ব্ৰিটিছ শাসন কালতে তেজপুৰত গঢ় লৈ উঠা 'অসমীয়া ক্লাব', ঐতিহ্য আৰু পৰম্পৰাৰ সাক্ষী
ঐতিহ্য আৰু পৰম্পৰাৰ সাক্ষী তেজপুৰৰ 'অসমীয়া ক্লাব' । বৃটিছ প্ৰশাসনক প্ৰত্যাহ্বান জনাই তেজপুৰত গঢ় লৈ উঠা 'অসমীয়া ক্লাব' এতিয়া কেনে অৱস্থাত । বিশেষ প্ৰতিবেদন ।

Published : January 16, 2026 at 1:02 PM IST
তেজপুৰ: ব্ৰিটিছৰ শাসনৰ সময়ত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোঁহাঞি বৰুৱাই স্থাপন কৰা তেজপুৰ চহৰৰ মাজ মজিয়াত থকা এটা ক্লাব, নাম অসমীয়া ক্লাব । বৰ্তমান তেজপুৰৰ এই হেৰিটেজ গৃহৰ স্থায়ী ৰূপ দিয়াৰ এক সুদূৰপ্ৰসাৰী সিদ্ধান্তই মাঘ বিহু আৰু পবিত্ৰ মকৰ সংক্ৰান্তিৰ দিনটোতে লাভ কৰিলে সাকাৰ ৰূপ ।
উল্লেখ্য যে সমাজ হিতৈষী তথা অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা হৰিবিলাস আগৰৱালা, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোঁহাঞি বৰুৱাৰ লগতে বহুকেইগৰাকী দূৰদৰ্শী লোকৰ তৎপৰতাত ১৯১৫ চনৰ ১৫ এপ্ৰিল ১ ব'হাগ তাৰিখে বৃটিছ প্ৰশাসনক প্ৰত্যাহ্বান জনাই তেজপুৰত গঢ় লৈ উঠিছিল 'অসমীয়া ক্লাব' । অসম আৰ্হিৰে নিৰ্মিত গৃহটিয়ে আজিও সেই সময়ৰ অসমীয়াৰ স্বাভিমানক সগৌৰৱৰে পৰিচয় দি আহিছে ।
অনুষ্ঠানটিৰ উদ্দেশ্য আছিল স্বাভিমানী অসমীয়া জাতিৰ সকলো দিশতে পাৰ্গত নতুন প্ৰজন্মৰ যুৱশক্তি সৃষ্টি কৰা । বৰ্তমানে ১১০ বছৰীয়া ঐতিহ্যৰে গৰিমামণ্ডিত ক্লাব গৃহটি কালক্ৰমত নষ্ট হ'বলৈ ধৰাৰ পিছত শোণিতপুৰ জিলাৰ তদানীন্তন জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সহযোগত অসমীয়া ক্লাবে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক হিচাপে সমৃদ্ধ হৈ সগৌৰৱে উদ্ভাসিত হৈ থকা সেই ঐতিহ্য গৃহটি একে ঠাইতেই সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে একে আৰ্হিতে অসম চৰকাৰৰ ২৫ লাখ টকাৰে নিৰ্মাণ কৰি উলিওৱাৰ পিছত মকৰ সংক্ৰান্তিৰ দিনা এক মাংগলিক পৰিৱেশত শুভ উদ্বোধন কৰে বৰ্তমানৰ কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।
অসমীয়া ক্লাবৰ উদ্দেশ্য:
পদ্মনাথ গোঁহাঞি বৰুৱাৰই সন্ধিয়া চহৰৰ লোকসকলৰ একত্ৰিত হোৱাৰ বাবে এটা ঠাই বিচাৰি আছিল কাৰণ ব্ৰিটিছৰ ষ্টেচন ক্লাবত এইসকল লোক আঁতৰি থাকিবলগীয়া হৈছিল । তেওঁ এই বিষয়ে নিজে লিখি থৈ গৈছে এনেদৰে- "সদৌ শেষত দেখিলো—পদুম পুখুৰীৰ পূৰ্ব-দক্ষিণ চকুত এবিঘামান সুন্দৰ চৰকাৰী মাটি পতিত হৈ পৰি আছে । মই অনতিপলমে সেই সময়ৰ ডেপুটী কমিশ্যনাৰ মিঃ ফ্ৰিল চাহাবৰ বঙলালৈ গৈ, তেখেতক আমাৰ জৰুৰী অভাৱটোৰ বিষয়ে বহলাই বুজাই কৈ, লিখিত হুকুম এটিৰে সৈতে এই ভূমিদান লাভ কৰিলো । তাৰ পাছত, সদৌৰে যুটীয়া যন্ত্ৰৰ ফলত অলপ দিনৰ ভিতৰতে সেই ঠাইতে এটি, নিয়মীয়াকৈ আহল-বহল টিনৰ আধাপকী ঘৰ এটি থিয় হৈ জিলিকিল, এয়ে তেজপুৰ অসমীয়া ক্লাব ঘৰ ।”

"নিজা-নিজাকৈয়ে ইয়াক 'তেজপুৰ অসমীয়া ক্লাব' ঘৰ যুগুত হৈ উঠাত, ইয়াৰ মূলস্বৰূপ মই পোনে প্ৰথমে ভাড়াতীয়া ঘৰত প্ৰতিষ্ঠা কৰা 'সন্ধিয়া সমিলনী'ৰ আহিলা-পাতি সমুদায় উঠাই আনি এই নতুন ক্লাব-ঘৰত নিয়াৰিকৈ পাতি দিলোঁহি ।" (পদ্মনাথ গোঁহাঞি বৰুৱাৰ নিজৰ লিখা, শতবৰ্ষত অসমীয়া ক্লাব, শতদল গ্ৰন্থৰ সংকলনৰ পৰা লোৱা হৈছে ।)
ক্লাৱৰ বৰ্তমানৰ উপ-সভাপতি পংকজ বৰাই কয়, "এই অসমীয়া ক্লাবৰ ১৯১৫ চনত পদ্মনাথ গোঁহাঞি বৰুৱাৰ লগতে তেজপুৰৰ ভালেকেইজন অগ্ৰণী পুৰুষে সাহিত্য-সংস্কৃতি, নাটক খেলা-ধূলা, শৰীৰ চৰ্চাৰ অনুশীলনৰ বাবে এই ক্লাবটো প্ৰতিষ্ঠা কৰিছিল । বিশেষকৈ সেইসময়ত ষ্টেচন ক্লাব স্থাপন হৈছিল আৰু তাত ভাৰতীয়সকলক হীন চকুৰে চাইছিল আৰু তাৰে প্ৰতিক্ৰিয়াৰ পদ্মনাথ গোঁহাঞি বৰুৱাই এই অসমীয়া ক্লাৱৰ প্ৰতিষ্ঠা কৰিছিল অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ।"
তেওঁ লগতে কয়, "প্ৰথমচোৱাত আমাৰ এই ক্লাৱতে ১৯২৮ চনত অসম ছাত্ৰ সন্মিলন হৈছিল এই স্থানতে প্ৰথম শৰীৰ চৰ্চাৰ অনুশীলন অনুষ্ঠিত হৈছিল । তেখেতৰ সংস্কৃতিৰ জগতত সাহিত্য, নাটকৰ জগতত থকা ভূমিকা বহুতো প্ৰকাশ পাইছে । কিন্ত , তেওঁ যে আমাৰ শৰীৰচৰ্চা জগতখনৰ পিতৃপুৰুষ বুলি ধৰিব পাৰি সেই বিষয়ে বহুতে নাজানে । মই ১৯৮৬ চনৰ পৰা এই ক্লাৱৰ লগত জড়িত তাৰ আগতে চৰকাৰে এই ক্লাবটো অধিগ্ৰহণ কৰিছিল । ১৯৮৬ চনৰ এপ্ৰিল মাহৰ শেষৰ ফালে চৰকাৰৰ পৰা পুনৰ আমি দখলিচৰ্ত ঘূৰাই পাওঁ আৰু আমি সেই চনত ৭ মে'ত মোৰ নিজৰ ব্যায়ামগাৰ ঘৰৰ পৰা ইয়ালৈ লৈ আহো আৰু তেতিয়াৰ পৰাই শৰীৰ চৰ্চা চলি আহিছে ।"

বৰাই লগতে কয়, "আটাইতকৈ ডাঙৰ কথা ১৯০৫ চনত আমাৰ স্বনামধন্য পদ্মনাথ গোঁহাঞি বৰুৱাই দেশী কচৰৎ বুলি এখন গ্ৰন্থ লিখিছিল । কেনেদৰে ব্যায়াম কৰিব পাৰি চিত্ৰসহ বুজাই দিছিল, কিতাপখন চৰকাৰ সহযোগিতাত পৰৱৰ্তী সময়ত বিদ্যালয়ৰ পাঠ্যপুথি হিচাপে ব্যৱহাৰ হৈছিল । সেই পৰম্পৰা ৰক্ষা কৰি শোণিতপুৰ জিলাত ১৯৩৭ ভূপেন হাজৰিকাৰ বাল্যকালত তেতিয়াৰ লিচু পুখুৰীত চামছুল হুদদ্দাৰ ঘৰত দেউতাক নীলকান্ত হাজৰিকা ভাৰা আছিল । ভূপেন হাজৰিকাই কেইজনমান লোকক লৈ তাতে শৰীৰ চৰ্চা কৰিছিল । তেওঁ শৰীৰ চৰ্চাৰ বিভাগত আগ্ৰহী আছিল দেউতাকে এটা কেন্দ্ৰ তৈয়াৰ কৰি দিছিল ।"

শৰীৰ চৰ্চাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ পুনৰ কয়, "তেজপুৰত শৰীৰ চৰ্চা ইয়াৰ পৰাই আৰম্ভ পিচলৈ এইটো শোণিতপুৰ শৰীৰ চৰ্চা হিচাপে জনাজাত হয় । ১৯৪০ চনত তেজপুৰত শৰীৰ চৰ্চাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । তাত ভূপেন হাজৰিকাই লাঠীৰ খেল দেখুৱাইছিল আৰু ভগ্নী সুদক্ষিণাই যোগাসন প্ৰদৰ্শন কৰিছিল । সেই অনুসৰি অসমীয়া ক্লাৱে ১৯৭৬ চনৰ শৰীৰ চৰ্চাৰ প্রতিযোগিতা অনুষ্ঠিত কৰি আহিছে ।"

পদ্মনাথ গোঁহাঞি বৰুৱাৰ নাতি সঞ্জয় কৃষ্ণ গোঁহাঞি বৰুৱাই কয়, "মই পৰিয়াল হিচাপে নহয় এগৰাকী তেজপুৰৰ লোক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে এই হেৰিটেজ গৃহৰ পুনৰ এক স্থায়ী ৰূপ দিয়া হ'ল । মই সকলো অসমৰ ৰাইজক অনুৰোধ জনাম যে তেজপুৰ লৈ যদি আহে এই ঐতিহাসিক ঘৰটোৰ পৰিদৰ্শন কৰক । কাৰণ যি সকল মহান ব্যক্তিয়ে এই অনুষ্ঠানটোৰ স্থাপন কৰিছিল, এতিয়া কেনেকৈ ৰাখিছে সেই বিষয়ে চাব পাৰিব ।"

উদয় কৃষ্ণ গোঁহাঞি বৰুৱা, পদ্মনাথ গোঁহাঞি বৰুৱাৰ আন এগৰাকী নাতি বৰ্তমান তেওঁ অসমীয়া ক্লাৱৰ কাৰ্যকৰী সদস্য । তেওঁ কয়, "বিভিন্ন শিল্পীৰ দ্বাৰা এই ফটো সমূহ নিৰ্মাণ কৰা হৈছে সংৰক্ষণৰ বাবে, এই গৃহটো পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰায় ৮ মাহ সময় লাগিল । ২০২৫ বৰ্ষত সম্পূৰ্ণ হয় উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰীৰ পৰা সময় পোৱা নহ'ল বাবে সেই সময়ত যিগৰাকী আয়ুক্তৰ দ্বাৰা এই গৃহটো সংৰক্ষণৰ বাবে সঁহাৰি লাভ কৰি আজি সম্পূৰ্ণ হ'ল তদানীন্তন আয়ুক্ত তথা বৰ্তমান কামৰূপৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই মাঘৰ বিহুৰ দিনা মুকলি কৰে ।"
আনহাতে উপ সভাপতি বৰাই কয়, "ঘৰটোৰ পুৰণা খুঁটাসমূহৰ তলৰ অংশ নষ্ট হৈ গৈছিল এই ঐতিহ্য সংৰক্ষণ কৰি ৰাখিবলৈ আমি ভোজখোৱা চাপৰিত শাল গছৰ খুঁটা অলপ থকাৰ খবৰ পাই সেইসমূহ আনি পুনৰ তলৰ অংশত সংযোগ কৰোঁ । বৰ্তমান অসমীয়া ক্লাৱৰ এই হেৰিটেজ গৃহটো এটা সংগ্ৰহালয় হিচাপে ব্যৱহাৰ কৰিম । পদ্মনাথ গোঁহাঞি বৰুৱাদেবে ব্যৱহাৰ কৰা কিছু সামগ্ৰী ইয়াত ৰাখিম, কিছু সাঁচি পুথি আছে সেইসমূহো সংৰক্ষণ কৰিম ।"

১৯১৫ চনৰ আগে আগে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পিতৃ গোপাল চন্দ্ৰ ৰাভাই সেই সময়ত আৰ্থিকভাৱে এই গৃহটোৰ বাবে সহায় কৰিছিল, সেই সময়ত তেওঁ ঢাকাত কৰ্মৰত আছিল চুৱেদাৰ মেজৰ হিচাপে আছিল । ইয়াৰ সভাপতি পৰৱৰ্তী সময়ত লক্ষী শইকীয়া, কুশ শৰ্মা, হিতেশ্বৰ মহন্ত ,অৱনী শৰ্মা ,জ্যামিনি বৈশ্য, যতীন কোচ আৰু বৰ্তমান সভাপতি অৰুণা দেৱী ।
উল্লেখযোগ্য যে, এই অসমীয়া ক্লাৱৰ সদস্য বৰ্তমান প্ৰায় ১৪০ গৰাকী ইয়াৰ ভিতৰত ৭০ গৰাকী আজীৱন সদস্য, ইয়াৰ সদস্য হ'বলৈ সমিতিৰ সিদ্ধান্ত অনুযায়ী সিদ্ধান্ত লোৱা হয় আৰু কোনো ধৰণৰ চেকা নথকা আৰু ৰাজনৈতিক বিষয়ৰ পৰা এই ক্লাব সম্পূৰ্ণ পৃথক । ৰাজনৈতিক ব্যক্তি যদিও ইয়াৰ সদস্য হয় এই ক্লাবত ৰাজনীতিৰ কোনো লোকে চর্চা কৰিব নোৱাৰিব বুলি উপ-সভাপতি পংকজ বৰা আৰু কাৰ্যকৰী সদস্য উদয় কৃষ্ণ গোঁহাঞি বৰুৱাই জনায় ।

