নজিৰবিহীন! জুবিনৰ বাবে বিমানসভাত প্ৰথমবাৰৰ বাবে সভাস্থগিত প্ৰস্তাৱ গৃহীত
বিধানসভাত বিৰোধীয়ে বিচাৰি উলিয়ালে নমতা আলহী । জুবিনৰ গানৰ বিৰোধীৰ ব্যাখ্যাৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰলৈ সৰৱ বিধানসভাৰ মজিয়া ।

Published : November 25, 2025 at 7:21 PM IST
গুৱাহাটী: বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত সদনত নজিৰবিহীন ঘটনা । নিৰ্ধাৰিত কাৰ্যসূচী বাদ দি বিৰোধীৰ প্ৰস্তাৱ অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু ন্যায় প্ৰসংগত শাসক-বিৰোধীৰ সৰৱ আলোচনা বিধানসভাৰ মজিয়াত ।
নজিৰবিহীন! জুবিনৰ বাবে সভাস্থগিত প্ৰস্তাৱ গৃহীত:
মঙলবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ শীতকালীন অধিৱেশনত বিৰোধীয়ে সদনৰ মজিয়া জুবিন গাৰ্গৰ মৃত্যু আৰু ন্যায় প্ৰসংগৰে উত্তাল কৰিব বুলি পূৰ্বানুমান কৰা হৈছিল ৷ বিৰোধীয়ে সেই অনুসৰি আনিছিল জুবিন মৃত্যুৰ প্ৰসংগ আলোচনাৰ বাবে স্থগিত প্ৰস্তাৱ । বিধায়িনী দলৰ নেতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিধানসভাৰ অধ্যক্ষক অনুৰোধ জনায় এই প্ৰস্তাৱ গ্ৰহণৰ বাবে ৷ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই সভা স্থগিত প্ৰস্তাৱত অনুমোদন জনোৱাৰ পিছতেই সদনত জুবিন মৃত্যু প্ৰসংগত বিৰোধী আৰু শাসকীয়ৰ মাজত আলোচনা আৰম্ভ হয় ।
বিৰোধীৰ অভিযোগ, ন্যায় দাবী আৰু চি বি আই তদন্তৰ দাবীৰ মাজতেই শাসকীয়ৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিয়ে ৷ জুবিনৰ মৃত্যু যে এক পৰিকল্পিত হত্যা আছিল সেয়া সদৰী কৰি সদনত জুবিন হত্যাৰ তদন্তৰ সবিশেষ অৱগত কৰে মুখ্যমন্ত্ৰী ৷
বিধানসভাৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ গৃহীত হোৱাৰ বিষয়ে জ্যেষ্ঠ কংগ্ৰেছী নেতা বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই এইদৰে কয়, "জুবিন গাৰ্গৰ বিষয় লৈ যি এটা সভা স্থগিত প্ৰস্তাৱ আনিছিলোঁ, অসম বিধানসভা ইতিহাসত বোধকৰো নজিৰবিহীন ঘটনাই হ’ব... । প্ৰস্তাৱটো অধ্যক্ষই গ্ৰহণ কৰিলে আৰু আমাক আলোচনাৰ বাবে সুযোগ দিলে । জুবিন গাৰ্গৰ মৃত্যু ৰহস্যক লৈ আমি আলোচনা হোৱাটো বিচাৰিছিলোঁ ৷ কিন্তু যি গতিত SITৰ অনুসন্ধান চলি আছে তাক লৈ সুখী নহয় আমি ৷"
জুবিনৰ আদৰ্শ বিকৃত কৰাৰ অভিযোগ বিৰোধীৰ, মুখ্যমন্ত্ৰীৰ উত্তৰ:
শাসকীয় বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ গীতৰ অপব্যাখ্যা আগবঢ়াই শিল্পীজনৰ আদৰ্শৰ বিকৃত প্ৰচাৰ কৰা বুলি সদনৰ মজিয়াত গুৰুতৰ অভিযোগ বিৰোধী দলৰ । বিশেষকৈ বিৰোধী চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সৰৱ হৈ পৰে সদনৰ জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগৰ আলোচনা কালত ৷
"হুৰহুৰ হুৰাই দে, আপোন পথাৰখন মোকলাই দে, নমতা আলহীয়ে চোতাল ভৰিছে..." -শীৰ্ষক গীতটোৰ সদনত ব্যাখ্যা আগবঢ়ালে বিধায়ক মনোৰঞ্জন তালুকদাৰে । লগতে ক’লে তেওঁৰ দৃষ্টিভংগীৰে নমতা আলহীগৰাকী ৰজাঘৰীয়া অশোক সিংহল আৰু তেওঁৰ দৰে লোকসকল ।
তালুকদাৰে কয়, "আমাৰো এটা দৃষ্টিভংগী আছে । নমতা আলহী কোন ? আজি গুৱাহাটীৰ পৰা য’লৈকে চাওঁ, পথৰ দুয়োকাষে মাটিবোৰ কোনে দখল কৰিছে ? বণিয়াই, কোন বণিয়া এয়া ? আজি হাজাৰ হাজাৰ বিঘা মাটি লৈ যাব ধৰিছে । আমি আমন্ত্ৰণ জনাইছোঁ । আমাৰ এই চৰকাৰৰ এজন মন্ত্ৰীৰে ইয়াতো মাটি ওলাইছে, তাতো মাটি ওলাইছে ৷ সোণাপুৰতো মাটি ওলাইছে, ঢেকীয়াজুলিতো মাটি ওলাইছে, তেওঁ নমতা আলহী । তেওঁৰ সমগোত্ৰীয়সকল নমতা আলহী । এই নমতা আলহীয়ে আমাৰ চোতাল ভৰিছে । ঘৰে পথাৰে খোপনি পুতিছে ।"
"ৰজাঘৰীয়াকো জনাদেশ লাগে, ৰাজপাট বিচাৰি আলহীক নেৰে...”— এই শাৰীকেইটাৰো ব্যাখ্যা আগবঢ়াইছে চিপিএমৰ বিধায়ক তালুকদাৰে । তালুকদাৰৰ ব্যাখ্যা,"ৰাজপাটৰ আমন্ত্ৰণত গৈ সোণাপুৰ পাইছে, ঢেকিয়াজুলি পাইছেগৈ ৷ গোটেইবোৰ মাটি গোটাইছে মন্ত্ৰীসভাৰ এজন মন্ত্ৰীয়ে ।"
সদনত বিৰোধী চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে লগতে আওঁৰালে জুবিন গাৰ্গৰ 'মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত...।"-জুবিন গাৰ্গৰ মুখৰ এই সংলাপশাৰী ৷ "এইটো চিনেমাৰ সংলাপ হয় যদিও বহু মঞ্চত জুবিনে এই সংলাপ আওঁৰাইছে ৷ আমি জানো কলেজীয়া সময়তে জুবিন গাৰ্গে লগুণ ছিঙি আঠুৱাৰ ৰচী কৰিছিল ৷ জুবিনৰ আদৰ্শচ্যুত কৰি বিকৃতকৰণ নকৰিব ৷"-মনোৰঞ্জন তালুকদাৰে কয় ।
লগতে, জুবিনৰ আদৰ্শ, এই প্ৰসংগত মুখ্যমন্ত্ৰীক কিছু সংযত হ’বলৈ আহ্বান বিধায়ক মনোৰঞ্জন তালুকদাৰৰ । ৰাইজক মন্তব্যৰে সন্দিহান নকৰিবলৈ আহ্বান জনাই বিধায়কগৰাকীয়ে কয়,"জুবিন গাৰ্গ আৰু তেওঁৰ গীতৰ প্ৰকৃত পৰ্যালোচনা হওক । তেওঁৰ গীত আৰু সাংস্কৃতিক কৰ্ম সংৰক্ষিত হওক । জুবিন গাৰ্গৰ আদৰ্শ যাতে বিকৃত কৰাৰ প্ৰচেষ্টা নচলে সেয়া নিশ্চিত হওক ৷"
ইফালে বিৰোধীৰ বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্তক লৈ চৰকাৰক কঠোৰ সমালোচনা কৰে ৷ গগৈয়ে শ্যামকানু মহন্তৰ পত্নীকো তদন্তৰ আওতালৈ অনাটো বিচাৰিলে সদনৰ মজিয়াত । বিধায়ক গগৈৰ মন্তব্য,"যি অনুষ্ঠানলৈ গৈ আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ’ল, নৰ্থ-ইষ্ট ফেষ্টিভেল অনুষ্ঠানটোৰ প্ৰধান উদ্যোক্তা শ্যামকানু মহন্তৰ পত্নী অনুষ্ঠানৰ সহযোগী আয়োজকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷”
গগৈয়ে পুনৰ কয়,"চৰকাৰী ৱেবচাইটত স্পষ্টকৈ লিখি থোৱা আছে যে 'এক্সট্ৰনেল এফেয়াৰ্চ মিনিষ্ট্ৰি প্ৰেজেণ্টচ দ্যা নৰ্থ-ইষ্ট ফেষ্টিভেল ইন ছিংগাপুৰ ৷ ' ৷ অৰ্থাৎ বৈদেশিক মন্ত্ৰালয়ে এই অনুষ্ঠান পাতিছে । কিন্তু এতিয়ালৈকে সেই বৈদেশিক মন্ত্ৰালয়ৰ উদ্যোক্তা, জুবিন গাৰ্গৰ বন্ধু বুলি কৈ থকা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ অনা নাই ।"
অখিল গগৈয়ে লগতে কয়,"আমি জানিব লাগে আচলতে সেইদিনা ছিংগাপুৰত হৈছিলে কি ? ১৯ ছেপ্টেম্বৰৰ সেই মুহূৰ্তটোৰ ভিডিঅ’ এতিয়ালৈকে আমি দেখা নাই ৷ জুবিনদাই শেষ নিশ্বাস ত্যাগ কৰা দিনটোত আচলতে সেইদিনা হৈছিল কি ?... যিটো টীমে তেওঁক উদ্ধাৰ কৰি আনিছিল সেই টীমটোৰ সাক্ষ্য নোহোৱাকৈ কি এটা তদন্ত হ’ব পাৰে ?”
নিজৰ ভাষণত জুবিন গাৰ্গ প্ৰসংগত অখিল গগৈয়ে জুবিন গাৰ্গে তেওঁৰ 'পলিটিক্স নকৰিবা বন্ধু' গীতটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ বাবে গোৱা বুলি মন্তব্য কৰি সমালোচনাত মুখৰ হৈ পৰে । আনহাতে অখিল গগৈক উভতি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে,"এই গীতটি মই জনাত অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ কাৰণে গাইছিল ।”
সদনত বিৰোধীৰ এই সকলো প্ৰশ্ন আৰু সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দীঘলীয়া ভাষণেৰে জুবিন মৃত্যুৰ তদন্তৰ অগ্ৰগতিসহ সবিশেষ সদনৰ মজিয়াত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । জুবিনৰ মৃত্যুক দৃঢ়তাৰে এক হত্যাকাণ্ড বুলি কৈ সদৰী কৰে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ৷
মুখ্যমন্ত্ৰীয়ে সদৰী কৰে,"জুবিন গাৰ্গক হত্যা কৰা হৈছিল ৷ ধনৰ বাবেই হত্যা কৰা হৈছিল জুবিন গাৰ্গক । এজনে হত্যা কৰিছে, আনকেইজনে সহযোগ কৰিছে ৷ ৪-৫ জনেই মিলি হত্যা কৰিছে জুবিন গাৰ্গক ৷ জুবিন গাৰ্গৰ হত্যা গোচৰৰ চাৰ্জশ্বিটৰ পিছত আৰু নতুন গোচৰৰ তদন্ত হ’ব ৷ জুবিনক পূৰ্বৰে পৰা অৱহেলা কৰি আহিছিল ৷"
আনহাতে, বিৰোধীয়ে নমতা আলহী আখ্যা দিয়া অশোক সিংহলক মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত ৰক্ষণাবেক্ষণ দিয়া পৰিলক্ষিত হয় মঙলবাৰে শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত ৷ লগতে মুখ্যমন্ত্ৰীয়ে কয়, "ক'ভিডৰ আৰম্ভ হোৱা সময়ৰ পৰা জুবিন গাৰ্গৰ লগত কি হৈছিল তদন্ত হ'ব । জীৱিত কালত জুবিন গাৰ্গৰ লগত অন্যায় কৰা এজনো সাৰি যাব নোৱাৰে ।"

