লিচুক কেন্দ্ৰ কৰি মাৰপিট, পুৰুষ-মহিলাসহ ২২ গৰাকী আহত
লিচু বিক্ৰীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতত কুৰিজনৰো অধিক ব্যক্তি আহত হৈ ভৰ্তি হ’বলগীয়া হৈছে হাস্পতালত ৷

Published : June 1, 2026 at 9:00 AM IST
তেজপুৰ: মাটি-বাৰীক লৈ সংঘাত আপুনি দেখিছে ৷ প্ৰেমক লৈ সংঘাতো আপুনি দেখিছে ৷ এইবাৰ সংঘাতৰ সূত্ৰপাত ঘটিল লিচুক লৈ ৷ লিচু বিক্ৰীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতত কুৰিজনৰো অধিক ব্যক্তি আহত হৈ ভৰ্তি হ’বলগীয়া হৈছে হাস্পতালত ৷
শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰা তেজপুৰ লিচু উৎসৱৰ প্ৰাক মুহূৰ্তত পৰুৱা পৰমাইঘুলী অঞ্চলত লিচু বিক্ৰীক কেন্দ্ৰ কৰি ৰবিবাৰে সন্ধিয়া ভয়ংকৰ সংঘাতৰ সৃষ্টি হয় । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হয় ।
জানিব পৰা মতে, তেজপুৰৰ জি আই টেগযুক্ত বিখ্যাত লিচুৰ নাম ব্যৱহাৰ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বহিঃৰাজ্যৰ সাধাৰণ লিচু বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হয় । ইয়াক লৈ স্থানীয় বিক্ৰেতা আৰু বাহিৰৰ ব্যৱসায়ীৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্ক আৰম্ভ হয় যদিও পিছত এই বাকযুদ্ধই ভয়ংকৰ কাজিয়াৰ ৰূপ লয় ।
এই ঘটনাত প্ৰায় ২২ জন লোক আঘাতপ্ৰাপ্ত হয় । ইয়াৰে তিনিজন গুৰুতৰভাৱে আহত হোৱাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয় । আহতসকলৰ মাজত বিহাৰী সম্প্ৰদায়ৰ কেইবাজনো লোক থকাৰ তথ্য পোৱা গৈছে ।
ইফালে ঘটনাৰ পিছতে উত্তেজিত লোকে পৰুৱা লিচু বাগান আৰু মহাভৈৰৱ আৰক্ষী চকীৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু জিলা প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয় । ঘটনাক লৈ সমগ্ৰ তেজপুৰত চাঞ্চল্যৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে তেজপুৰৰ লিচুৰ এক সুকীয়া পৰিচয় আছে ৷ ৰঙা ৰঙৰ আকাৰত কিছু ডাঙৰ এই লিচুৰ সোৱাদ সাধাৰণ লিচুতকৈ অধিক ৷ সেয়ে ইয়াৰ দামো অধিক ৷ তাৰ গাইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে বিহাৰৰ পৰা অনা লিচু তেজপুৰত উৎপাদিত বুলি বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ যাৰ ফলশ্ৰুতিত সংঘটিত হয় এই সংঘাত ৷

