ETV Bharat / state

নেহৰুৰ প্ৰতিমূৰ্তি বিনষ্ট কৰা কাৰ্যক তীব্ৰ গৰিহণা গৌৰৱ গগৈৰ

এনে অনৈতিক কাৰ্যৰ জৰিয়তে গণতান্ত্ৰিক ইতিহাস মচিবলৈ কৰা যিকোনো প্ৰচেষ্টা কোনো কালে গ্ৰহণযোগ্য নহয় । গৌৰৱ গগৈয়ে ক'লে ৷

vandalism of Jawaharlal Nehru's statue
জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তি বিনষ্ট (ANI)
author img

By ANI

Published : February 26, 2026 at 1:09 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অচিনাক্ত দুৰ্বৃত্তৰ তাণ্ডৱত বিনষ্ট প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তি ৷ কাছাৰৰ লক্ষীপুৰ সমষ্টিৰ পইলাপুলত সংঘটিত হৈছে এই ঘটনা ৷ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তি বিনষ্ট কৰা কাণ্ডক তীব্ৰ গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে । দুৰ্বৃত্তই এই কাম কৰিবলৈ দুস্কৃতিকাৰীয়ে জে চি বি ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে ৷

এক বিবৃতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয়, ‘‘এনেধৰণৰ কাম কেৱল প্ৰতিমূৰ্তি ধ্বংস কৰাই নহয়, বৰং আধুনিক ভাৰতৰ ভেঁটি স্থাপন কৰা এগৰাকী মহান নেতা আৰু বিশিষ্ট স্বাধীনতা সংগ্ৰামীৰ উত্তৰাধিকাৰক অপমান কৰা হৈছে ।’’

vandalism of Jawaharlal Nehru's statue
বগৰাই পেলোৱা জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তি (ANI)

গগৈয়ে লগতে কয় যে ৰাজনৈতিক মতাদৰ্শত পাৰ্থক্য থাকিব পাৰে, কিন্তু এনে অনৈতিক কাৰ্যৰ জৰিয়তে গণতান্ত্ৰিক ইতিহাস মচিবলৈ কৰা যিকোনো প্ৰচেষ্টা কোনো কালে গ্ৰহণযোগ্য নহয় ।

বিজেপিৰ কাৰ্যকালত এনে এক লজ্জাজনক ঘটনা সংঘটিত হোৱাৰ পিছতো চৰকাৰে এই বিষয়ত মৌনতা অৱলম্বন কৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰে এ পি চি চিৰ সভাপতিগৰাকীয়ে । গৌৰৱ গগৈয়ে কয়, ‘‘ভাৰত আৰু অসমৰ শক্তি বহুত্ববাদ আৰু গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰাত নিহিত হৈ আছে ৷ আমি এইবোৰক যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষা দিব লাগিব ।’’

এই নিন্দনীয় কাণ্ডৰ লগত জড়িত দুৰ্বৃত্তসকলক শীঘ্ৰে চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে গৌৰৱ গগৈয়ে । অসমৰ ৰাইজে এনে বৰ্বৰতা কেতিয়াও সহ্য নকৰে বুলিও দৃঢ়ভাৱে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

অসম প্ৰদেশ কংগ্ৰেছে এই কাৰ্যক কাপুৰুষালি আৰু নিন্দনীয় আখ্যা দি জবাবদিহিতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । প্ৰতিমূৰ্তিটোৰ ধ্বংসত ব্যৱহৃত জেচিবিখনৰ মালিক কোন আৰু কাৰ নিৰ্দেশনাত এনে কাৰ্য সংঘটিত হ’ল তাৰো উত্তৰ বিচাৰে কংগ্ৰেছে ৷

দলটোৱে কয়, ‘‘অসমৰ কাছাৰ জিলাৰ লক্ষীপুৰত পণ্ডিত নেহৰুৰ প্ৰতিমূৰ্তি কাপুৰুষালি আৰু ঘৃণনীয়ভাৱে ধ্বংস কাৰ কাৰ্যক আমি তীব্ৰ গৰিহণা দিছো । এক্সেভেটৰ ব্যৱহাৰ কৰি প্ৰতিমূৰ্তিটোৰ ক্ষতিসাধন কৰা হৈছে । অসমৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সহযোগী তথা লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ে অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰু আদৰ্শগত ব্যৱস্থা গ্ৰহণ কৰক ।’’

উল্লেখ্য যে, বিনষ্ট হোৱা প্ৰতিমূৰ্তিটো কেইবাদশকো পুৰণি ৷ বিগত ২৩ ফেব্ৰুৱাৰীত কোনো অচিনাক্ত দুৰ্বৃত্তই প্ৰতিমূৰ্তিটো জেচিবিৰ সহায়ত ভাঙি বিধ্বস্ত কৰে ৷

লগতে পঢ়ক: হু ইজ হিমন্ত বিশ্ব শৰ্মা ? মুখ্যমন্ত্ৰীক ছিণ্ডিকেটৰ মহানায়ক আখ্যা কংগ্ৰেছ বিধায়কৰ