰ প্ৰথমখন কেবিনেট বৈঠকত আন বহুকেইটা সিদ্ধান্তৰ লগতে মূলতঃ গ্ৰহণ কৰা হ'ল দুটাকৈ গুৰত্বপূৰ্ণ সিদ্ধান্ত ।

Published : January 1, 2026 at 8:44 PM IST
গুৱাহাটী: ইংৰাজী নবৱৰ্ষৰ পহিলা দিনটোত অনুষ্ঠিত কৰা হয় ৰাজ্য চৰকাৰৰ বছৰটোৰ প্ৰথমখন কেবিনেট বৈঠক । গুৱাহাটীৰ কইনাধৰাত 'নতুন দিনৰ আলাপ' অনুষ্ঠানৰ মাজেৰে সংবাদ মাধ্যমক সম্বোধন কৰাৰ পাছতে এই বছৰৰ অসম মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও বিষয়ত আলোচনা কৰাৰ লগতে শিক্ষা আৰু স্বাস্থ্যখণ্ডক প্ৰাধান্য দি মূলতঃ দুটাকৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
কেবিনেটত লোৱা সিদ্ধান্ত:
- শিক্ষাৰ সম্প্ৰসাৰণ:
কেবিনেটত ৰাজ্যৰ শিক্ষাখণ্ডকলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সমগ্ৰ অসমৰ ১০০ খন বিদ্যালয় নিৰ্মাণৰ বাবে কেবিনেটত ৪৫৫ কোটি টকাৰ অনুমোদন জনোৱা হয় ।
- স্বাস্থ্য সেৱালৈ বৃহৎ উৎসাহ:
কেবিনেটে এম এম চি এইচ আৰু কালাপাহাৰ চৌহদক কেন্দ্ৰ কৰি ৮০০খন বিছনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ১,২০১.১৬ কোটি টকাৰ সংশোধিত প্ৰশাসনিকঅনুমোদন প্রদান কৰে ।

উল্লেখ্য যে, নতুন বছৰৰ প্ৰথম দিনটোত অনুষ্ঠিত কৰা কেবিনেট বৈঠকত কেইবাটাও প্ৰসংগত আলোচনা কৰা হয় । আলোচনাৰ অন্তত কেবিনেটত শিক্ষা আৰু স্বাস্থ্য খণ্ডত দুটাকৈ গুৰিত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে- "'নতুন দিনৰ আলাপ' সমাপ্ত কৰি নতুন বছৰৰ উৎসাহেৰে আজি এই বৰ্ষীয় অসম মন্ত্ৰীসভাৰ প্ৰথম বৈঠকখনি অনুষ্ঠিত কৰা হয় ৷ উক্ত বৈঠকত আন বিষয়ৰ আলোচনাৰ লগতে শিক্ষা আৰু স্বাস্থ্য খণ্ডক প্ৰাধান্য দি মুখ্যতঃ দুটা সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷"

উল্লেখ্য যে, বছৰটোৰ প্ৰথমটো দিনতে অনুষ্ঠিত কৰা 'নতুন দিনৰ আলাপ' অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । 'বাবু’ আঁচনি, 'অৰুণোদয়’ আঁচনি, বৃদ্ধ পেন্সন বৃদ্ধি, উদাসীন ভকতলৈয়ো আঁচনি, কৰ্কট ৰোগীলৈ সকাহ, ছেমিকণ্ডাক্টৰ প্ৰকল্পলৈকে কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।


