ETV Bharat / state

বিশ্ব বন্য়প্ৰাণী দিৱসঃ অসমৰ বন্যপ্ৰাণী, বনাঞ্চলৰ নীৰৱ প্ৰহৰীসকলৰ কথা

বিশ্ব বন্য়প্ৰাণী দিৱস উপলক্ষে অসমৰ বনাঞ্চলবোৰৰ ৰক্ষক ৰূপে পৰিচিত বনৰক্ষীসকলক লৈ জ্য়েষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ৷

world wildlife day
বিশ্ব বন্য়প্ৰাণী দিৱসত বিশেষ প্ৰতিবেদন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 3, 2026 at 1:32 PM IST

10 Min Read
Choose ETV Bharat

তেজপুৰ: সমগ্ৰ বিশ্বই ৩ মাৰ্চ তাৰিখে বিশ্ব বন্য়প্ৰাণী দিন পালন কৰে ৷ বন্য়প্ৰাণী আৰু বনাঞ্চল ৰক্ষা কৰাটো আমাৰ সকলোৰে কৰ্তব্য় ৷ এই বিশেষ দিনটোত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে নিজৰ এক্স হেণ্ডলত লিখিছে, "আজি আমি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে আমাৰ গ্ৰহটোৰ অবিশ্বাস্য জৈৱ বৈচিত্ৰ্যক উদযাপন কৰাৰ সময়তে ভাৰতে নিজৰ চহকী পৰিৱেশতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কেতবোৰ প্ৰত্য়াহ্বানৰ প্ৰতি সচেতন হৈ আছোঁ, সেয়েহে আমি কেৱল আমাৰ হাতত থকাখিনি সংৰক্ষণ কৰাই নহয়, পৰিৱেশতন্ত্ৰটোক পুনৰুদ্ধাৰ কৰাৰ লগতে মূল প্ৰজাতিসমূহ উদ্ধাৰ কৰাৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো ৷ আমাৰ বন্যপ্ৰাণীবোৰে আমি ঘৰ বুলি কোৱা গ্ৰহটোক সকলোৱে সমৃদ্ধ কৰি লাভৱান হওক"।

বিশ্ব বন্য়প্ৰাণী দিৱস উপলক্ষে সেউজ পৰিৱেশৰে আৱৰি থকা অসমৰ প্ৰেক্ষাপটত এটা বিশেষ দিশ এই প্ৰতিবেদনৰ জৰিয়তে সকলোৰে দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰা হৈছে ৷ অসমৰ অৰণ্য় মানেই হৈছে এশিঙীয়া গঁড়, বাঘ, হাতী, হৰিণ তথা অন্য়ান্য় বন্য় জন্তু আৰু লগতে গছ, নদী, জলাশয়, জলভূমি, পাহাৰ আদি, এই সকলোখিনি নিয়াৰিকৈ চলি থকাৰ আঁৰত আছে এদল নীৰৱ যোদ্ধা ৷ এই নীৰৱ যোদ্ধাসকল হৈছে আমাৰ সকলোৰে পৰিচিত বনৰক্ষীসকল ৷

এই বনৰক্ষীসকলৰ নাম বাতৰি কাকত বা টিভিৰ পৰ্দাৰ শিৰোনামত নাথাকে কিন্তু এওঁলোকৰ সাহস, অবিৰাম শ্ৰম আৰু ত্য়াগে আমাৰ বনাঞ্চলবোৰ ৰক্ষা কৰি আছে ৷ কেতিয়াবা ঘন কুঁৱলী, কেতিয়াবা নেৰানেপেৰা বৰষুণ, বন্যপ্ৰাণীৰ উপস্থিতি আৰু লগতে সশস্ত্ৰ চোৰাংচোৱাৰ উপস্থিতি, এই সকলোবোৰৰ মাজত থাকি তেওঁলোকে বনাঞ্চলত টহল দিয়ে। গঁড়ৰ চলাচল পথত চকু ৰাখে, বাঘৰ আচৰণ নিৰীক্ষণ কৰে, সন্দেহজনক শব্দ বা খোজৰ শব্দ শুনিলেই সজাগ হৈ উঠে। আমাৰ অৰণ্যত বনৰক্ষীৰ বাবে প্ৰতিটো নিশা মানেই এক অনিশ্চিত যাত্ৰা ৷

বনাঞ্চলৰ নীৰৱ প্ৰহৰীসকলৰ কথা (ETV Bharat)

আমি আপোনালোকক জনাওঁ যে বিশ্বৰ সৰ্বাধিক এশিঙীয়া গঁড় থকা তথা ইয়াৰ বিচৰণস্থলী হিচাবে প্ৰতিষ্ঠিত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ সফলতা আৰু এই ক্ষেত্ৰত সন্মুখীন হোৱা চৰম প্ৰত্যাহ্বানবোৰ মোকাবিলা কৰাৰ আঁৰত আছে বন বিষয়া আৰু বন কৰ্মী সকল। এই বনৰক্ষীসকলৰ মাজত থকা এগৰাকী খিলঞ্জীয়া জনগোষ্ঠীৰ বন বিষয়া হৈছে মাহী মিৰি। চোৰাংচোৱাৰ বাবে স্থানীয় লোকৰ সৈতে সমন্বয় স্থাপন কৰা আৰু গাঁৱৰ লোকসকলক সহায় কৰিবলৈ বাৰিষাৰ বানপানীৰ সময়তো অটল হৈ থকাৰ অক্লান্ত শ্ৰমৰ জৰিয়তে তেওঁৰ কৰি যোৱা নিষ্ঠাৰ কথা এতিয়াও সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰে ৷

world wildlife day
অসমৰ বন্যপ্ৰাণীৰ নীৰৱ প্ৰহৰীসকল (ETV Bharat)

বন বিষয়া মহী মিৰিৰ প্ৰচেষ্টাৰ ফলতে ১৯৩৮ চনত কাজিৰঙা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছিল ৷ ভাৰতীয় বন বিভাগৰ সংৰক্ষণৰ ক্ষেত্ৰত এয়া এক এক মাইলৰ খুঁটি হিচাবে চিহ্নিত হৈ ৰৈছে । কিন্ত দুখৰ বিষয় যে ১৯৩৯ চনত মাত্ৰ ৩৬ বছৰ বয়সত ক’লা পানীৰ জ্বৰত আক্ৰান্ত হৈ মাহী মিৰিৰ জীৱনৰ অন্ত পৰিছিল। উল্লেখ্য় যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ তথ্য অনুসৰি ১৯৬৮ চনৰ পৰা ২০২৪ চনলৈ মুঠ ৫৮ গৰাকী বন কৰ্মীৰ বিভিন্ন কৰ্মৰ লগত জড়িত হৈ থাকোতে মৃত্যু হৈছে ।

world wildlife day
অসমৰ বন্যপ্ৰাণীৰ নীৰৱ প্ৰহৰীসকল (ETV Bharat)

প্ৰতিটো দিনেই জীৱ-জন্তুৰ সৈতে জড়িত হৈ থাকোতে বনবিষয়া তথা বনৰক্ষীৰ মৃত্যুৰ সংখ্যা সময়ে সময়ে হৈ আহিছে ৷ বিশেষত কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য ইয়াৰ ৰক্ষকসকলৰ বাবে গৌৰৱ আৰু বিপদ দুয়োটা হৈ আহিছে। ইয়াৰ মাজতে গঁড়ৰ আক্ৰমণে সৰ্বাধিক লোকৰ প্ৰাণ লৈছে, ১৯৯২ চনৰ ধৰ্ম কলিতাৰ পৰা ২০২৪ চনৰ এপ্ৰিল মাহত অপূৰ্ব মমিনলৈকে ১৫টাতকৈ অধিক নথিভুক্ত গোচৰ আছে । আনহাতে, বনৰীয়া ম’হ, হাতী, আনকি বন বিভাগৰ হাতীয়েও মৃত্যুৰ কাৰক হৈ পৰিছিল ৷ এনে প্ৰেক্ষাপটত বন্যপ্ৰাণীৰ সৈতে দৈনন্দিন মুখামুখিৰ মাজত সুৰক্ষাৰ বাবে শাৰীৰিক সাহসৰো প্ৰয়োজন বুলি সোঁৱৰাই দিয়ে বন কৰ্মীসকলে ৷

আনহাতে ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বিগত ২০২৫ বৰ্ষত বিলপাৰ কেম্পত বনবিভাগৰ কৰ্তব্যৰত অৱস্থাত এজন গৃহৰক্ষী বাহিনীৰ জোৱান জিতুমণি ডেকাক বাঘে আক্ৰমণ কৰি লৈ যায় আৰু পৰৰ্তীকালত তেওঁৰ মৃদেহটো উদ্ধাৰ হয় । ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱাই জনোৱা মতে বৰ্তমান উদ্যানখনত ২০২২ চনৰ সমীক্ষা অনুসৰি ১২৫ টা গঁড় আৰু ২৬ টা বাঘ আছে ।

world wildlife day
ৰাষ্ট্ৰীয় উদ্য়ানৰ এটা গঁড় (ETV Bharat)

ৰাজ্য়ৰ অন্য়ান্য় বনাঞ্চলৰ লগতে বিশেষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত বন কৰ্মচাৰীসকল সদায়েই এক উচ্চ চাপৰ মাজত থাকিবলগীয়া হয়। ইয়াৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান এলেকাত গঁড় আৰু বাঘৰ দৰে দুস্পাপ্ৰ্য় বন্যপ্ৰাণী থকাৰ বাবেই চোৰাংচোৱাৰ গতিবিধিও সৰ্বাধিক। তেনে পৰিস্থিতিত বনৰক্ষীসকলে কেৱল আইন বলৱৎ কৰা নহয়, বন্যপ্ৰাণীৰ জীৱন আৰু নিজৰ জীৱন ৰক্ষা কৰে।

সময় পৰিৱৰ্তনৰ লগে লগে প্ৰযুক্তিৰ সালসলনি ঘটিছে ৷ সাম্প্ৰতিক সময়ত বনাঞ্চলৰ সুৰক্ষা ব্যৱস্থাতো পৰিবৰ্তন আহিছে। আধুনিক প্ৰযুক্তিয়ে বনৰক্ষীক অধিক শক্তিশালী কৰিছে। ড্ৰোনৰে আকাশৰ পৰা অৰণ্যৰ ওপৰত চকু ৰাখিব পৰা ব্য়ৱস্থা গঢ় লৈ উঠিছে, কেমেৰা ট্ৰেপ ব্য়ৱস্থাই বাঘ-গঁড়ৰ চলাচল নথিভুক্ত কৰি আছে আৰু লগতে ডিজিটেল মনিটৰিং ব্যৱস্থাই সন্দেহজনক গতিবিধিৰ আগজাননী দিয়ে । এই প্ৰযুক্তিসমূহে বনৰক্ষীক অধিক কার্যকৰী কৰি তুলিছে তথাপি বনভূমিত মুহূৰ্তত তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ সাহস আৰু অভিজ্ঞতাই সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

বনৰক্ষী হোৱাটো কেৱল এটা চাকৰি নহয়, এয়া হৈছে এক জীৱনধাৰা। পৰিয়ালৰ পৰা আঁতৰি, সীমিত সুবিধাৰ মাজতো তেওঁলোকে প্ৰকৃতিৰ পক্ষত থিয় দিয়ে ৷ কেতিয়াবা দীঘলীয়া সময়ৰ বাবে ঘৰলৈ যাব নোপোৱা, কেতিয়াবা উৎসৱ-পৰ্ব আদিবোৰ পৰিহাৰ কৰিবলগীয়া পৰিস্থিতি, এই সকলো নেওচি তেওঁলোকে অৰণ্যৰ সুৰক্ষাক অধিক অগ্ৰাধিকাৰ দি আছে ৷ তেওঁলোকৰ এই নিৰৱ ত্যাগেই হৈছে অসমৰ গৌৰৱ ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ ষষ্ঠ সংযোজনৰ সৈতে বৰ্তমান জড়িত হৈ থকা এগৰাকী অতন্দ্ৰ প্ৰহৰীৰ নাম অজয় দাস ৷ তেওঁ বিগত ২০০৫ চনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত হৈ আছে, ই টিভি ভাৰতৰ সৈতে হোৱা কথোপকথনত অজয় দাসে নিজৰ অভিজ্ঞতাৰ কয় যে, "বনাঞ্চলত যি কোনো মুহূৰ্ততে আমি সজাগ হৈ থাকিব লাগে সেয়া লাগিলে উৎসৱ পাৰ্বন বা অন্য দুৰ্যোগেই হওক"।

তেওঁ এক অভিজ্ঞতাৰ ঘটনা বৰ্ণনা কৰি ই টিভিক কয়, "সেয়া আছিল ২০১৩ চনৰ কথা, আমাৰ লগত যোৱা চাৰিগৰাকী সতীৰ্থই ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাতে হঠাৎ সন্মুখত দুটা গঁড়ৰ সন্মুখীন হওঁ, গঁড় দুটাই নিজৰ মাজতে যুদ্ধ কৰি একেটা দণ্ডিৰে আহি আছিল কাৰণ বনাঞ্চলত কোনো বিশেষ পথ নাথাকে জীৱ জন্তৰ পথৰে আমিও যাব লাগে, তেনে সময়তে তেওঁলোকৰ পৰা মাত্ৰ ৮ ফুট মান দূৰত্বত গঁড় দুটা দেখি আমি সকলোকেইজন বনৰক্ষী বিবুধিত পৰিলো ৷ অৱশ্য়ে আমাৰ ভাগ্য ভাল আছিল যে প্ৰথম গঁড়টোৱে হঠাৎ আমাক সন্মুখত দেখি জংঘলৰ মাজলৈ গতি কৰিলে কিন্ত দ্বিতীয় গঁড়টোৱে আমাৰ পিনে চোঁচা লৈছিল ৷ তেনেতে আমি সকলোৱে প্ৰথম গঁড়টোৱে যোৱা বাটৰ দিশে ফালৰি কাটি প্ৰাণ ৰক্ষা কৰিছিলোঁ।"

তেওঁ লগতে কয় আমাৰ প্ৰতিটো খোজতে বিপদৰ আশংকা থাকিলেও জীৱ জন্তুৰ সুৰক্ষাই হৈছে আমাৰ প্ৰথম কৰ্তব্য, আৰু সেইদৰেই আমি নিজৰ দায়িত্ব পালন কৰো। বছৰটোৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ সময়ত তীব্ৰ বতাহ বলে, তেনে সময়তে আমি ব্ৰহ্মুত্ৰৰ মাজত সৰু নাওৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তব্য পালন কৰোঁ।

বৰ্তমান সময়ত যথেষ্ঠ উন্নতমানৰ সামগ্ৰী আহিছে আৰু আমি সকলোৱে একেলগে দায়িত্ববোৰ পালন কৰাৰ লগতে শীৰ্ষ বন বিষয়াৰ নিৰ্দেশ পালন কৰিছোঁ, ইযাৰ ফলত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰভাৱে চলি আছে আৰু গঁড় তথা অন্য জীৱ জন্তুৰ নিধন বন্ধ হৈছে ।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডঃ সোণালী ঘোষে কয় যে, "বিশ্ব বন্যপ্ৰাণী দিৱসত আমি কাজিৰঙাৰ অদম্য যোদ্ধা সকলক লৈ আজিৰ দিনটো উদযাপন কৰোঁ আৰু ইয়াৰ জৰিয়তে নিৰ্ভীক 'ফ্ৰণ্টলাইন চেম্পিয়নসকলক' প্ৰণাম জনাইছো, এইসকল বনৰক্ষীয়ে আমাৰ বনাঞ্চলৰ উশাহ লোৱা জৈৱ বৈচিত্ৰ্যৰ বাবে অভেদ্য ঢাল হিচাপে থিয় দিছে ।" তেওঁ লগতে জনাই যে, ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান ২৬১৩ টা গঁড় থকাৰ বিপৰীতে ১৪৮ টা বাঘ আছে ।

world wildlife day
বনৰক্ষী বিনয় ছম্প্ৰামাৰী (ETV Bharat)

আনহাতে, মানস ৰাষ্ট্ৰীয় উদ্যানৰ এগৰাকী বনকৰ্মী বিনয় ছম্প্ৰামাৰী হৈছে এনে এগৰাকী বনকৰ্মী, যাৰ মাত শুনিলে জীৱ জন্তুও থমকি ৰয় । বিগত ২০১২ চনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত এইগৰাকী বনকৰ্মী কৰ্তব্য়ত নাথাকিলে ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া-বুঢ়ী কেম্পত জীৱ জন্তুৱে অহা যোৱা নকৰে । এই কেম্প পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কিয়নো জীপ চাফাৰীত অহা পৰ্য্যটকৰ দলেবোৰে জীৱ জন্তুৰ বিচৰণ ভালদৰে নিৰীক্ষণ কৰিব পাৰে।

তেওঁ ইটিভি ভাৰতক কেম্পৰ পৰা কয়, "মই হাতী আহিলে সকলোকে "বাইদেউ" বুলি মাতো আৰু সকলোৱে মোৰ মাত শুনিলে আহি ৰখি যায়। এই কেম্পটো সম্পূৰ্ণ বন্ধ হৈ আছিল কিন্তু মই এই কেম্প পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিছোঁ । উৰ্ধতম কৰ্তৃপক্ষই মোক এবাৰ তিনিমাহৰ বাবে ইয়াৰ পৰা বদলি কৰিছিল, কিন্তু সেই সময়ত এই ঠাইলৈ এটাও জীৱ জন্তু নহাৰ কথা জানিব পাৰি মোক পুনৰাই এই ঠাইলৈ বদলিৰ অনুৰোধ কৰাত যোৱা এপ্ৰিল মাহৰ পৰা মোক এই ঠাইত পোষ্টিং দিছে ।" বন কৰ্মী ছম্প্ৰামাৰীয়ে লগতে কয়, "এই ঠাইত বাঘ সঘনাই আহে আৰু মই হাতত বন্দুক লৈ পিছে পিছে খেদি আঁতৰাই দিওঁ কাৰণ বাঘ থাকিলে অন্য জীৱ জন্তুৱে ভয় খাই ।"

world wildlife day
ৰাষ্ট্ৰীয় উদ্য়ানত বিচৰণ কৰি থকা বাঘ (Vincent Luois)

আনহাতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ অ-এছ-ডি জেচিম আহমেদে জনাই যে অভয়াৰণ্য়খনত বাঘৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে, যোৱা বৰ্ষৰ গণনা মতে মুঠ ৬০ বাঘ ৰাষ্ট্ৰীয় উদ্যানত আছে আৰু মুঠ ৫০টা গঁড় আছে।

বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে অসমৰ বনাঞ্চলৰ পহৰা দি থকাৰ সময়ত প্ৰাণ হেৰুৱা সেই নীৰৱ প্ৰহৰীসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বনৰক্ষী-বনবিষয়াৰ সাহস, সততা আৰু ত্যাগ অবিহনে বন্যপ্ৰাণীৰ সুৰক্ষা অসম্ভৱ । তেওঁলোক থাকিলেহে অৰণ্য সুৰক্ষিত হৈ থাকে আৰু অৰণ্য থাকিলে আমাৰ ভবিষ্যৎ প্ৰজন্মই প্ৰকৃতিৰ অমূল্য সম্পদ উপভোগ কৰি থাকিব পাৰিব ৷

লগতে পঢ়ক: