আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰৰ সৈতে অসম কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি
এই চুক্তিয়ে অসমত আলুৰ গৱেষণা, উৎপাদন, প্ৰক্ৰিয়াকৰণ, বিপণন ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লগতে আলু খেতিয়কসকলৰ আয় বৃদ্ধিত ইতিবাচক ভূমিকা পালন কৰাৰ আশা কৰা হৈছে ৷

Published : August 26, 2026 at 1:14 PM IST
যোৰহাট : আলু অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ এক গুৰুত্বপূৰ্ণ শস্য ৷ কিন্তু কম উৎপাদনশীলতা, গুণগত মানসম্পন্ন বীজৰ অভাৱ, যান্ত্ৰিকীকৰণৰ সীমিত ব্যৱস্থা, কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ, মূল্য শৃংখলৰ অপৰ্যাপ্ত বিকাশ তথা শীতল সংৰক্ষণৰ সুবিধাৰ অভাৱ আদি বিভিন্ন কাৰকে উত্তৰ-পূৰ্বাঞ্চলত আলু উৎপাদনৰ সম্প্ৰসাৰণত বাধাৰ সৃষ্টি কৰি আহিছে ৷
এই সমস্যাসমূহৰ মোকাবিলা কৰাৰ লগতে আলু খণ্ডত গৱেষণা, প্ৰশিক্ষণ, সম্প্ৰদায়ৰ সৈতে সংযোগ আৰু উপযুক্ত মূল্য শৃংখল গঢ়ি তোলাৰ উদ্দেশ্যে অসম কৃষি বিশ্ববিদ্যালয়ে (AAU) আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰ (CIP) ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ৷
নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ে আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰৰ সৈতে এই বুজাবুজি চুক্তি স্বাক্ষৰিত কৰে ৷ চুক্তিখনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত আলু খণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে গৱেষণা আৰু প্ৰযুক্তিগত সহযোগিতাৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে ৷
বিশেষকৈ উত্তৰ-পূবৰ নিৰ্দিষ্ট উন্নত জাতৰ বিকাশ, জলবায়ু-সহনশীল প্ৰযুক্তিৰ প্ৰসাৰ, গুণগত আলু বীজৰ উৎপাদন আৰু সংৰক্ষণ, আলু-ভিত্তিক শস্য ব্যৱস্থাৰ সম্প্ৰসাৰণ তথা ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ তথা পৰিৱৰ্তন হ'ব বুলি আশা কৰা হৈছে ৷
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাই এই বুজাবুজি চুক্তিৰ জৰিয়তে আলুৰ খেতি আৰু ইয়াৰ উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজনৰ আৰু বিপণন আদিৰ ক্ষেত্ৰত অধিক আগুৱাই যোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৷
তেওঁ কয়, "জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ মোকাবিলা কৰিব পৰা প্ৰযুক্তি, উন্নত বীজ, দক্ষ পুষ্টি ব্যৱস্থাপনা আৰু উপযুক্ত সংৰক্ষণ ব্যৱস্থাৰ বিকাশে ৰাজ্যখনৰ আলু খেতিয়কসকলক যথেষ্ট উপকৃত কৰিব ৷"
তেওঁ লগতে নিৰ্দিষ্ট লক্ষ্যৰে জাতৰ বিকাশ, জলবায়ু স্থিতিস্থাপক প্ৰযুক্তি, আলুৰ বীজ উৎপাদন আৰু সংৰক্ষণৰ সুবিধা সৃষ্টি, আলুভিত্তিক শস্য ব্যৱস্থা তীব্ৰতৰ কৰি ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ পৰামৰ্শ আদিৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আৰু সুযোগ সৃষ্টি হ'ব বুলি আশা ব্যক্ত কৰে ৷
এই বুজাবুজি চুক্তিৰ জৰিয়তে অসম, পঞ্জাৱ আৰু ৰাজস্থানকে ধৰি অংশীদাৰ ৰাজ্যসমূহত আলু সম্পৰ্কীয় গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন দুৱাৰ মুকলি হ’ব বুলি অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলে আশা প্ৰকাশ কৰে ৷

