ETV Bharat / state

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ তিনিটাকৈ গীত মুকলি; আজাৰৰ ঘটনাক লৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ

শনিবাৰৰ পৰা চলিব বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ ৷ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ এদিন পূৰ্বে বিজেপি মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰীয়ে মুকলি কৰে তিনিটাকৈ নিৰ্বাচনী প্ৰচাৰৰ গীত ৷

CM Himanta Biswa Sarma
বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ তিনিটাকৈ গীত মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2026 at 7:53 AM IST

|

Updated : February 28, 2026 at 10:49 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে গীতে-মাতে সাজু হৈছে শাসকীয় দল বিজেপি ৷ নিৰ্বাচনী প্ৰচাৰৰ লগতে ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে শুকুবাৰে বিজেপিৰ তিনিটাকৈ নিৰ্বাচনী গীত মুকলি কৰা হয় ৷ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ তিনিটা 'নিৰ্বাচনী গীত' উন্মোচন কৰে ৷ দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত বিধানসভা নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক তথা লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী ৰেখা বাৰ্মা আৰু সাংসদ বাসুৰী স্বৰাজ উপস্থিত থাকে ৷

অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, "নিৰ্বাচনৰ এই গানবোৰ দলৰ ফালৰ পৰাই প্ৰস্তুত কৰা হৈছে ৷ আজি তেনে তিনিটা গান মুকলি কৰা হৈছে ৷ আৰু কেইবাটাও গান আমাৰ বিভিন্ন স্থানত কাৰ্যকৰ্তাসকলে প্ৰস্তুত কৰি আছে ৷ এইবোৰ কোনো প্ৰফেচনেল উদ্যোগ নহয়, কাৰ্যকৰ্তাৰ উদ্যোগ ৷ এই গীতসমূহ সামাজিক মাধ্যম আৰু প্ৰচাৰৰ সময়ত ব্যৱহাৰ কৰা হ'ব ৷"

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

আজাৰৰ ঘটনাত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া :

আজাৰত উচ্ছেদৰ জাননী দিব যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "আজাৰা মুখ্যমন্ত্রীৰ সমষ্টি ৷ ট্ৰাইবেল বেল্ট আৰু ব্লকত এচাম লোক বহি আছে ৷ আইন অনুসৰি জাননী দিয়া হয় আৰু জাননীৰ প্ৰত্যুত্তৰ দিয়াৰো সময় পায় ৷ কিন্তু জাননী দিব যাওতেই আজি সেই অচিনাকী লোকসকলে আমাৰ অসম আৰক্ষীৰ লোকৰ ওপৰত আক্ৰমণ কৰিছে ৷ জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰিছে ৷ অৰ্থাৎ ডেৰ লাখ বিঘা মাটি বেদখলমুক্ত কৰাৰ পিছতো বেদখলকাৰীসকল যুঁজ দিবলৈ প্ৰস্তুত হৈ আছে ৷ বিজেপি দল নাথাকিলে তেওঁলোকে গুৰু-গোঁসাই নামানিব ৷ ইতিমধ্যে একচন লোৱাৰ বাবে নিৰ্দেশ দিছো ৷ প্ৰায় ১৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তাত এতিয়া স্থায়ী পুলিচ শিবিৰ থাকিব আৰু আইনী প্ৰক্ৰিয়াৰ মাজেৰে আমি বেদখলকাৰীক উচ্ছেদ কৰিম ৷ এই বেদখলকাৰীসকল খিলঞ্জীয়া মানুহ নহয়, এওঁলোকে সকলো অচিনাকী মানুহ ৷"

CM Himanta Biswa Sarma
বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ তিনিটাকৈ গীত মুকলি মুখ্যমন্ত্রীৰ (ETV Bharat Assam)

বিজেপিৰ জন আশীৰ্বাদ যাত্রা :

বিজেপিৰ 'জন আশীর্বাদ যাত্রা'ৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "এইটো যথেষ্ট গুৰুত্বপূৰ্ণ যাত্রা হ'ব ৷ জন আশীৰ্বাদ যাত্রাৰ মাধ্যমেৰে আমি আমাৰ জনতাৰ পৰা আশীৰ্বাদ বিচাৰিম ৷ মোদীৰ নেতৃত্বত আমাক তৃতীয়বাৰৰ বাবে অসমত চৰকাৰৰ কৰাৰ সুবিধা দিয়াৰ বাবে ৰাইজৰ ওচৰলৈ যাম ৷

CM Himanta Biswa Sarma
বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ তিনিটাকৈ গীত মুকলি মুখ্যমন্ত্রীৰ (ETV Bharat Assam)

প্ৰতিটো সমষ্টিতে ভাবিব নোৱৰা কাম হৈছে :

বিধায়কৰ ৰিপ'ৰ্ট কাৰ্ডৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বিজেপিত এনেকুৱা ধৰণৰ নহয় ৷ এইবাৰ আমি এটাই চাম যে কোনজন প্ৰাৰ্থীক দিলে নিৰ্বাচনত সহজে জিকিব পাৰো ৷ কাৰো ৰিপৰ্ট কাৰ্ড চাই কাৰোবাক বেয়া বুলি কোৱাৰ আমাৰ অধিকাৰ নাই ৷ কাৰণ অসমৰ প্ৰত্যেকটো সমষ্টিতে ভাবিব নোৱৰা কাম হৈছে ৷ কোনো এটা সমষ্টি নাই য'ত অন্তত দুশ কিলোমিটাৰ ৰাস্তা পকী হোৱা নাই ৷ কোনো এটা সমষ্টি নাই য'ত ৩০-৪০ হাজাৰ মহিলাই অৰুণোদয় পোৱা নাই ৷ গতিকে কাৰো কাম বেয়া বুলি আমি পৰিৱৰ্তন কৰিব নোৱাৰো ৷ কিন্তু সমষ্টি পৰিৱৰ্তন হৈছে, এছ টি-এছ চি সমষ্টি পৰিৱৰ্তন হৈছে ৷ গতিকে স্বাভাৱিকতে কিছু নতুন মুখ আহিব ৷ গতিকে ৰিপৰ্ট কাৰ্ডৰ কথা নাই ৷ বিজেপিত পৰিয়ালৰ দৰে সিদ্ধান্তবোৰ হয় ৷"

লগতে পঢ়ক : মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হৈছে ৰাজ্যৰ ১০ লাখ লোক : মুখ্যমন্ত্ৰী

সমাগত নিৰ্বাচন : শাসকীয় মিত্রদলৰ মাজত হোৱা নাই আসন বুজাবুজি, কেইবাটাও সমষ্টিক লৈ নিমিলা অংক

ফাষ্ট ট্ৰেক আদালতত চলিব জুবিন গাৰ্গৰ হত্যাৰ গোচৰ : কেবিনেট সিদ্ধান্ত

Last Updated : February 28, 2026 at 10:49 AM IST