মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অগপৰ
তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ সংগঠনৰ সৈতে অগপৰ সাংসদ-বিধায়কৰ বৈঠক ৷ সদনৰ ভিতৰে-বাহিৰে, সৰ্বতোপ্ৰকাৰে জনজাতিকৰণৰ প্ৰক্ৰিয়াত সহযোগিতা কৰিব অগপই ।

Published : November 13, 2025 at 11:00 AM IST
তিনিচুকীয়া : মঙলবাৰে হঠাতে তিনিচুকীয়াৰ বৰগুৰিত অৱস্থিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰশাসনিক ভৱনত উপস্থিত হয় অসম গণ পৰিষদ দলৰ সাংসদ-বিধায়কৰ এটা দল ৷ অগপৰ এই দলটোৱে মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ সৈতে এক বৈঠকত মিলিত হয় ৷
ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়ক পোনাকণ বৰুৱা, ভৱেন ভৰালী, পৃথ্বীৰাজ ৰাভাসহ অগপৰ এটা দলে মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠন ক্ৰমে অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ সাহিত্য সভা, মৰাণ জাতীয় শৈক্ষিক বিকাশ মঞ্চৰ নেতৃত্বৰ সৈতে প্ৰায় দুই ঘণ্টাজোৰা বৈঠকত মিলিত হয় ।
বৈঠকত দলটোৱে মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ সৈতে মৰাণ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী মৰাণসকলৰ জনজাতিকৰণৰ সন্দৰ্ভত আলোচনাত মিলিত হৈ মৰাণসকলক জনজাতিকৰণৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন থকা বুলি উল্লেখ কৰাৰ লগতে সদনৰ ভিতৰে বাহিৰে যাৱতীয় কাম-কাজখিনিক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি সদৰী কৰে ।
বৈঠকৰ পাছত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয়, “যোৱা ২৪ আৰু ২৫ অক্টোবৰত গুৱাহাটীত অসম গণ পৰিষদ দলৰ এখন দিশ নিৰ্ণয় বৈঠক বহিছিল আৰু সেই বৈঠকৰ সিদ্ধান্তমৰ্মে অসমৰ ছয় জনগোষ্ঠীৰ সংগঠনৰ কাষলৈ গৈ এক আলোচনাত মিলিত হোৱাৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা থাকিব বুলি লোৱা সিদ্ধান্তৰ কথা সদৰী কৰো । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলে সদনৰ ভিতৰে বাহিৰে সম্পূৰ্ণ মুকলিকৈ সমৰ্থন কৰাৰ লগতে কৰণীয়খিনি কৰি যাব ৷’’

‘‘জনজাতিকৰণ সম্পূৰ্ণ ন্যায্য দাবী ৷ গতিকে ন্যায্য দাবীৰ প্ৰতি অগপৰ সম্পূৰ্ণ সমৰ্থন আছে । ন্যায্য দাবীৰ প্ৰতি কেতিয়াবা সংগ্ৰাম হ’ব পাৰে, কিন্তু আমি আশা কৰিছো ন্যায্য দাবী নিশ্চয় সফল হ’ব । আজি আমি কোনো ৰাজনীতিৰ কথা পতা নাই, এয়া ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই । মাত্ৰ জনজাতিকৰণৰ বিষয়টোৰ সন্দৰ্ভতেই আলোচনা হৈছে ।” বৈশ্যই কয় ৷
ইফালে, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মুখ্যমন্ত্ৰীয়ে কথা দিয়া মতে ২৫ নৱেম্বৰৰ দিনটোত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে বুলিও উল্লেখ কৰে । লগতে মটক আৰু মৰাণৰ লগত আলোচনাত মিলিত হোৱাৰ পাছত বুধবাৰে(১২ নৱেম্বৰ) টাই আহোম আৰু চুতীয়া জনগোষ্ঠীৰ লগত আলোচনাত মিলিত হোৱাৰ পাছত পৰৱৰ্তী সময়ত চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীসকলৰ সৈতেও বৈঠকত মিলিত হ’ব বুলি কলিতাই মন্তব্য কৰে ।

আনহাতে, মঙলবাৰে এই বৈঠকৰ পাছত অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই সভাখনক লৈ যথেষ্ট আশাবাদী বুলি উল্লেখ কৰে ৷ তেওঁ কয়, ‘‘আমি সদায় স্মাৰকপত্ৰ লৈ মন্ত্ৰী-বিধায়কৰ ওচৰলৈ যাওঁ, কিন্তু আজি আমাৰ ওচৰলৈ আমাৰ সমস্যাৰ কথা বুজ ল’বলৈ এটা দল আহিছে ৷ নথৈ আনন্দিত হৈছো ৷ আমি আশা কৰিছো মৰাণসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ প্ৰসংগটো অসম গণ পৰিষদ দলৰ বিধায়ক-সাংসদ সমৰ্থনে যথেষ্ট লাভান্বিত কৰিব ।’’

