নামঘৰৰ লগত সম্পৰ্ক থকাসকলৰ জীৱন স্বাস্থ্যৱান হৈ থাকিব: স্বাস্থ্যমন্ত্ৰী অশোক সিংহল
স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হয় অশোক সিংহল । বিজেপিৰ কৰ্মকৰ্তাৰ সৈতে বৈঠকত মিলিত হয় ।

Published : August 27, 2026 at 7:57 PM IST
মাজুলী : "মহান বৈষ্ণৱ পৰম্পৰাৰ প্ৰাণকেন্দ্ৰ মাজুলী । মাজুলীৰ এই পৱিত্ৰ ভূমিত আহি মই গৌৰৱ অনুভৱ কৰিছোঁ । মহাপুৰষ গুৰুজনাই যিটো সংস্কৃতি, যিটো পৰম্পৰা, যিটো বিধান আৰু জ্ঞান আমাক আগবঢ়াই দি গ'ল মই ভাবোঁ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ । ইয়াৰ শ্ৰেষ্ঠত্ব বজাই ৰাখি আমি আগবাঢ়িব লাগিব । স্বাস্থ্যমন্ত্ৰী হিচাপে বিভিন্ন মঞ্চৰ পৰা মই কৈ আহিছোঁ যিসকলৰ সম্পৰ্ক নামঘৰৰ লগত থাকিব, নামৰ লগত থাকিব, প্ৰসংগৰ লগত থাকিব জীৱনটো স্বাস্থ্যৱান হৈ থাকিব ।" স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হৈ অশোক সিংহলে এই মন্তব্য কৰে।
বৃহস্পতিবাৰে নিজৰ দায়িত্বভাৰ গ্ৰহণৰ পিছত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে প্ৰথমবাৰৰ বাবে মাজুলী ভ্ৰমণ কৰে। মন্ত্ৰী গৰাকীয়ে পুৱাতেই উজনি মাজুলীৰ চিৰাম চাপৰিস্থিত ৫০ খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খনি পৰিদৰ্শন কৰি চিকিৎসালয়খনিৰ অভাৱ-অভিযোগৰ বুজ লয় । তেওঁৰ এই পৰিদৰ্শনৰ সময়ত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
Had a very productive meeting with our dedicated BJP karyakartas of Majuli at the party’s district office at Garamur.
— Ashok Singhal (@TheAshokSinghal) August 27, 2026
Majuli is among the cornerstones of Assam’s spiritual identity, and BJP’s strong sangathan in this sacred region is essential for preserving our Dharmik… pic.twitter.com/InpM2d73z7
ইয়াৰ পাছত মন্ত্ৰীগৰাকী উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হৈ সত্ৰত সেৱা লয় । সত্ৰখনত সত্ৰাধিকাৰগৰাকীৰ লগত মন্ত্ৰী অশোক সিংহলে মত বিনিময় কৰে । ইয়াৰ উপৰি সত্ৰখনৰ ভকত-বৈষ্ণৱৰ সৈতে বহি নাম-প্ৰসংগত তেওঁ অংশগ্ৰহণ কৰে ।

আনহাতে, মাজুলীৰ স্বাস্থ্য খণ্ডৰ ওপৰত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "মাজুলীলৈ ডাক্তৰ পঠালে দুমাহ থাকি গুচি যায় । গতিকে মাজুলীৰ বিধায়কগৰাকীক জনাইছোঁ যাতে মাজুলীৰ যিসকল ছাত্র-ছাত্ৰী ডাক্তৰ হৈছে সেইসকলৰ ঠিকনা নিজৰ লগত ৰাখক, যাতে মাজুলীতে তেওঁলোকক অতি কমেও দুবছৰৰ কাৰণে চিকিৎসা সেৱা আগবঢ়াবৰ বাবে ৰাখিব পাৰি ।"
তেওঁ লগতে কয়, "বৰ্তমান অসমত বহুত ডাক্তৰ হৈছে, মাজুলীৰ ল'ৰা-ছোৱালী ডাক্তৰ হৈছে । তেওঁলোক মাজুলীত দুই-তিনিবছৰ থাকি চিকিৎসা আগবঢ়াওক । তাৰ পিছত তেওঁলোক য'তেই নিযুক্ত হ'ব বিচাৰে তাতে তেওঁলোকক নিয়োগ কৰা হ'ব ।"
তেওঁ লগতে কয় যে দুৰ্গম অঞ্চলত চিকিৎসা সেৱা ভাল হ'ব লাগে, গুৱাহাটীৰ দৰে ঠাইত এনেয়েও স্বাস্থ্য ভাল হ'ব । মাজুলী ভ্ৰমণকালত মন্ত্ৰী অশোক সিংহলে গড়মূৰস্থিত মাজুলী জিলা বিজেপিৰ কাৰ্যালয়ত স্থানীয় বিজেপি কৰ্মকৰ্তাসকলৰ সৈতে এক বৈঠকতো মিলিত হয় ।

