ETV Bharat / state

মণিৰাম দেৱানৰ মৃত্যুদিনত বিদেশীৰ গোলাম নহ'বলৈ সংকল্প গ্ৰহণৰ আহ্বান

অসমৰ স্বাধীনতা সংগ্ৰামী, প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱানৰ সমাধিত শ্ৰদ্ধাঞ্জলি বিজেপি সভাপতি দিলীপ শইকীয়াৰ ।

Maniram Dewan death anniversary
মণিৰাম দেৱানলৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 7:37 AM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : অসমৰ স্বাধীনতা সংগ্ৰামী, প্ৰথমগৰাকী চাহ খেতিয়ক মণিৰাম দেৱানৰ মৃত্যু দিন উপলক্ষে ২৬ ফেব্ৰুৱাৰীত যোৰহাটৰ চিনামৰা চাহ বাগানস্থিত মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰত স্বাধীনতা সংগ্ৰামীগৰাকীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই মণিৰাম দেৱানৰ ত্যাগ আৰু দেশপ্ৰেমৰ সম্পৰ্কে উপস্থিত ৰাইজক ব্যাখ্যা কৰে বিজেপিৰ সভাপতিগৰাকীয়ে ।

মণিৰাম দেৱানলৈ শ্ৰদ্ধাঞ্জলি দিলীপ শইকীয়াৰ (ETV Bharat Assam)

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, "আমাৰ প্ৰাতঃস্মৰণীয়, স্বাধীনতা সংগ্ৰামৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া, যোৰহাট জিলাৰ সু-সন্তান, অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক মণিৰাম দেৱানৰ যি সমাধিস্থলী, চিনামৰা চাহ বাগিচাত তেওঁক সমাধিস্থ কৰা স্থানত উপস্থিত হৈ তেখেতলৈ আজি পবিত্ৰ দিনটোত শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিলোঁ । স্বাধীনতা আন্দোলনৰ যিটো যাত্ৰা আৰম্ভ হৈছিল, সেয়া ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ জৰিয়তে । ব্ৰিটিছৰ শোষণ, অন্যায়, দমন নীতিৰ বিৰুদ্ধে মণিৰাম দেৱানে যিধৰণে সন্মুখৰ পৰা আন্দোলনটোক নেতৃত্বত দিছিল । ইয়াৰ কাৰণে ব্ৰিটিছে তেওঁক ফাঁচি দি এই স্থানতে সমাধিস্থ কৰিছিল ।

Maniram Dewan death anniversary
মৃত্যুদিনত মণিৰাম দেৱানলৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

তেওঁ লগতে কয়, "অত্যন্ত অসন্মানজনক আৰু অমৰ্যাদাপূৰ্ণভাৱে তেওঁক আজিৰ দিনটোতে এই স্থানতে সমাধিস্থ কৰা হৈছিল । গতিকে আজিৰ দিনটো সংকল্প লোৱাৰ দিন, বিদেশী যি মানসিকতা, যি চক্ৰান্ত, এই চক্ৰান্তৰ বিৰুদ্ধে আজিৰ দিনটোত প্ৰতিগৰাকী অসমীয়াই সংকল্প ল'ব লাগে যাতে ভৱিষ্যতৰ দিনত আমি কোনো বিদেশীৰ গোলাম হ'ব নালাগে বা বিদেশী চক্ৰান্তৰ যাতে চিকাৰ আমি কোনো অসমীয়া, ভাৰতীয় হ'ব নালাগে ।"

উল্লেখ্য যে এই অনুষ্ঠানত দিলীপ শইকীয়াৰ সৈতে উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীসহিতে দলৰ কৰ্মকতাসকল ।

উল্লেখ্য যে ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ব্ৰিটিছে ফাঁচি দি চিনামৰা চাহ বাগিচাত সমাধিস্থ কৰিছিল ।

লগতে পঢ়ক :ফাষ্ট ট্ৰেক আদালতত চলিব জুবিন গাৰ্গৰ হত্যাৰ গোচৰ : কেবিনেট সিদ্ধান্ত
লগতে পঢ়ক :বিগত ৫ বছৰত চাহ বাগিচা অঞ্চলত উন্নয়ন হৈছে নে, কি কয় ডুৰুং চাহ বাগিচাৰ ভোটাৰে ?