ETV Bharat / state

প্ৰায় ৮০% ভোটদানেৰে শান্তিপূৰ্ণভাৱে সম্পন্ন ডিমৰীয়া সমষ্টিৰ ভোটগ্ৰহণ

ডিমৰীয়া সমষ্টিত ২৬২ টা সমষ্টিত শান্তিপূৰ্ণভাৱে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান সম্পন্ন হয় ৷ সমষ্টিটোত প্ৰায় ৮০.৫২% ভোটদান সম্পন্ন হয় ৷

Assam Assembly Election 2026
ডিমৰীয়া সমষ্টিত শান্তিপূৰ্ণভাৱে প্ৰায় ৮০% ভোটদান সম্পন্ন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2026 at 9:53 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: শাসক-বিৰোধীৰ মাৰাথন প্ৰচাৰ অভিযানৰ পাছত বৃহস্পতিবাৰে ৰাজ্যৰ ১২৬ টা সমষ্টিত সম্পন্ন হ‘ল ভোটদান প্ৰক্ৰিয়া । অহা ৫ বছৰৰ বাবে ৰাজ্যৰ ক্ষমতা কাৰ হাতলৈ যায়, তাৰ জনাদেশ দিলে ভোটাৰ ৰাইজে ।

এইবাৰ কামৰূপ মহানগৰ জিলাৰ পাঁচটা সমষ্টিত মুঠ ১,২১৮ টা ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছিল । ইয়াৰে ডিমৰীয়া সমষ্টিত ২৬২ টা, দিছপুৰ সমষ্টিত ২৭২ টা, নিউ গুৱাহাটী সমষ্টিত ২১৯ টা, মধ্য গুৱাহাটী সমষ্টিত ২১৮ টা আৰু জালুকবাৰী সমষ্টিত ২৪৭ টা ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছিল ।

ডিমৰীয়া সমষ্টিত শান্তিপূৰ্ণভাৱে প্ৰায় ৮০% ভোটদান সম্পন্ন (ETV Bharat Assam)

কামৰূপ মহানগৰ জিলাৰ পাঁচটা সমষ্টিত মুঠ ২৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিশেষকৈ ডিমৰীয়া সমষ্টিত ২৬২ টা সমষ্টিত শান্তিপূৰ্ণভাৱে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান সম্পন্ন হয় । মহানগৰ জিলা প্ৰশাসনে জনোৱা তথ্য অনুসৰি ডিমৰীয়া সমষ্টিত ৮০.৫২% ভোটদান সম্পন্ন হয় ৷ পুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত ডিমৰীয়া সমষ্টিৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ অহা ভোটাৰৰ ভিৰ পৰিলক্ষিত হয় ।

প্ৰতিকূল বতৰক নেওচি এখন সুস্থ চৰকাৰ গঠন কৰিবলৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহত দেখা গৈছে নাগৰিকৰ ব্যাপক ভিৰ । ব্যতিক্ৰম নহয় ডিমৰীয়া সমষ্টিৰ সাতগাঁও হাইস্কুলৰ ভোটকেন্দ্ৰও । ৯ টাকৈ ভোট খণ্ড থকা সাতগাঁও হাইস্কুলত পুৱাৰ পৰা বিয়লি ভাগলৈ ভোট দিবলৈ অহা লোকৰ ভিৰ দেখা গ’ল । প্ৰায় ৯ হাজাৰ নাগৰিকৰ ভোটাধিকাৰ থকা সাতগাঁও হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল ১০০ ৰ ঊৰ্ধৰ আইতাও ।

একেদৰে নৱগঠিত ৩৪ নং ডিমৰীয়া সমষ্টিৰ বোন্দা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত পুৱাৰ পৰা বিয়লি ভাগলৈ দেখিবলৈ পোৱা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী । বোন্দা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত বিশেষভাৱে সক্ষম ভোটাৰ তথা বয়স্ক ব্যক্তিয়েও ভোটদান কৰা পৰিলক্ষিত হৈছে । উক্ত কেন্দ্ৰতো শান্তি প্ৰক্ৰিয়াৰে বিয়লি ভাগলৈ ভোটদান সম্পন্ন হয় । একেদৰেই এই গণতন্ত্ৰৰ মহা উৎসৱত ভাগ ল’বলৈ আহিল এজন বিশেষভাৱে সক্ষম এজন ৭২ বছৰীয়া বৃদ্ধ । ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত নাৰেংগী অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ হাইস্কুল প্ৰাংগণৰ ভোটকেন্দ্ৰত ভোটদান কৰি ক্ষোভিত হৈ পৰিল ভাগ ল’বলৈ মহাবীৰ প্ৰসাদ আগৰৱালা নামৰ ভোটাৰগৰাকী ।

নিৰ্বাচন আয়োগ আৰু BLO ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি মহাবীৰ প্ৰসাদ আগৰৱালাই কয়, "মোক ঘৰত ভোটদান কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা কৰি নিদিলে । মই পেং লৈ বহু কষ্ট কৰি ভোটকেন্দ্ৰলৈ আহি ভোটদান কৰিবলৈ বাধ্য হ’লো ।’’ ভাৰতৰ নিৰ্বাচন আয়োগে বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ভোটদান প্ৰক্ৰিয়া সহজ আৰু সূচল কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । এই সুবিধাসমূহৰ মূল উদ্দেশ্য হৈছে কোনো ভোটাৰেই যাতে পিছপৰি থাকিব নালাগে । কিন্তু মহাবীৰ প্ৰসাদ আগৰৱালাৰ ঘটনাই ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনাত ত্ৰুটি ৰৈ যোৱাৰ উদাহৰণ দাঙি ধৰিছে ৷

আনহাতে ১ নং হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে ডিমৰীয়া সমষ্টিৰ এনডিএ সমৰ্থিত প্ৰাৰ্থী ড৹ তপন দাস সহিতে তেওঁৰ সহধৰ্মিণী আৰু তেওঁৰ মাতৃয়ে । প্ৰাৰ্থী ডঃ তপন দাসে ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰিবলৈ অহা আন ৰাইজৰ সৈতে শাৰী পাতি ভোটদান সম্পন্ন কৰে ।

লগতে পঢ়ক:

৮৫.১৩ শতাংশ ভোটদানেৰে অভিলেখ : ইভিএমত বন্দী ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য