ETV Bharat / state

বিৰল চিয়া নাহৰৰ বাবে বিখ্যাত এখন সংৰক্ষিত বনাঞ্চল যি অসমৰেই নহয় এছিয়াৰো এক আপুৰুগীয়া সম্পদ

দুষ্প্রাপ্য চিয়া নাহৰ । এছিয়া মহাদেশৰ ভিতৰত কেৱল লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলতহে উপলব্ধ এই বিৰল প্ৰজাতিৰ গছবিধ । বনাঞ্চলখনক আলোকপাত কৰি এক প্ৰতিবেদন ।

Dolung Reserve Forest
দুলুঙ সংৰক্ষিত বনাঞ্চল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 28, 2025 at 12:31 PM IST

|

Updated : November 28, 2025 at 12:36 PM IST

7 Min Read
Choose ETV Bharat

লখিমপুৰ: এছিয়া মহাদেশৰ ভিতৰতে বিখ্যাত এখন সংৰক্ষিত বনাঞ্চল । এই বনাঞ্চলখন আছে লখিমপুৰত । বনাঞ্চলখনৰ নাম দুলুং সংৰক্ষিত বনাঞ্চল । চিয়া নাহৰ পোৱা যায় একমাত্র এই বনাঞ্চলখনত । অতি দুষ্প্রাপ্য চিয়া নাহৰ, মূল্যৱান গছ-লতিকা, বাঘ-হাতীকে ধৰি সৰীসৃপসহ বনৰীয়া পক্ষী, অৰ্কিড আদিৰে ভৰপূৰ এই বনাঞ্চলখন ।

বনাঞ্চলখনৰ ইতিহাস:

দেশে তেতিয়া স্বাধীনতা লাভ কৰাই নাই । প্ৰাকৃতিক সম্পদেৰে মেটমৰাকৈ ভৰি আছিল দুলুং বনাঞ্চল । বনাঞ্চলখনৰ প্ৰাকৃতিক সৌন্দর্য সম্ভাৰত চকু পৰিছিল ব্ৰিটিছ শাসকৰ । তেওঁলোকে বনাঞ্চলখনৰ এক জৰীপ কৰিলে । জৰীপ কৰি বনাঞ্চলখনৰ প্ৰাচুৰ্যতাক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে । যাৰ বাবে এক নটিফিকেচনৰ জৰিয়তে ১৯১৩ চনত ৯৯০০.০৩ হেক্টৰ মাটিকালিৰে আগুৰা দুলুং বনাঞ্চলখনক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিলে ।

দুলুঙ সংৰক্ষিত বনাঞ্চল (ETV Bharat Assam)

বনাঞ্চলখন বিখ্যাত হোৱাৰ মূল কাৰক:

এছিয়া মহাদেশৰ ভিতৰত একমাত্র দুলুং সংৰক্ষিত বনাঞ্চলতহে পোৱা যায় দুষ্প্রাপ্য চিয়া নাহৰ । ঔষধি গছ হিচাপেও জনা যায় চিয়া নাহৰক । অতি টান আৰু ৰঙা ৰঙৰ হয় চিয়া নাহৰ । ইন্টাৰনেটৰ তথ্য অনুসৰি দুলুঙৰ বাদে কাচিনতহে পোৱা যায় চিয়া নাহৰ। সেয়ে চিয়া নাহৰে দুলুঙক এছিয়া বিখ্যাত মৰ্যাদা প্ৰদান কৰিছে ।

কি কি সম্পদ ভৰি আছে দুলুঙৰ বুকুত:

চিয়া নাহৰৰ উপৰি অনেক মূল্যবান গছ-লতিকাৰে ভৰপূৰ দুলুঙৰ বুকু । সৰু সৰু নিজৰাই জেউতি বঢ়াইছে দুলুঙৰ । বহু প্ৰজাতিৰ অৰ্কিড আৰু বহু প্ৰজাতিৰ ৰং-বিৰঙৰ পখিলাই বুটা বাচিছে দুলুঙত । বাঘ-ভালুক, হাতীৰ পৰা সৰীসৃপসহ প্ৰায় সকলো বন্য জীৱ-জন্তুৰ ৰম্যভূমি দুলুং সংৰক্ষিত বনাঞ্চল ।

ভাৰতীয় বায়ু সেনাৰ বাবেও গুৰুত্বপূৰ্ণ দুলুং:

ভাৰতীয় বায়ু সেনাৰ বাবেও গুৰুত্বপূৰ্ণ দুলুং সংৰক্ষিত বনাঞ্চল । কিয়নো এই বনাঞ্চলখনৰ ভিতৰত আছে বায়ু সেনাৰ সামৰিক অনুশীলন ক্ষেত্র । বছৰত কেইবামাহ ধৰি বায়ু সেনাই যুঁজাৰু বিমানেৰে দুলুং সংৰক্ষিত বনাঞ্চলৰ সামৰিক অনুশীলন ক্ষেত্রত বোমা বৰ্ষণ, ৰকেট নিক্ষেপ আদিৰ অনুশীলন চলায় ।

বনাঞ্চলখনৰ বুকু বায়ু সেনাৰ যুঁজাৰু বিমানৰ গৰ্জন, বোমা বিস্ফোৰণৰ প্ৰচণ্ড শব্দই কঁপাই ৰাখে কেইবামাহ ধৰি । সেয়ে কেৱল প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতাৰ বাবেই নহয় । দেশৰ সুৰক্ষাৰ দিশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দুলুং সংৰক্ষিত বনাঞ্চলে ।

Dolung Reserve Forest
দুলুং সংৰক্ষিত বনাঞ্চলত উপলব্ধ দুষ্প্রাপ্য চিয়া নাহৰ (ETV Bharat Assam)

পিছে বনাঞ্চল খনৰ ওপৰত একাংশ দুস্কৃতিকাৰীৰ চকু পৰে । চোৰাং বেহাৰ উকমুকনি আৰম্ভ হয় । এই কথা লক্ষ্য কৰি স্থানীয় সচেতন লোকে গঠন কৰে দুলুং সোৱণশিৰি কনজাৰভেছন ছ'চাইটি । এই ছ'চাইটিয়ে সজাগতা সৃষ্টি কৰাৰ লগতে চোৰাং বেহা ৰোধৰ বাবে বন বিভাগৰ সৈতে মিলি কাম কৰি আহিছে ।

এই ছ'চাইটিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ইক' টুৰিজিম ডেভেলপমেন্ট বিভাগৰ সৈতে মিলি বনাঞ্চলখন ৰক্ষাৰ হেতু কাম কৰি আহিছে । সজাগতা সৃষ্টিৰ লগতে প্ৰকৃতিৰ প্ৰতি চেনেহ বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ । এই মহোৎসৱৰ জৰিয়তে ৰাইজক প্ৰকৃতিৰ সৈতে একাত্ম কৰাৰ প্ৰয়াস কৰি অহা হৈছে ।

Dolung Reserve Forest
অনেক মূল্যবান গছ-লতিকাৰে ভৰপূৰ দুলুঙৰ বুকু (ETV Bharat Assam)

কি কয় দুলুং সোৱণশিৰি কনজাৰভেছন ছ'চাইটিৰ সম্পাদকে:

এগৰাকী স্থানীয় সমাজ সচেতন যুৱক মজিন সোণোৱাল হ'ল দুলুং সোৱণশিৰি কনজাৰভেছন ছ'চাইটিৰ সম্পাদক । দুলুং সংৰক্ষিত বনাঞ্চলখনক আলোকপাত কৰাৰ লগতে দুলুং-সোৱণশিৰি প্ৰকৃতি মহোৎসৱৰ উদেশ্য দাঙি ধৰি তেওঁ কয়, "আন বনাঞ্চলতকৈ দুলুং সংৰক্ষিত বনাঞ্চলৰ বৈশিষ্ট্য কিছু পৃথক । বনাঞ্চলখনৰ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতাক দেখা পাই ব্ৰিটিছে জৰীপ কৰি ১৯১৩ চনতে সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা প্ৰদান কৰে ।"

চিয়া নাহৰৰ প্ৰসংগ উল্লেখ কৰি সোণোৱালে কয়, "এসময়ত বাঘ, হাতী, নল গাহৰি, শৰ পহু, সুগৰি পহু, জহামাল আদি সকলো বন্য জীৱ-জন্তুৰে ঠাহ খাই আছিল এই বনাঞ্চলখন । পিছে এতিয়া আন জীৱ-জন্তু সকলো থাকিলেও বাঘৰ সংখ্যা প্ৰায় নোহোৱাৰ দৰে হ'ল । সচৰাচৰ আন বনাঞ্চলসমূহত থকাৰ দৰে দুলুং সংৰক্ষিত বনাঞ্চলতো সকলো গছ-লতিকা আছে যদিও চিয়া নাহৰৰ বাবে দুলুং সংৰক্ষিত বনাঞ্চল অনন্য । কাৰণ এচিয়া মহাদেশৰ ভিতৰত একমাত্র দুলুং সংৰক্ষিত বনাঞ্চলতহে চিয়া নাহৰ পোৱা যায় । অতি দুষ্প্রাপ্য চিয়া নাহৰ সৰ্বাধিক কেৱল এই বনাঞ্চল খনতহে পোৱা যায়।"

Dolung Reserve Forest
সৰু সৰু নিজৰাই জেউতি বঢ়াইছে দুলুঙৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "দুলুঙৰ প্ৰাকৃতিক শোভা বর্ধন কৰি আছে ২৩০ টা মান প্ৰজাতিৰ অৰ্কিডে । ভালেমান প্ৰজাতিৰ ৰং-বিৰঙৰ পখিলাই বনাঞ্চলখনক অনন্য সৌন্দর্য প্ৰদান কৰিছে । ২০১৫ চন মানত বনাঞ্চলখনৰ চিয়া নাহৰৰ সংখ্যা কমি গৈছিল । একাংশ লোকে চিয়া নাহৰ কাটি চোৰাংকৈ পুৰি তাৰ পৰা কয়লা প্ৰস্তুত কৰি ক'লা বেহা আৰম্ভ কৰিছিল । লগতে অৰ্কিডৰ চোৰাং বেহাও আৰম্ভ হৈছিল ।"

দুলুং-সোৱণশিৰি কনজাৰভেছন ছ'চাইটি গঠনৰ প্ৰসংগ উল্লেখ কৰি মজিন সোণোৱালে কয়,"বনাঞ্চলখন এনেদৰে দুস্কৃতিকাৰীৰ কবলত পৰাৰ বাবে ৰক্ষা কৰিবলৈ দুলুং-সোৱণশিৰি কনজাৰভেছন ছ'চাইটি গঠন কৰা হৈছিল । বন বিভাগ সৈতে মিলি এনে অপশক্তিৰ কবলৰ পৰা বনাঞ্চলখনক ৰক্ষা কৰা হয় ।" আনহাতে বনাঞ্চলখনৰ আয়তন হ্ৰাস পোৱা বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁ কয়, "অৰুণাচলৰ আগ্ৰাসনৰ লগতে একাংশ চাহ বাগিচাৰ বাবে বনাঞ্চলখন কিছু পৰিমাণে সংকুচিত হৈ পৰিছে ৷ এই কথা আমি বাৰম্বাৰ চৰকাৰক কৈছো ।"

ভাৰতীয় বায়ু সেনাৰ সামৰিক অনুশীলন ক্ষেত্রখনৰ প্ৰসংগ তুলি তেওঁ কয়, "১৯৬২ চন মানতে ভাৰতীয় বায়ু সেনাই অসম চৰকাৰৰে চুক্তি কৰি দুলুং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এক সামৰিক অনুশীলন ক্ষেত্র স্থাপন কৰে । বায়ু সেনাৰ যুঁজাৰু বিমানৰ পৰা এই অনুশীলন ক্ষেত্রত বোমা নিক্ষেপ, ৰকেট নিক্ষেপ আদিৰ অনুশীলন কৰা হয় । বছৰি একেৰাহে কেইবামাহ ধৰি বায়ু সেনাই এনে অনুশীলন চলায় । সেই সময়খিনিত চৰকাৰীভাৱে নিষেধাজ্ঞা জাৰি কৰি কোনো মানুহ, অথবা পোহনীয়া জীৱ জন্তুক বনাঞ্চলখনত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হয় ।"

Dolung Reserve Forest
দুলুঙ সংৰক্ষিত বনাঞ্চলৰ আয়তন কমিছে কিয় ? (ETV Bharat Assam)

অসমৰ আন সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আদিৰ দৰে দুলুং সংৰক্ষিত বনাঞ্চলৰো বৈশিষ্ট্যসমূহ একেই যদিও একমাত্র চিয়া নাহৰৰ বাবে পৃথক এই বনাঞ্চলখন । এচিয়া মহাদেশৰ ভিতৰতে কেৱল দুলুং সংৰক্ষিত বনাঞ্চলতহে আছে চিয়া নাহৰ । চিয়া নাহৰৰ বাবেই দুলুং পৃথক তথা অনন্য ।

উল্লেখ্য যে, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ পাছত ৰাজ্যজুৰি তেওঁ ভাল পোৱা নাহৰক ৰাইজে মৰম কৰিছে । চৌদিশে নাহৰ ৰোপণেৰে জুবিনে ভাল পোৱা কামটো কৰি ৰাইজে তেওঁলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস কৰিছে । এনে প্ৰেক্ষাপটত যদি দুলুং সংৰক্ষিত বনাঞ্চলত পোৱা দুষ্প্রাপ্য চিয়া নাহৰৰ পুলি উৎপাদন কৰি জুবিনৰ নামতে ৰাজ্যজুৰি ৰোপণ কৰা হয়, তেন্তে সমগ্র ৰাজ্যখনেই চিয়া নাহৰৰ বাবে এচিয়া মহাদেশত বিখ্যাত হৈ পৰিব ।

চাহৰ বাবে যি দৰে অসমৰ এক সুকীয়া পৰিচয় আছে তেনেদৰে চিয়া নাহৰৰ বাবেও অদূৰ ভৱিষ্যতে আন এক চিনাকিৰে অসম বিশ্ব দৰবাৰত জিলিকি উঠিব । তেনে সোণালী সম্ভাৱনা কঢ়িয়াই আনিছে দুলুঙে । চৰকাৰী বা বেচৰকাৰীভাৱে এনে পদক্ষেপ হাতত ল'লে সেয়া হ'ব দুলুং সংৰক্ষিত বনাঞ্চলৰ এক অনন্য অৱদান ।

লগতে পঢ়ক: প্লাষ্টিকৰ চকী ৫,৫০২ টকা, টেবুলৰ দাম ১২,৮১৮ টকা; আচৰিত তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী

চৰকাৰে কিয় জনজাতিৰ মৰ্যাদা দিব বিচাৰিছে ? জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্যত প্ৰতিবাদ

Last Updated : November 28, 2025 at 12:36 PM IST