গুৱাহাটীত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি শিল্পী সমাজৰ
আৰক্ষীৰ বাধাৰ মাজতে পাঞ্জাবাৰী উদ্যানত শিল্পী সমাজে আয়োজন কৰিলে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ।

Published : October 15, 2025 at 4:55 PM IST
গুৱাহাটী: অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গবিহীন ২৭ দিন । আজিও অসমবাসীয়ে মানি ল'ব পৰা নাই প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু । ইফালে শিল্পীগৰাকীৰ ন্যায়ৰ দাবীৰে অব্যাহত আছে ডিজিটেল আন্দোলন ।
একেদৰে প্ৰিয় শিল্পীগৰাকীৰ সমাধিস্থলীত প্ৰতিদিনে ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে । সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । গুৱাহাটীৰ পাঞ্জাবাৰী উদ্যানত মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে জুবিন গার্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।
গুৱাহাটী শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । য'ত ন-পুৰণি কণ্ঠশিল্পী তথা সংগীত শিল্পীয়ে অংশ লৈ পৰিৱেশন কৰিছে জুবিন গার্গৰ কালজয়ী গীত । মঙলবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতেই কণ্ঠশিল্পী তৃষ্ণা দেৱীৰ লগতে আন শিল্পীসকলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পৰিৱেশন কৰে 'মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক গীত । ইয়াৰ পিছতে প্ৰতিগৰাকী কণ্ঠশিল্পী পৰিৱেশন কৰে জুবিন গাৰ্গৰ এটাৰ পিছত আন এটা কালজয়ী গীত ।
জুবিন গাৰ্গৰ মৃত্যুৰ এমাহলৈ অৰ্থাৎ ১৯ অক্টোবৰলৈ শিল্পী সমাজে এই অনুষ্ঠান আয়োজন কৰাৰ সিদ্ধান্ত লয় । য'ত প্ৰতি সন্ধিয়াই শিল্পী সমাজ একত্ৰিত হৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰিৱেশন কৰিব গীত । মঙলবাৰে প্ৰথমটো দিনত সংগীত পৰিৱেশন কৰে তৃষ্ণা দেৱী, পাপৰি গগৈ, ৰাকেশ ৰিয়ানৰ লগতে কেইবাগৰাকী কণ্ঠশিল্পীয়ে ।
উল্লেখ্য যে প্ৰথম অৱস্থাত মহানগৰীৰ ছয়মাইল উৰণসেতুৰ তলত গুৱাহাটীৰ শিল্পী সমাজে অনুষ্ঠিত কৰিব বিচাৰিছিল জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । কিন্তু প্ৰশাসনে যান-জঁটৰ দোহাই দি এই অনুষ্ঠান আয়োজন কৰাত বাধা প্ৰদান কৰে । মঙলবাৰে সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল এই অনুষ্ঠান । এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কথা আছিল নবীন-প্ৰবীণ বহু কণ্ঠশিল্পীয়ে । এই অনুষ্ঠানটোত স্থানীয় লোকসকলেও অংশগ্ৰহণ কৰাৰ কথা আছিল । কিন্তু গুৱাহাটী আৰক্ষীয়ে তাৰ পূৰ্বেই এই অনুষ্ঠানৰ বাবে নিষেধাজ্ঞা আৰোপ কৰে । তাৰ পিছতে কিছু পলমকৈ পাঞ্জাবাৰী উদ্যানত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানৰ ।
লগতে পঢ়ক: সোণাপুৰৰ সমাধিস্থলীলৈ গৈ জিকি অনা ট্ৰফী জুবিন মামাক দেখুৱালে আধ্যাশ্ৰীয়ে

