পহিলা ব’হাগত অসম সাহিত্য সভাৰ নিজৰ দিন উদযাপন
১০ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক তেওঁলোকৰ বাসগৃহলৈ গৈ জনোৱা এই সম্বৰ্ধনাই আমাৰ সমাজৰ বৰ্ষীয়ানসকলৰ প্ৰতি থকা দায়বদ্ধতা আৰু সন্মানক প্ৰদৰ্শন কৰে ।

Published : April 15, 2026 at 11:09 PM IST
মৰিগাঁও: ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী ৷ আজি পহিলা ব’হাগ ৷ অসমীয়া নৱবৰ্ষ তথা পহিলা ব’হাগৰ এই পবিত্ৰ ক্ষণত অসম সাহিত্য সভাৰ ব্যতিক্ৰমী পদক্ষেপ ৷ প্ৰতিবছৰে অসম সাহিত্য সভাই পহিলা ব’হাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন কৰে ৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল ৷
অসম সাহিত্য সভাৰ জালুগুটি আঞ্চলিক স্বৰ্ণদল শাখা সাহিত্য সভাই গ্ৰহণ কৰিলে এই পদক্ষেপ ৷ অসম সাহিত্য সভাৰ নিজৰ দিন উদযাপনৰ লগত সংগতি ৰাখি অঞ্চলটোৰ ১০ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক তেওঁলোকৰ বাসগৃহলৈ গৈ জনোৱা এই সম্বৰ্ধনাই আমাৰ সমাজৰ বৰ্ষীয়ানসকলৰ প্ৰতি থকা দায়বদ্ধতা আৰু সন্মানক প্ৰদৰ্শন কৰে ।

অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ উৎস ৰঙালী বিহু তথা পহিলা ব’হাগৰ এই শুভক্ষণত অসম সাহিত্য সভাৰ নিজৰ দিন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে জালুগুটি আঞ্চলিক স্বৰ্ণদল শাখা সাহিত্য সভাই ।
শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলে অঞ্চলটোৰ ১০ গৰাকী স্বনামধন্য জ্যেষ্ঠ ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰে । নতুন প্ৰজন্মৰ মাজত জ্যেষ্ঠজনৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা অটুট ৰখাৰ লগতে সাহিত্য সভাৰ আদৰ্শ প্ৰসাৰ কৰাই এই কাৰ্যসূচীৰ মুল উদ্দেশ্য । ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে জ্যেষ্ঠসকলক জনোৱা এই বিশেষ সন্মানত আবেগিক পৰিবেশৰ সৃষ্টি হয় ।

‘‘সমাজৰ জ্যেষ্ঠ ব্যক্তিসকল আমাৰ বাবে বটবৃক্ষ সদৃশ । তেওঁলোকৰ আশীৰ্বাদ আৰু দিকদৰ্শনে আমাক আগুৱাই যোৱাত শক্তি যোগাব’’ - শাখা সাহিত্য সভাৰ এগৰাকী প্ৰতিনিধিয়ে অনুষ্ঠানটোত উপস্থিত থাকি এই মন্তব্য কৰে ।

অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ চৰ্চাত ব্ৰতী জালুগুটি আঞ্চলিক স্বৰ্ণদল শাখা সাহিত্য সভাৰ এনে প্ৰশংসনীয় কাৰ্যক সকলোৱে আদৰণি জনাইছে ।
লগতে পঢ়ক: লোকসংস্কৃতিৰ গৱেষক দীননাথ সোণোৱাললৈ 'শিল্পীপ্রাণ বঁটা' প্ৰদান

