হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোনো এছ আই টিৰ পৰা তথ্য পোৱা নগ'ল : গৌৰৱ গগৈ
আৰক্ষীৰ ভয় দেখুৱাই মানুহৰ কণ্ঠ ৰুদ্ধ নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ।

Published : October 29, 2025 at 8:47 PM IST
গুৱাহাটী : "অহাবাৰ ৰাইজে যদি আমাক ৰাইজৰ সেৱা কৰিবলৈ আশীৰ্বাদ দিয়ে তেন্তে আমি ৰাইজৰ সপোন বাস্তৱ কৰাটোৱেই হ'ব আমাৰ কংগ্ৰেছ দলৰ একমাত্র এজেণ্ডা ।" এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ । বুধবাৰে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত আয়োজন কৰা যোগদান অনুষ্ঠানত অংশ গ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এইদৰে কয়।
বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয়, "আজিৰ তাৰিখত আমাৰ মূল দায়িত্ব হৈছে ৰাইজৰ মাজৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সৃষ্ট ভয়ৰ পৰিৱেশ অহা নিৰ্বাচনত আমি থানবান কৰি শেষ কৰিম । আমি কেতিয়াও পুলিচৰ ভয় দেখুৱাই মানুহৰ কণ্ঠ ৰুদ্ধ নকৰো । ৰাইজৰ প্ৰশ্ন কৰাৰ অধিকাৰ থাকিব । হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰা ভয় আমি অহা বছৰ শেষ কৰিম । আমি ভয়ৰ ৰাজনীতি নকৰো । আমাৰ চৰকাৰ আহিলে আমি আৰু অধিক ভাল আঁচনি দিম । আমি বৰ অসম গঢ়াৰ দিশত কাম কৰিম।"
১০ নৱেম্বৰত জিলাস্তৰত যোগদান কাৰ্যসূচী :
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, "১০ নৱেম্বৰত অসমৰ বিভিন্ন স্থানত জিলাস্তৰত যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব । গুৱাহাটীৰ উপৰি বিভিন্ন জিলাত যোগদান কাৰ্যসূচী হ'ব । মানুহৰ আস্থা পুনৰ কংগ্ৰেছৰ প্ৰতি বৃদ্ধি পাইছে । তৰুণ গগৈৰ চৰাকৰৰ দিনত মিছা প্ৰতিশ্ৰুতি দিয়া হোৱা নাছিল । সেই সময়ৰ আস্থাৰ পৰিৱেশ পুনৰ ঘূৰি আহিছে । তৰুণ গগৈৰ দিনত হোৱা কাম আজিৰ দিনত হোৱা নাই । বৰ্তমানৰ চৰকাৰে সকলোকে প্ৰতাৰণা কৰিছে । আমি তৰুণ গগৈৰ আদৰ্শৰে আগুৱাই যাম ।"
এছ আই টিৰ প্ৰসংগত তেওঁ কয়, "আজি এছ আই টিৰ যোগেদি কেনেদৰে মানুহৰ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে । সঁচা কথাখিনি ওলাবলৈ নিবিচাৰে । এছ আই টি মানে বিভ্ৰান্তি । হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোনো এখন এছ আই টিৰ পৰা কোনো তথ্য পোৱা নগ'ল । মোৰ সম্পৰ্কত কৰা এছ আই টিৰ ১০ ছেপ্টেম্বৰ ক'ত গ'ল আমি গমেই নাপালো । কোনো এখন এছ আই টিৰ পৰা কোনো তথ্য পোৱা নগ'ল । সেই কাৰণে মোৰ সন্দেহ হ'ল যে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্রীয়ে গঠন কৰা এছ আই টিৰ যোগেদি সকলো ষড়যন্ত্র লুকুৱাব বিচাৰিছে । মুখ্যমন্ত্রীয়ে ষড়যন্ত্রটো ফাদিল হোৱাটো নিবিচাৰে ।"
এতিয়া মুখ্যমন্ত্রীৰ সুৰ সলনি হৈছে :
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয়, "ক্ৰিমিনেল বিশেষজ্ঞ সকলে কৈছে যে এছ আই টিয়ে এনেকুৱা কিছুমান পদক্ষেপ লৈছে যাৰ ফলত অভিযুক্ত সকলেহে পিছত গৈ সুবিধা পাব । যাৰ বাবে মুখ্যমন্ত্রীৰ সুৰ এতিয়া সলনি হৈছে । এতিয়া কৈছে ন্যায়ালয়ে ন্যায় দিব । সময়ে সময়ে কথা সলনি কৰি আছে । বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে । ৰীতা চৌধুৰীক কিয় এছ আই টিলৈ মাতিছে । ৰীতা চৌধুৰী পডকাষ্ট আৰু জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যুৰ মাজত কি সম্পৰ্ক আছে । এমাহ পাৰ হৈ গ'ল আৰু আমি আজিলৈকে গম পোৱা নাই যে জুবিন গাৰ্গৰ লগত কি হৈছিল ।"

বিজেপিয়ে নাজানে জাতি-জনগোষ্ঠীৰ ইতিহাস :
বৰাকত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰা বুলি বিজেপিয়ে কৰা সমালোচনাৰ প্ৰসংগত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "শ্ৰীভূমিত ৰবীন্দ্ৰ নাথ ঠাকুৰে লিখা কবিতা পাঠ কৰা হৈছিল যিটো কবিতা বাংলাদেশে জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল । বিজেপিয়ে ইতিহাস নাজানে । কোনো জাতি-জনগোষ্ঠীৰে তেওঁলোকে ইতিহাস নাজানে ।"
শতাধিকৰ কংগ্ৰেছত যোগদান :
এই অনুষ্ঠানটোত বিজেপিৰ যোৰহাট জিলাৰ প্ৰাক্তন উপ-সভাপতি দিব্যজ্যোতি লিখক, বিজেপিৰ চিকিৎসক কোষৰ আহ্বায়ক যদুনাথ বুঢ়াগোঁহাই, বেংগলী যুৱ ছাত্র ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ডাঃ মহানন্দ সৰকাৰ, টি এম পি কেৰ নেতা ৰাজু মেদক প্ৰমুখ্যে বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষৰ শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে ।
মুখ্যমন্ত্রীৰ ওপৰত বিজেপিৰে বিশ্বাস নাই :
এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সাংসদ ৰকিবুল হুছেইনে কয়, "কংগ্ৰেছ দলত যোগদান দেখি সকলোতকৈ বেছি ভয় খাইছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । হিমন্ত বিশ্ব শৰ্মাৰ অসংলগ্ন কথা-বতৰাই আজি বিজেপিকো আচৰিত কৰি তুলিছে । আজি জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি বিজেপি দল ৰাজপথত নামিছে । বিজেপিৰে বিশ্বাস নাই মুখ্যমন্ত্রীৰ ওপৰত । আজি অসমৰ ভিতৰত নহয় পৃথিৱীৰ ভিতৰত সকলোতকৈ অপ্ৰিয় ব্যক্তি হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মা ।"
আনহাতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, "মুখ্যমন্ত্রীৰ বিষবাষ্প বিয়পোৱাৰ ৰাজনীতি অসমৰ সৰ্বসাধাৰণ ৰাইজে গ্ৰহণ নকৰে । এনেদৰে ঘৃণাৰ ৰাজনীতিৰে অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে ।" সভাত প্ৰাক্তন সাংসদ ৰিপুন বৰাই কয়, "২০২৬ত আমাৰ চৰকাৰ হ'ব । অত্যাচাৰী বিজেপিৰ পতন হ'ব ।"অনুষ্ঠানটোত এ আই চি চিৰ সম্পাদক বিকাশ উপাধ্যায়, বিধায়ক শিৱামণি বৰা, বিধায়ক ভাস্কৰ বৰুৱা, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীকে ধৰি দলীয় কেইবাগৰাকী নেতা উপস্থিত থাকে ।

