স্মৃতি হৈ পৰা ৰঙাবাছৰ প্ৰতীক 'গঁড়'টো অংকন কৰা চৌকত আলী আৰু নাই
প্ৰবীণ চিত্ৰশিল্পী, খেলুৱৈ তথা অভিনেতা চৌকত আলীৰ ১০৩ বছৰ বয়সত নিজা বাসগৃহত বিয়োগ ঘটে । ৰাজ্যজুৰি শোকৰ ছাঁ ।

Published : November 8, 2025 at 3:31 PM IST
তেজপুৰ : অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ প্ৰতীক 'দৌৰি থকা গঁড়' অংকন কৰা প্ৰবীণ চিত্ৰশিল্পী, দক্ষ ফুটবলাৰ, অভিনেতা চৌকত আলীৰ বিয়োগ । তেজপুৰৰ পৰুৱাস্থিত নিজা বাসগৃহত শনিবাৰে পুৱতি নিশা ১০৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে চৌকত আলীয়ে । চৌকত আলীৰ বিয়োগত তেজপুৰৰ ক্ৰীড়াজগত আৰু সাংস্কৃতিক ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰিছে ।
চৌকত আলীৰ হাতত প্ৰাণ পাইছিল ৰঙা বাছৰ প্ৰতীক 'গঁড়'
১৯২৪ চনৰ ২৪ ডিচেম্বৰত গুৱাহাটীৰ আমবাৰীত জন্মগ্ৰহণ কৰা চৌকত আলীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যত শিল্প আৰু অভিনয় জগতত পদাৰ্পণ কৰিছিল । ১৯৫৯ চনত অসম ৰাজ্যিক পৰিবহণ নিগম (ASTC) ৰ প্ৰথম অধ্যক্ষ ভবেন হাজৰিকাই তেওঁৰ পৰা তেতিয়াৰ ৰঙা বাছৰ প্ৰতীক হিচাপে 'গঁড়'ৰ ছবি অংকন কৰিবলৈ অনুৰোধ কৰিছিল । তেওঁ সেই চিত্ৰৰ বিনিময়ত মাত্ৰ ১০১ টকাৰ পাৰিতোষিক গ্ৰহণ কৰিছিল ।
পৰৱৰ্তী সময়ত এই 'দৌৰি থকা গঁড়'ৰ ছবি অসম ৰাজ্যিক পৰিবহণ নিগমৰ লগতে অসমৰে এক গৌৰৱলৈ ৰূপান্তৰিত হয় । ২০১৯ চনৰ ৭ ফেব্ৰুৱাৰীত ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আলীয়ে সেই সময়ৰ কথা স্মৰণ কৰি কৈছিল, "তেতিয়া আমি মাত্ৰ কামত মন দিছিলোঁ, নামৰ চিন্তা নাছিল । আজি যদি সেই গঁড়ৰ জৰিয়তে মানুহে মোক চিনে, তাতেই মোৰ তৃপ্তি ।"

ক্ৰীড়া জগতত এক শ্ৰেষ্ঠ অধ্যায়
১৯৪০ চনৰ সময়ছোৱাত গুৱাহাটী মহাৰাণা ফুটবল ক্লাবৰ হৈ আলীয়ে সুদীৰ্ঘ ২০ বছৰ খেলিছিল । তেওঁ ক্লাবটোৰ হকী দলৰ অধিনায়কো আছিল । ১৯৪৮ চনত গুৱাহাটীৰ য়ং ইউনিয়ন ক্লাবৰ গ'লকীপাৰ হিচাপে বিহাৰৰ পৰা প্ৰথমবাৰ সৰ্বভাৰতীয় ট্ৰফী আনি ইতিহাস ৰচনা কৰিছিল । ব্ৰিটিছ শাসনৰ সময়ত 'অসম ট্ৰেন্সপোৰ্ট'ত খেলুৱৈ হিচাপে যোগদান কৰি স্বাধীনতাৰ পিছত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত সেৱা আগবঢ়াইছিল ।

তেজপুৰত শোকৰ ছাঁ
তেজপুৰৰ শিল্পী, ক্ৰীড়া সংগঠন আৰু নাগৰিকসকলে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । তেজপুৰ জিলা ক্ৰীড়া সংস্থাৰ উপদেষ্টা তথা বিশিষ্ট আইনবিদ ইসকে আলমে শোক প্ৰকাশ কৰি কয়, "চৌকত আলী বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল । ৰঙা বাছৰ প্ৰতীক 'গঁড়' আঁকি তেওঁ অসমৰ পৰিচয়ক অমৰ কৰি গৈছে । তেওঁ ফুটবল, নাটক, চিত্ৰকলাত একে সময়তে দৃষ্টান্ত স্থাপন কৰিছিল ।"

চৌকত আলীৰ চুবুৰীয়া তথা পৰিবহণ নিগমৰ প্ৰাক্তন কৰ্মচাৰী ৰাজীৱ শৰ্মাই কয়, "১০৩ বছৰ বয়সত তেওঁৰ মহাপ্ৰয়াণ আমাৰ বাবে এক অপূৰণীয় ক্ষতি । তেখেত তেজপুৰৰ গৌৰৱ আছিল, আমি তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ ।" তেজপুৰ গহন উদ্যান আৰু স্থানীয় শিল্পী, সাংস্কৃতিক প্ৰতিষ্ঠানেও চৌকত আলীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।
লগতে পঢ়ক :একালৰ বৃন্দাবন একালত পৰে চন... আপুনিও জানি থওক কেনেকৈ তিলতিলকৈ ধ্বংস হৈ গৈছিল অসমৰ প্ৰথম চেনিকলটো

