পুলিচ-প্ৰশাসনৰ গাফিলতিৰ বাবেই এনে হ'ল : চৰম ক্ষোভেৰে ক'লে অৰ্ণমাই বৰাৰ স্বামীয়ে
সমগ্ৰ ব্যৱস্থাটো তৃণমূল পৰ্যায়তে বিপথে পৰিচালিত কৰাৰ অভিযোগ স্বামী বিমল বৰাৰ । উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত অৰ্ণমাই বৰাৰ স্বামীৰ প্ৰতিক্ৰিয়া ৷

Published : April 21, 2026 at 5:56 PM IST
বঢ়মপুৰ : ৰাজ্য কঁপোৱা শিক্ষয়িত্ৰী অৰ্ণমাই বৰা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত মইনুল হকক দোষমুক্ত ঘোষণা কৰে দেশৰ সৰ্বোচ্চ আদালতে । ইতিমধ্যে উচ্চ ন্যায়ালয়ে মইনুল হকক গুৰুতৰ অপৰাধত লঘু শাস্তি প্ৰদানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অৰ্ণমাই বৰাৰ পৰিয়াল ।
কিন্তু শীৰ্ষ ন্যায়ালয়তো বিমুখ হ'বলগা হয় অৰ্ণমাই বৰাৰ স্বামী বিমল বৰা তথা তেওঁৰ পৰিয়াল । উচ্চতম ন্যায়ালয়ে মইনুল হকক দোষমুক্ত কৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি বিমল বৰাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
ন্যায় ব্যৱস্থাৰ সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত অৰ্ণমাই বৰাৰ স্বামী বিমল বৰাই কয়, "ল'ৱাৰ ক'ৰ্টে জাজমেণ্ট দিলে যে অপৰাধীদ্বয়ৰ এজনক ফাঁচিৰ অৰ্ডাৰ আৰু এজনক যাৱজ্জীৱন কাৰাদণ্ড । হাইক'ৰ্টলৈ গ'লোঁ, তেওঁলোকে হাইক'ৰ্ট কৰিলে, হাইক'ৰ্টত মূল অভিযুক্ত যিজন তেওঁ ৰেহাই পালে আৰু ইজনৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল থাকিল । মইনুল হক আৰু চেলিমউদ্দিন । মইনুল হকক নিৰ্দোষী ঘোষণা কৰিলে আৰু চেলিমউদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰাখিলে ।"
কিন্তু হাইক'ৰ্টত ল'ৱাৰ ক'ৰ্টে প্ৰদান কৰা মইনুল হকৰ ফাঁচিৰ নিৰ্দেশ স্থগিত ৰখাৰ ৰায়ত হতভম্ব হয় অৰ্ণমাই বৰাৰ পৰিয়াল । যাৰবাবে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লয় । আনহাতে, অৰ্ণমাই বৰাৰ স্বামী বিমল বৰাৰ মতে, এই খেলিমেলি তৃণমূল পৰ্যায়তে ঘটি গৈছিল ।
এই সন্দৰ্ভত অৰ্ণমাই বৰাৰ স্বামীয়ে কয়, "তাৰ পিছত মই ছুপ্ৰিম ক'ৰ্টলৈ যোৱাৰ চিন্তা-চৰ্চা কৰিলোঁ । এইকাৰণেই কৰিছিলোঁ যে মইনুল হকৰ ফাঁচি হ'ব নালাগে সেইটোৰ কাৰণে নহয়, মইনুল হকক আকৌ ফাঁচিৰ অৰ্ডাৰ দিলে মই সন্তুষ্ট হ'ম সেইটোতো নহয় । মই যাবলৈ এইকাৰণে বিচাৰিছিলোঁ যে নিম্ন আদালতে কেনেকৈ ফাঁচি অৰ্ডাৰৰ হুকুমটো দিলে আৰু হাইক'ৰ্টে কিয় কেনচেল কৰিলে । এই বিষয়টোৰ ওপৰত ছুপ্ৰিম ক'ৰ্টে কি কয় । এতিয়া ছুপ্ৰিম ক'ৰ্টৰ যিটো ৰায় পালোঁ, এই ৰায়টোত গম পালোঁ যে সকলো খেলিমেলি তৃণমূল পৰ্যায়টোতে হৈ গ'ল । আৰু যিসকলে মোৰ বক্তব্য চাইছে, ইয়াত সোমাই পৰিছে, তেওঁলোকে অনুভৱ কৰিব ।"
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে একপ্ৰকাৰ হতাশাত ভুগিছে অৰ্ণমাই বৰাৰ পৰিয়ালটো । এই কথা প্ৰকাশ পাইছে স্বামী বিমল বৰাৰ বক্তব্যতে । তেওঁ বাৰে বাৰে এটা কথা উল্লেখ কৰে যে তৃণমূল পৰ্যায়ত ব্যৱস্থাটো যদি সঠিক থাকিলহেঁতেন তেন্তে হয়তো অপৰাধী সাৰি নগ'লহেঁতেনে ।
এই সন্দৰ্ভত বিমল বৰাই কয়, "আমি প্ৰশাসন, চৰকাৰ, কাৰোবাক গালিপাৰি লাভ নাই । আমি ব্যৱস্থাটো বিপথে পৰিচালনা কৰোঁ তৃণমূল পৰ্যায়তে । তৃণমূল পৰ্যায়তে বিপথে পৰিচালনা কৰিলোঁ, সত্য ক'ব নিবিচাৰোঁ । কাৰোবাক আক্ষেপ কৰি, কাৰোবাৰ ওপৰত কোনো কাৰণ নোহোৱাকৈ শত্ৰুতা মনোভাব লৈ... এনেবিলাক কাৰণৰ কাৰণে এই গোটেই ঘটনাটো হৈ গ'ল ।"
আনহাতে, এই সমগ্ৰ প্ৰক্ৰিয়াটোত আৰক্ষী আৰু প্ৰশাসনৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে বিমল বৰাই । আৰক্ষী-প্ৰশাসনে যদি প্ৰকৃত কামত লাগিলহেঁতেন তেন্তে অপৰাধীয়ে আইনৰ সুৰুঙাৰে ওলাই যাব নোৱাৰিলেহেঁতেন বুলি তেওঁৰ বক্তব্যত প্ৰকাশ পায় । কিন্তু মূল অভিযুক্তৰ পৰিৱৰ্তে তেওঁৰ পিছতে ১১ দিন আৰক্ষী-প্ৰশাসন লাগি থকাৰো তেওঁ অভিযোগ তোলে ।
আৰক্ষী-প্ৰশানলৈ অভিযোগৰ আঙুলি তুলি বিমল বৰাই কয়, "ইয়াৰ গাফিলতি মই নহয়, সকলোৱে ক'ব পুলিচ-প্ৰশাসন । মই কৈছোঁৱে নহয় যে যি পুলিচ মোৰ পিছত ১১ দিন লাগি থাকিল, কিয় লাগি থাকিল ? মোৰ পিছত ১১ দিন মুছলমানখিনিয়ে লগাইছে নেকি, নাই আমাৰ জাতিৰ ভায়ে লগাইছে । কিয় লগাইছে মই নাজানো । প্ৰত্যেকদিনা এছপি, এডিচনেল এছপি, এডিচি যিকোনো এজন বিষয়া মোৰ ঘলৈ আহে, মোৰ লগত আৰ্গুমেণ্ট কৰে ।"
উল্লেখ্য যে ২০১৭ চনৰ ৩১ মে’ত হোজাই জিলাৰ যমুনামুখৰ এলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৫৮ বছৰীয়া অৰ্ণমাই বৰাক বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথত ধৰ্ষণ কৰি দুৰ্বৃত্তই কপিলী নৈত পেলাই দিছিল ৷ এই ঘটনাই সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ ইফালে আৰক্ষীয়ে অৰ্ণমাই বৰাৰ মৃতদেহ উদ্ধাৰ কৰি এই ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু মইনুল হক আৰু চেলিমউদ্দিন নামৰ দুটাকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷
পৰৱৰ্তী সময়ত নিম্ন আদালতে মইনুল হকক ফাঁচিৰ নিৰ্দেশ দিয়াৰ বিপৰীতে চেলিমউদ্দিনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে । ইয়াৰ বিৰুদ্ধে অভিযুক্তই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু উচ্চতম ন্যায়ালয়ে উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত মইনুল হকৰ ফাঁচিৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰি তিনি বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে । পৰৱৰ্তী সময়ত এই ৰায়ক প্ৰত্যাহ্বান জনাই অৰ্ণমাণ বৰাৰ পৰিয়াল উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।

