৪৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি অসম গ্ৰন্থমেলাৰ
আশানুৰূপ বিক্ৰী নহ'ল একাংশ বিপণিৰ । নগৰৰ কাষৰীয়া হোৱা বাবে মানুহ আহিব নোৱাৰিলে বুলি ক্ষোভ বিক্ৰেতাৰ ।

Published : November 11, 2025 at 1:09 PM IST
লখিমপুৰ : সাহিত্য-সংস্কৃতিৰ সৌৰভ বিলাই নিজম পৰিল অসম গ্ৰন্থমেলা থলী । ভাষা-সাহিত্য, নাট্যকলা-সংগীত, সমাজ-ইতিহাস আদি বিভিন্ন বিষয়ৰ বৌদ্ধিক আলোচনা, কবিতা পাঠ, সাংস্কৃতিক প্ৰতিযোগিতাৰে বিগত দহ দিনধৰি উৎসৱমুখৰ হৈ থকা অসম গ্ৰন্থমেলাৰ সোমবাৰে সন্ধিয়া সামৰণি পৰে ।
আশানুৰূপ বিক্ৰী নহ'ল একাংশ বিপণিৰ :
নিজম পৰিল লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰ ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলা, লখিমপুৰৰ সোমবাৰে সামৰণি পৰে ৷ গ্ৰন্থমেলাখনত ৪০ৰ পৰা ৪৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিলেও একাংশ বিপণিয়ে আশানুৰূপ বিক্ৰী হোৱা নাই বুলি খেদ প্ৰকাশ কৰে ।
উল্লেখ্য যে গ্ৰন্থমেলাখন নগৰ এলেকাত অনুষ্ঠিত নকৰি দাঁতিকাষৰীয়া চুকুলিভৰীয়াৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হয় । নগৰৰ পৰা গ্ৰন্থমেলা সংযোগী মূল পথটো উৰণসেতু নির্মাণৰ বাবে বন্ধ হৈ আছে । যাৰ বাবে ইচ্ছা থাকিলেও ৰাইজে উপ-পথেৰে অকাই-পকাই গ্ৰন্থমেলালৈ যোৱাত অনীহা প্রকাশ কৰে । এইটোকে আশানুৰূপ গ্ৰন্থ বিক্ৰী নোহোৱাৰ মূল কাৰণ বুলি কয় একাংশ গ্ৰন্থ বিক্ৰেতাই ।

নগৰত হোৱা হ'লে ভাল বিক্ৰী হ'লহেঁতেন:
এই সন্দৰ্ভত অশোক পাব্লিকেচনৰ বলেন বণিয়াই কয়, "গ্ৰন্থ বিক্ৰী প্ৰায় হৈছে যদিও গ্ৰন্থমেলাখন নগৰত হোৱা হ'লে আৰু বহুত ভাল বিক্ৰী হ'লহেঁতেন । গ্ৰন্থমেলা সংযোগী মূল পথটো নিৰ্মাণ কৰি থকাৰ বাবে বহুতে গ্ৰন্থমেলাথলী বিচাৰিয়েই নাপালে । যিসমূহ গ্ৰন্থ বিক্ৰী হ'ল তাৰ ভিতৰত ইংৰাজী উপন্য়াস, প্ৰতিযোগিতামূলক পৰীক্ষাৰ কিতাপ আৰু কম-বেছি পৰিমাণে ধৰ্মগ্ৰন্থই বেছি ।" দৰ্শন বুক ষ্টলৰ দীপক চাংমায়ে কয়," আশানুৰূপ গ্ৰন্থ বিক্ৰী হোৱা নাই; কিন্তু যি ঠাইত গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিলে সেই দিশৰ প্ৰতি লক্ষ্য কৰিলে বিক্ৰী কিছু হৈছে বুলিয়েই কব লাগিব ।" নগৰ এলেকাত হোৱা হ'লে আৰু বেছি বিক্ৰী হ'লহেঁতেন বুলি তেওঁ কয় । কম-বেছি পৰিমাণে সকলো ধৰণৰ গ্ৰন্থ তেওঁৰ বিপণিত বিক্ৰী হৈছে যদিও মূলতঃ জুবিন গাৰ্গক লৈ লিখা কিতাপ, উপন্যাস, ধৰ্মীয়গ্ৰন্থৰ বিক্ৰী বেছি বুলি তেওঁ জানিবলৈ দিয়ে ।
নগৰৰ কাষৰীয়া হোৱা বাবে মানুহ আহিব নোৱাৰিলে :
ইউনিকছ বুকছৰ নয়নমণি বৰ্মনে কয়, "যেনেদৰে গ্ৰন্থ বিক্ৰী হ'ব বুলি ভাবিছিলো তেনেদৰে নহ'ল । নগৰত গ্ৰন্থমেলাখন হোৱা হ'লে আৰু বেছি বিক্ৰী হলহেঁতেন । নগৰৰ কাষৰীয়া হোৱা বাবে আৰু দুৰ হোৱা বাবে মানুহ আহিব নোৱাৰিলে । আশা কৰা ধৰণে গ্ৰন্থ বিক্ৰী নহ'ল যদিও যিখিনি বিক্ৰী হ'ল তাৰ ভিতৰত ইংৰাজী উপন্য়াসৰ সংখ্যাই বেছি ।" এনেদৰে স্থানৰ বাবেই যে গ্ৰন্থ মেলাখনত আশানুৰূপ গ্ৰন্থ বিক্ৰী নহ'ল সেই কথা প্ৰায় প্ৰতিজন গ্ৰন্থ বিক্ৰেতাই মত প্ৰকাশ কৰে ।

গ্ৰন্থমেলাৰ অন্তিম দিনা জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে ৷ ভাষণ প্ৰসংগত সভাপতি ডঃ গোস্বামীয়ে কয়, "অসম চৰকাৰে ২০২৫ বৰ্ষটোক গ্ৰন্থবৰ্ষ হিচাপে ঘোষণা কৰিছে ৷ অৰ্থাৎ চৰকাৰে গ্ৰন্থৰ পৃষ্ঠপোষকতা কৰিছে ৷ এয়া আমাৰ বাবে গৌৰৱৰ কথা ৷ বিভিন্ন ঘটনা পৰিঘটনাৰ বাবে সময়ে সময়ে গ্ৰন্থৰ জগতখন আক্ৰান্ত হৈছে ৷" সভাপতিগৰাকীয়ে নতুন প্ৰজন্মই অধ্যয়ন নকৰে বুলি বিভিন্ন পক্ষই কৰা অভিযোগ সম্পূৰ্ণ সঁচা নহয় বুলি কয় ।

এই সভাখনত আদৰণি ভাষণ আগবঢ়াই অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটো গ্ৰন্থবৰ্ষ হিচাপে ঘোষণা কৰি লেখক-প্ৰকাশক আৰু পঢ়ুৱৈসকলক উৎসাহিত কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰিকল্পনা অনুসৰি গ্ৰন্থবৰ্ষৰে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে ৷ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰকাশ সাহিত্য গোটৰ জৰিয়তে সৃজনীশীল সাহিত্যক লৈ আলোচনা সত্ৰ, মহাবিদ্যালয় গ্ৰন্থমেলা আদি অনুষ্ঠিত কৰি আহিছে অসম প্ৰকাশন পৰিষদে ৷"
লখিমপুৰত দহ দিনত ৪০ৰ পৰা ৪৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি বক্তব্য আগবঢ়াই ইয়াত অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱা বিদ্যায়তনিক অনুষ্ঠান, সংবাদ মাধ্যমকে ধৰি সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰে সচিব কলিতাই ৷

