ধৰ্মীয় সংখ্যালঘু লোকে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব : বসন্ত কুমাৰ গোস্বামী
চৰাঞ্চলত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা-ছোৱালী এজনো নাই, বিপৰীতে শিৱসাগৰ-যোৰহাটত আছে : অসম সাহিত্য সভাৰ সভাপতি

Published : May 17, 2026 at 9:15 PM IST
|Updated : May 18, 2026 at 8:40 PM IST
বৰপেটা : যি সময়ত চৰ চাপৰি অঞ্চলত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকক বিদেশীৰ বুলি একাংশই সন্দেহ কৰে সেই সময়তে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে ৷ মুছলমান মাত্ৰেই বিদেশী নহয় বুলি উল্লেখ কৰি অসম সাহিত্য সভাৰ সভাপতি গোস্বামীয়ে কয়,"মুছলমান মানে বিদেশী নহয় ৷ আগন্তুক লোকপিয়লত চৰ চাপৰিৰ লোকসকলে যদি সহযোগ নকৰে তেন্তে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো ১০০ শতাংশই নিশ্চিত ৷ চৰবাসীয়ে যদি লোকপিয়লত অসমীয়াৰ পৰিচয় নিদিলেহেতেন তেতিয়া হ'লে ১৯৩১, ১৯৪১ অথবা ১৯৫১ চনতেই অসমীয়া সংখ্যালঘিষ্ঠ হ'ল হেতেন ৷"
তেওঁ লগতে কয়," চৰ চাপৰিত বসবাস কৰা অসমৰ মুছলমানসকলক লুইতপৰীয়া অসমীয়া হিচাপে সাহিত্য সভাই ইতিমধ্যে স্বীকৃতি দিছে ৷ লোকপিয়লত তেওঁলোকে 'ব' নিলিখে 'অ' লিখিব ৷ এয়া জাতিটোৰ বাবে ইতিবাচক দিশ ৷ কাৰণ বড়ো জনগোষ্ঠী বা মিছিং জনগোষ্ঠীয়ে কেতিয়াও অসমীয়া বুলি নকয় ৷ কিন্তু চৰবাসীয়েহে অসমীয়া বুলি ক'ব ৷"
সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলৰ প্ৰসংগ উত্থাপন কৰি অসম সাহিত্য সভাৰ সভাপতি গোস্বামীয়ে কয়,"চৰাঞ্চলত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা-ছোৱালী এজনো নাই ৷ চৰ অঞ্চলত অসমীয়া বিষয়ত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিছে ৷ কিন্তু শিৱসাগৰ, যোৰহাটত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা ছোৱালীৰ সংখ্যা অধিক ৷ চৰ অঞ্চলত এজন ল'ৰা-ছোৱালীয়েও অসমীয়া বিষয়ত ফেইল কৰা নাই ৷"
তেওঁ লগতে কয়,"ৰাজনীতিয়ে সমাজখন ভাঙি থানবান কৰে আৰু সাহিত্য, সংস্কৃতিয়ে সেই ভগা হাড়বোৰ জোৰা দিয়ে ৷ সেয়ে কয়াকুছিলৈ আহিছো ৷ বিচিত্ৰতাৰ মাজত ঐক্যৰ সূতাডাল উলিয়াই সাংস্কৃতিক বন্ধনেৰে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ যত্ন কৰিব লাগিব ৷ যিটো চৰ চাপৰিবাসীয়ে কৰিছে ৷" উল্লেখ্য যে, দেওবাৰে অসম সাহিত্য সভাৰ উদ্যোগত আৰু 'চৰ-চাপৰি ভাষা-সাহিত্য-সংস্কৃতি উপ-সমিতি'ৰ সহযোগত কয়াকুছিত অনুষ্ঠিত বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাবেশ-২০২৬ শীৰ্ষক অনুষ্ঠানত অশংগ্ৰহণ কৰি এই মন্তব্য কৰে গোম্বামীয়ে ৷
লগতে পঢ়ক:নৱ প্ৰজন্মক ম'বাইল আসক্তিমুক্ত কৰিবলৈ যোগাসন প্ৰতিযোগিতা

