দুৰ্দশা ! থানাৰ ভিতৰত একাঁঠু পানী, বাহিৰত ৰৈয়েই কাম কৰিবলগীয়া হৈছে আৰক্ষীয়ে
কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰীৰ গীতানগৰ থানা ৷ নেৰানেপেৰা বৰষুণৰ ফলত গীতানগৰ থানাত পানী সোমাল ৷

Published : August 19, 2026 at 4:10 PM IST
গুৱাহাটী: কৃত্ৰিম বান গুৱাহাটী মহানগৰীৰ এক চিৰাচৰিত ঘটনা ৷ এজাক মজলীয়াৰ পৰা ধাৰসাৰ বৰষুণ দিলেই গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ উদ্ভৱ হয় ৷ একঁকাল পৰ্যন্ত পানীত ডুব যায় বাট-পথ, ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰে পথচাৰী ৷
বিশেষতঃ গুৱাহাটীৰ বেলতলা, বশিষ্ঠ, ৰুক্মিণী নগৰ, জু-ৰোড, অনিল নগৰ, নবীন নগৰ, গীতানগৰ, ছয়মাইল, হাতীগাঁও, চানমাৰী, মালিগাঁও আদি অঞ্চলত সামান্য এজাক বৰষুণতেই কৃত্ৰিম বানৰ কবলত পৰে স্থানীয় লোকসকল ৷
মঙলবাৰে নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ কবলত পৰে গীতানগৰৰ বহুকেইটা এলেকো ৷ ইফালে গীতানগৰ থানাতো পানী সোমোৱা দেখা যায় ৷ থানাখনৰ ভিতৰৰ সকলো বয়-বস্তু, আচবাব, কাগজ-পত্ৰ ক্ষতিগ্ৰস্ত হয় ৷ লগতে আৰক্ষী বিষয়াৰ কোঠা আৰু লকআপতো পানী সোমায় । কৰ্তব্যৰত আৰক্ষীৰ লোকসকলে নিশাৰ ভাগত জিৰণি লোৱা আৰক্ষী থানাৰ বেৰেকো পানীত ডুব যায় । যাৰ ফলত আৰক্ষী লোকসকলে থানাৰ বাহিৰত থাকিয়েই নিজৰ কৰ্তব্য সম্পাদন কৰিব লগা হৈছে ।
উল্লেখ্য যে প্ৰবল বৃষ্টিপাত হ’লেই গীতানগৰ আৰক্ষী থানা কৃত্ৰিম বানত বুৰ যায় । সমান্তৰালভাৱে সাতগাঁও আৰক্ষী থানাও একেধৰণৰৰেই অৱস্থাৰ সন্মুখীন হ’ব লগা হয় । মহানগৰ আৰক্ষী আয়ুক্তৰ অধীনত থকা গুৱাহাটীৰ গীতানগৰ আৰু সাতগাঁও থানাৰ আৰক্ষীৰ লোকসকলে বৰষুণ দিলেই কৃত্ৰিম বানৰ মাজতেই নিজ কৰ্ম সম্পাদন কৰিব লগা হয় ।
অসম আৰক্ষীৰ আধুনিকৰণ হ’লেও গীতানগৰ আৰু সাতগাঁও থানাৰ এনে দুৰৱস্থা বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষৰ কিয় চকু নপৰে বুলি প্ৰশ্ন তুলিছে সচেতন মহলে ৷ বাৰে বাৰে কৃত্ৰিম বানৰ কবলত পৰাৰ পাছতো আজিলৈকে সমাধান নহ’ল গীতানগৰ আৰু সাতগাঁও থানাৰ এই সমস্যা ।
মন কৰিবলগীয়া যে গুৱাহাটী মহানগৰীক কৃত্ৰিমবানৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে গুৱাহাটীবাসীয়ে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে ৷ চৰকাৰে প্ৰতিবাৰে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিকোপতি সেই প্ৰতিশ্ৰুতি পূৰণ নহ’ল ৷ উন্নয়নৰ নামত গুৱাহাটীৰ ঠায়ে ঠায়ে চৰকাৰে উৰণসেতু নিৰ্মাণ কৰা হৈছে যদিও সুদীৰ্ঘ সময় ধৰি কৃত্ৰিম বানত ককবকাই থকা গুৱাহাটীবাসীক উদ্ধাৰৰ বাবে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷
বিগত বৰ্ষত গুৱাহাটীৰ বান সমস্যা সন্দৰ্ভত যোৰাবাটত মেঘালয়ৰ ভূমিত থকা USTM নামৰ শিক্ষানুষ্ঠানখনক দোষাৰোপ কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰী মহবুবুল হকে পাহাৰৰ মাটিত বৃহৎ আন্তঃগাঁথনি নিৰ্মাণ কৰি গুৱাহাটী জলপ্ৰলয়ৰ সৃষ্টি কৰা বুলি অভিযোগ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰৰ একাংশ মন্ত্ৰীয়ে ৷ কিন্তু গুৱাহাটীক কিদৰে কৃত্ৰিম বানৰ পৰা উদ্ধাৰ কৰা হ’ব, তাৰ যথোচিত পৰিকল্পনাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নাই ৷
বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ সময়তো গুৱাহাটী কৃত্ৰিম বানত ডুবিছিল ৷ আজিৰ চৰকাৰত থকা বহু মন্ত্ৰী তেতিয়াও কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰীসভাত আছিল ৷ গুৱাহাটী উন্নয়নৰ দায়িত্বত আছিল খোদ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে গুৱাহাটীৰ বানক উদ্দেশ্যি কৰা এটা মন্তব্য সেই সময়ত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছিল ৷ সেই মন্তব্যটো আছিল, ‘‘আমেৰিকাতো বানপানী হয় ৷’’ কিন্তু কিমান দিনলৈ গুৱাহাটীবাসীয়ে এই কৃত্ৰিম বানৰ সৈতে যুঁজ দিব লাগিব সেয়াহে নিশ্চিত নহয় ৷
লগতে পঢ়ক: কামপুৰত নিশাৰী নৈৰ ব্যাপক খহনীয়া: নৈপৰীয়া ৰাইজৰ হাহাকাৰ

