অসম–অৰুণাচলৰ সীমান্তত অৰুণাচল আৰক্ষীৰ গুলীচালনা, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসম–অৰুণাচলৰ সীমান্তৰ লিকাবালিত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীৰ মাজতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ।

Published : August 13, 2026 at 11:50 AM IST
জোনাই : ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে অসম-অৰুণাচল সীমান্তৰ প্ৰতিবাদস্থলী ৷ পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰে যে বৃহস্পতিবাৰে পুৱাৰ ভাগত প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ অৰুণাচল আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় ৷
অৰুণাচলৰ বিৰুদ্ধে মিচিং ছাত্র সংগঠন টাকাম মিচিং পৰিণ কেবাঙৰ অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী আজি অৰ্থাৎ বৃহস্পতিবাৰে দ্বিতীয় দিনাও অব্যাহত ৰাখিছে ৷ কিন্তু এই অৱৰোধ অৱৰোধ কাৰ্যসূচীৰ মাজতে অসম–অৰুণাচল সীমান্তৰ লিকাবালিত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ।
অভিযোগ অনুসৰি, অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা লোকসকলক লক্ষ্য কৰি অৰুণাচল প্ৰদেশ আৰক্ষীয়ে চাৰিবাৰকৈ গুলীচালনা কৰে ।
বৰ্তমান সীমান্তৱৰ্তী অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি অব্যাহত থকাৰ লগতে যিকোনো সময়তে পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ।
মিচিং ছাত্র সংগঠন টাকাম মিচিং পৰিণ কেবাঙে জোনাইৰ মূল প্ৰৱেশদ্বাৰ ৰুকচিন, চাৰিলেনযুক্ত লেকু বাইপাছৰ লগতে লাইমেকুৰী, চেৰেন, তেলেম আদি অঞ্চলতো পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে । ফলত বুধবাৰে পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথসমূহত সৃষ্টি হৈছে তীব্ৰ যান-জঁট । শাৰী শাৰীকৈ আবদ্ধ হৈ পৰিছে বহু যান-বাহন ।
অসমীয়াক লক্ষ্য কৰি গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হোৱা অৰুণাচলী দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত এই অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে ।
ইফালে, ঘটনা সংঘটিত হোৱাৰ চাৰিদিন উকলি যোৱাৰ পিছতো অভিযুক্ত দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব নোৱৰা অৰুণাচল চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰতিবাদকাৰীসকলে ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান :
ইফালে লিকাবালিত অৰুণাচল আৰক্ষীৰ শূন্যলৈ গুলীচালনাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ সামাজিক মাধ্যমত পোষ্ট কৰি অসম আৰু অৰুণাচলৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা ব্যক্ত কৰি জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায় ৷
মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যম ফেচবুকত কয়, "অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সম্পৰ্ক কেৱল সীমাৰ মাজত আবদ্ধ নহয় । প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি আমাৰ দুয়োখন ৰাজ্যৰ মানুহে ভাই-ভনীৰ দৰে মৰম, আন্তৰিকতা আৰু পাৰস্পৰিক সন্মানেৰে একেলগে বাস কৰি আহিছে । শেহতীয়া বছৰসমূহত আমি আলোচনা আৰু বন্ধুত্বৰ মাধ্যমেৰে আমাৰ সীমা সম্পৰ্কীয় অধিকাংশ সীমান্ত সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ । এতিয়া মাত্ৰ ৫২খন গাঁৱক লৈ বিষয়টো বাকী আছে ৷ দুয়োখন চৰকাৰে একেধৰণৰ বন্ধুত্বপূৰ্ণ আৰু সৌহাৰ্দ্যপূৰ্ণ মনোভাবেৰে আলোচনা অব্যাহত ৰাখি এই বিবাদ সম্পূৰ্ণৰূপে সমাধানৰ বাবে কাম কৰি যাব ।"
তেওঁঁ লগতে কয়, "সীমাই কেৱল দুখন ৰাজ্যৰ ভৌগোলিক স্থিতিহে নিৰ্ণয় কৰে, প্ৰতিবেশীৰ হৃদয়ৰ সম্পৰ্কত প্ৰভাৱ পেলাব নোৱাৰে । গতিকে অসম আৰু অৰুণাচলৰ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আন্তৰিক আহ্বান জনাইছোঁ ।"
লগতে পঢ়ক : অসম-অৰুণাচল সীমান্তত সংঘটিত গুলীয়াগুলীৰ উচিত তদন্তৰ আশ্বাস পেমা খাণ্ডুৰ

