ETV Bharat / state

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : কেবিনেটত দাখিল মন্ত্রীগোটৰ প্ৰতিবেদন, প্ৰেৰণ কৰা হ'ব বিধানসভালৈ

অসম কেবিনেটে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, ঐতিহ্য সংগ্ৰহালয়ৰ বাবে মাটি হস্তান্তৰ আৰু অসম জৰীপ আৰু বসতি প্ৰশিক্ষণ কেন্দ্ৰত শিক্ষক সেৱাৰ নিয়ম অনুমোদন জনায় ।

ASSAM CABINET DECISIONS
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 11:07 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত গঠন কৰা মন্ত্রীগোটে বুধবাৰে কেবিনেটত দাখিল কৰিলে প্ৰতিবেদন । এই প্ৰতিবেদন দাখিলৰ লগতে প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰাৰ বাবে বুধবাৰে বিশেষ কেবিনেট বৈঠকৰ আয়োজন কৰা হয় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে প্ৰস্তুত কৰা প্ৰতিবেদনৰ ওপৰত বিশদ আলোচনা কৰা হয় ।

বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে অৱগত কৰে । মুখ্যমন্ত্রীয়ে কয়, "সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্রী হৈ থকা সময়ত এই মন্ত্রীগোটৰ মই অধ্যক্ষ আছিলো । মই মুখ্যমন্ত্রী হোৱাৰ পাছত এই মন্ত্রীগোটৰ অধ্যক্ষৰ দায়িত্ব মন্ত্রী ডাঃ ৰণোজ পেগুৱে গ্ৰহণ কৰে । মন্ত্রীগোটত মন্ত্রী কেশৱ মহন্ত আৰু সঞ্জয় কিষাণ সদস্য হিচাপে আছিল । পিছত সঞ্জয় কিষাণৰ স্থানত মন্ত্রী পীযুষ হাজৰীকাক দায়িত্ব দিয়া হয় ।"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "তিনিওগৰাকী মন্ত্রীৰ প্ৰচেষ্টাত এখন সুন্দৰ প্ৰতিবেদন প্ৰস্তুত কৰি আজি কেবিনেটৰ সন্মূখত দাখিল কৰা হয় । প্ৰতিবেদনখন আজি কেবিনেটে গ্ৰহণ কৰে । আমি আশা কৰো যে এই প্ৰতিবেদনখনে ছয় জনগোষ্ঠীৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব । সমান্তৰালভাৱে বৰ্তমানৰ জনজাতি লোকসকলৰো কোনো ক্ষতি বা অসুবিধা নোহোৱাকৈ আমি এই ছয় জনগোষ্ঠীৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰিম ।"

তেওঁ আৰু কয়, "আমাৰ লক্ষ্য আছিল যে এই গোটেই প্ৰক্ৰিয়াটোত বৰ্তমানৰ জনজাতি লোকসকলৰ কোনো ক্ষতি হ'ব নালাগে আৰু সমান্তৰালকৈ ছয় জনগোষ্ঠীৰ আশা-আকাংক্ষা বাস্তৱত ৰূপায়িত হ'ব লাগে । মন্ত্রীগোটে ভাৰসাম্য বজাই ৰাখি প্ৰতিবেদন দাখিল কৰিছে । বিধানসভা চলি থকা বাবে এই প্ৰতিবেদনখন আমি সাংবাদিকসকলৰ হাতত দিব বিচৰা নাই ।"

মুখ্যমন্ত্রীয়ে কয়, "কাইলৈ জনজাতি পৰিক্ৰমা বিভাগে এই প্ৰতিবেদনখন অসম বিধানসভালৈ প্ৰেৰণ কৰিব । বিধানসভাৰ অধ্যক্ষই বিধানসভাৰ চলিত অধিৱেশনতে এই প্ৰতিবেদনখন দাখিল কৰাৰ অনুমতি দিব । বিধানসভাত প্ৰতিবেদনখন কোন দিনা আহিব তাৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব অধ্যক্ষৰ, আমি ক'ব নোৱাৰো । কিন্তু অধ্যক্ষক আমি অনুৰোধ জনাম যাতে চলিত অধিৱেশনতে প্ৰতিবেদনখন ৰাখিবলৈ অনুমতি দিয়ে । আমি নিশ্চিত যে অধ্যক্ষই সেই অনুমতি প্ৰদান কৰিব ।"

কেবিনেটত লোৱা আন সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বৃন্দাবনী বস্ত্র লণ্ডনৰ পৰা গুৱাহাটীলৈ আনিবৰ বাবে লেটাৰ অব ইনটেণ্ট ইতিমধ্যে স্বাক্ষৰ হৈছে । পশ্চিমৰ মিউজিয়াম সমূহত বহুত আপুৰুগীয়া সম্পদ আছে । আমি গুৱাহাটীৰ মিউজিয়ামটো বিশ্বমানৰ কৰিব পাৰিলে কেৱল বৃন্দাবনী বস্ত্রই নহয় অসমৰ মানুহে নেদেখা দেশ-বিদেশৰ বহু আপুৰুগীয়া সম্পদ আনিব পাৰিম ।"

"মিউজিয়ামৰ বাবে প্ৰথমতে আমি খানাপাৰাৰ ছেৰিকালচাৰৰ এক বিঘা মাটি ৰাখিছিলো । আজিৰ কেবিনেটে মিউজিয়ামটোৰ বাবে তিনি বিঘা মাটি সাংস্কৃতিক বিভাগক অনুমোদন দিছে, যাতে আমাৰ মিউজিয়ামটো আৰু অলপ ডাঙৰ কৰি বিজ্ঞানসন্মতভাৱে বনাব পাৰো । মিউজিয়ামটো নিৰ্মাণৰ সকলো খৰচ জে এছ ডব্লিউ ফাউণ্ডেচনে দিব যদিও মালিকীস্বত্ব অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ থাকিব । আজিৰ কেবিনেটত আসাম ছাৰ্ভে এণ্ড চেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ টিচাৰ্ছ চাৰ্ভিছ ৰোলত অনুমোদন জনায় ।"

সামাজিক মাধ্যমত মুখ্যমন্ত্রীৰ ঘোষণা :

অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি পত্র অহা ৩ ডিচেম্বৰত বিতৰণ কৰা হ'ব । এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে নিশা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয় এই কথা সদৰী কৰি কয়, "গুৱাহাটীত অনুষ্ঠিত হ'ব এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান । এছ আই, কনিষ্টবল, কামাণ্ডো সকলো পদবীত উৰ্ত্তীণ প্ৰাৰ্থীক প্ৰদান কৰা হ'ব নিযুক্তিপত্ৰ । আনহাতে ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে ।"

ইফালে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীক মাহে অৰ্থিক সাহাৰ্য দিয়া প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীসকলক মাহে দিব লগা ৩০০ টকা ২৮ নবেম্বৰত মুকলি কৰি দিব চৰকাৰে । এইবাৰ প্ৰায় ৪.২৫ লাখ শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব । ২৮ নবেম্বৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নবেম্বৰ মাহৰ আঁচনিৰ ধন মুকলি কৰি দিব । তাৰ পাছত পৰীক্ষাৰ আগলৈকে মাহে ৩০০ টকাকৈ লাভ কৰিব । সেইদৰে ১২ ডিচেম্বৰৰ পৰা বি টি চিত আৰম্ভ অৰুণোদয় আঁচনি । কোকৰাঝাৰত মই গৈ ১২ ডিচেম্বৰত বি টি চিৰ অৰুণোদয় আঁচনি মুকলি কৰিম ।"

লগতে পঢ়ক : বিধানসভাত নতুন বিধেয়ক উত্থাপন : স্থাপন হ'ব দুখনকৈ ব্যক্তিগত বিশ্ববিদ্যালয়

সদনত মুখ্যমন্ত্রীয়ে দাখিল কৰিলে ৮৩ৰ ঘটনা প্ৰৱাহৰ বেচৰকাৰী মেহতা আয়োগৰ প্ৰতিবেদন : উত্থাপন নহ'ল তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ প্ৰসংগ

নজিৰবিহীন! জুবিনৰ বাবে বিমানসভাত প্ৰথমবাৰৰ বাবে সভাস্থগিত প্ৰস্তাৱ গৃহীত