ETV Bharat / state

বিতৰ্কৰ অন্তত ওলাল লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল

ACSত নীহাৰ ৰঞ্জন ডেকা আৰু APSত ভাস্কৰ জ্যোতি মেধিয়ে শীৰ্ষ স্থান দখল কৰে ।

APSC CCE RESULT
অসম লোকসেৱা আয়োগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 8:24 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বহু বিতৰ্কৰ পাছত অসম লোকসেৱা আয়োগে (এ পি এছ চি) মঙলবাৰে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ সংশোধিত ফলাফল ঘোষণা কৰে । সোমবাৰে এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ ফলাফল ঘোষণাৰ কিছু সময়ৰ পাছতেই এক জাননী জাৰি কৰি তাৎক্ষণিকভাৱে বাতিল কৰিছিল আয়োগে । ইয়াৰ পাছতেই ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হয় অসম লোকসেৱা আয়োগ । ইয়াৰ পাছত আজি পুনৰ আয়োগে সংশোধিত ফলাফল ঘোষণা কৰি অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাসমূহৰ বাবে সৰ্বমুঠ ২৮৮গৰাকী প্ৰাৰ্থী নিযুক্তিত অনুমোদন দিয়ে ।

অসম লোকসেৱা আয়োগে আজি ঘোষণা কৰা অনুসৰি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ সংশোধিত ফলাফলত অসম অসামৰিক সেৱা (জুনিয়ৰ গ্ৰেড)ত নিহাৰ ৰঞ্জন ডেকাই প্ৰথম স্থান লাভ কৰে । দ্বিতীয় স্থান দখল কৰে ৰাজনীশ শৰ্মাই আৰু ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰে পাঞ্চালী দেৱীয়ে ।

অসম আৰক্ষী সেৱা (জুনিয়ৰ গ্ৰেড)ত ভাস্কৰ জ্যোতি মেধিয়ে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে অম্লান বৰুৱাই দ্বিতীয় আৰু ধৃতিমান বৰ্মনে তৃতীয় স্থান লাভ কৰে ।

শ্ৰম বিভাগৰ দুটা পদত ক্ৰমে ৰেহানা খাতুন আৰু কিশোৰ নিৰোলাই আৰু জিলা পৰিবহণ বিষয়া পদত ক্ৰমে কৌশিক কাশ্যপ শইকীয়া আৰু তুষাৰ জিৎ মেধি উত্তীৰ্ণ হয় ।

একেদৰে খণ্ড উন্নয়ন বিষয়া পদত ৰছনিনা পাৰবিনে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে আৰু কপিল নাথে দ্বিতীয় আৰু ৱাছিম ​​আহমেদে তৃতীয় স্থান লাভ কৰে ।

সহকাৰী পৰিচালক (এ এম)/সহকাৰী উদ্যোগ বিষয়া (এ আই অ’)/ উদ্যোগ অধীক্ষকৰ পদত ক্ৰমে ধ্ৰুৱজ্যোতি দাস, অভয় শৰ্মা আৰু ৰিমিশা চৌধুৰী উৰ্ত্তীণ হয় ।

সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ দুটা পদত ক্ৰমে মনশ্বেতা দাস আৰু মিন্টু নাথে স্থান লাভ কৰে ।

অসম বিত্ত সেৱা (জুনিয়ৰ গ্ৰেড II)ত আছমিনা আখতাৰে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে পূৰ্বশ্ৰী দেৱে দ্বিতীয় আৰু নয়নজ্যোতি বৈশ্যই ৰাজ্যৰ বিতৰত তৃতীয় স্থান লাভ কৰে ।

কৰ পৰিদৰ্শকৰ পদত হৃতৃষ্ণা ডেকাই প্ৰথম স্থান দখল কৰাৰ বিপৰীতে স্বেতা পাচনীয়ে দ্বিতীয় আৰু মানস প্ৰতীম ডেকাই তৃতীয় স্থান দখল কৰে ।

ইপিনে শ্ৰম পৰিদৰ্শকৰ পদত বৰষা দাসে প্ৰথম, অংকুৰজ্যোতি বৰদলৈয়ে দ্বিতীয় আৰু নাফিছা আঞ্জুম হুছেইনে তৃতীয় স্থান দখল কৰে ।

আৱকাৰী পৰিদৰ্শক পদত ক্ৰমে ফজলুল জুবেইদ, ধৰিত্ৰী বৰকটকী আৰু অলিয়াণ্ডা চৌধুৰীয়ে প্ৰথম তিনিটা স্থান লাভ কৰে ।

সহকাৰী নিয়োগ বিষয়া পদত প্ৰথম তিনিটা স্থানত নিযুক্তি লাভ কৰে ক্ৰমে হিমাংশু শেখৰ শইকীয়া ফুকন, আকাংক্ষা হাজৰিকা আৰু নীলাদ্ৰি মহন্তই ।

উপ-পঞ্জীয়ক পদত আদিত্য শইকীয়াই প্ৰথম স্থান দখল কৰাৰ বিপৰীতে মৃগাক্ষী ভট্টাচাৰ্যই দ্বিতীয় আৰু নয়নজ্যোতি বৰ্মনে তৃতীয় স্থান দখল কৰে ।

অসম নিৰীক্ষণ সেৱা (সহকাৰী নিৰীক্ষণ বিষয়া) পদত নিশামণি দাস, হিমাশ্ৰী শৰ্মা আৰু হিৰক ৰাজবংশীয়ে প্ৰথম তিনিটা স্থান লাভ কৰে ।

লগতে পঢ়ক : পুনৰ বিতৰ্কত অসম লোকসেৱা আয়োগ; ঘোষণাৰ পাছতেই বাতিল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ ফলাফল

ঘোষণাৰ পিছতে কিয় বাতিল কৰা হ'ল এ পি এছ চি পৰীক্ষাৰ ফলাফল : উত্তৰ দিলে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে