ETV Bharat / state

শিৱসাগৰত আৰক্ষীৰ জালত অস্ত্ৰ সৰবৰাহকাৰী: গ্ৰেপ্তাৰ কেইবাজনো

বৃহস্পতিবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে মূল অভিযুক্ত অচিন্তৰ ভাষ্যৰ ভিত্তিত ডিব্ৰুগড়ত এক গোপন অভিযান চলাই চক্ৰটোক উৎখাত কৰে ।

Sivasagar arms smuggler arrested
শিৱসাগৰত আৰক্ষীৰ জালত অস্ত্ৰ সৰবৰাহকাৰী চক্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 4:56 PM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ: শিৱসাগৰ আৰক্ষীৰ অভিযানত চোৰাং মাৰণাস্ত্ৰসহ সৰবৰাহকাৰী চক্ৰক গ্ৰেপ্তাৰ । বৃহস্পতিবাৰে নিশা চলোৱা এক অভিযানত শিৱসাগৰ আৰক্ষীৰ জালত পৰে অস্ত্ৰ সৰবৰাহকাৰী চক্ৰটো । অস্ত্ৰ সৰবৰাহকাৰী চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড শিৱসাগৰ চহৰৰ গণকপট্টিৰ অচিন্ত বৰুৱা, কাৰ্বি আংলং জিলাৰ খটখটীৰ অমৰ দাস ওৰফে জন মেচ, শিৱসাগৰৰ চেৰেকাপাৰৰ ববী বিক্ৰম বৰুৱা আৰু ভটীয়াপাৰৰ পাপু দাস আৰক্ষীৰ জালত পৰে ৷

আনহাতে, অস্ত্ৰ সৰবৰাহকাৰী চক্ৰটোৰ মাষ্টাৰমাইণ্ড অচিন্ত বৰুৱাৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাতেই ডিব্ৰুগড়ৰ এটা ভাৰাঘৰৰ পৰা আৰক্ষীয়ে এটা হস্তনির্মিত পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

শিৱসাগৰত আৰক্ষীৰ জালত অস্ত্ৰ সৰবৰাহকাৰী চক্ৰ (ETV Bharat Assam)

শিৱসাগৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, অপৰাধ শাখাৰ এএছপি মইদুল ইছলাম, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল মেধি, নগৰ উপ-পৰিদৰ্শক দেৱাশিস শৰ্মাৰ লগতে চোৰাংচোৱা শাখাৰ বিষয়াৰ সহযোগত এই অভিযান চলে ৷ বৃহস্পতিবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে অচিন্তৰ ভাষ্যৰ ভিত্তিত ডিব্ৰুগড়ত এক গোপন অভিযান চলাই চক্ৰটোক উৎখাত কৰে ।

ঘটনা সন্দৰ্ভত শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে সংবাদ মাধ্যমৰ আগত বিশদ তথ্য প্ৰদান কৰে । তেওঁ কয় যে আৰম্ভণিতে গাড়ীচোৰ চক্ৰৰ সৈতে জড়িত এই দলটোৱে বৰ্তমান চোৰাং অস্ত্ৰ সৰবৰাহত নামি পৰিছে । অসমৰ দাঁতিকাষৰীয়া ৰাজ্যৰ লগতে বহিঃৰাষ্ট্ৰৰ পৰা মাৰণাস্ত্ৰৰ এক অবৈধ সৰবৰাহ অব্যাহত ৰখা এই চক্ৰটোৰ সৈতে আন লোক জড়িত আছে নেকি তাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে শিৱসাগৰ আৰক্ষীয়ে ।

এই সন্দৰ্ভত এএছপি মইদুল ইছলামে কয়, "আমাৰ হাতত এটা তথ্য আছিল যে এটা চক্ৰই ইয়াত অস্ত্ৰ সৰবৰাহৰ কাম কৰি আছে । তেওঁলোক গাড়ীচুৰি কৰি সৰবৰাহ, ইয়াৰ পৰা চুৰি কৰি নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ লগত জড়িত আছিল । এই চক্ৰটোৱে অস্ত্ৰৰ ব্যৱসায়ো কৰে বুলি আমাৰ এটা খবৰ আছিল । এই খবৰৰ ভিত্তিত অপাৰেচন এটা চলোৱা হ'ল । বিভিন্ন ঠাইত অপাৰেচন চলোৱা হ'ল । তাৰ পৰা কেইজনমান ব্যক্তিক আমি আটক কৰিলোঁ । তেওঁলোকক সোধাপোছা কৰাৰ পিছত এজন ব্যক্তিক পালোঁ অচিন্ত বৰুৱা । অচিন্ত বৰুৱাক আটক কৰাৰ পিছত যেতিয়া সোধা-পোছা কৰিলোঁ, তেখেতৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু কেইজনমান ব্যক্তিক আটক কৰোঁ ।"

পৰৱৰ্তী অনুসন্ধানত অধিক তথ্যৰ লগতে জড়িত চোৰাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :বঙাইগাঁৱত ৰাইজে জব্দ কৰিলে ৰন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক
লগতে পঢ়ক :নিচামুক্তি কেন্দ্ৰৰ নামত ব্যৱসায়, প্ৰশাসনে তলা লগালে নিয়ন নমনা পুনৰ্বাসন কেন্দ্ৰত