ETV Bharat / state

অসমত প্ৰায় ৪৮.২ শতাংশ প্ৰাপ্তবয়স্ক লোকে সেৱন কৰে ধঁপাত

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে মৰিগাঁৱত সজাগতা সমদল আৰু সভা সম্পন্ন ৷

anti tobacco day observed in Morigaon
বিশ্ব ধঁপাত বিৰোধী দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 7:48 PM IST

3 Min Read
Choose ETV Bharat

লাহৰীঘাট : ‘‘অসমত প্ৰায় ৪৮.২ শতাংশ প্ৰাপ্তবয়স্ক লোকে ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰে, যি এক গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা । ধঁপাত সেৱনৰ ফলত স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে ৷’’ এই মন্তব্য ডাঃ জয়া প্ৰভা বড়োৰ ৷

উল্লেখ্য যে, বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে দেওবাৰে মৰিগাঁৱত জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয় । ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

anti tobacco day observed in Morigaon
বিশ্ব ধঁপাত বিৰোধী দিৱস (ETV Bharat Assam)

সহকাৰী আয়ুক্ত সন্তোষ বুঢ়াগোহাঁই আৰু লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা অৰ্চনা শৰ্মাই জিলা ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ন'ডেল বিষয়া ডাঃ জয়া প্ৰভা বড়ো, জ্যোতিষ বৰ্মন তথা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়ববীয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত সজাগতা সমদলটোৰ শুভাৰম্ভ কৰে ।

সমদলত জিএনএম প্ৰশিক্ষণ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে । অংশগ্ৰহণকাৰীসকলে ধঁপাত বিৰোধী বিভিন্ন শ্ল’গান আৰু বাৰ্তাসম্বলিত ফলক লৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে । ৰেলীৰ অন্তত পবিতৰা হাটত অনুষ্ঠিত সভাত বিভিন্ন সংগঠনৰ সদস্য, অংগনৱাড়ী কৰ্মী, স্থানীয় বাসিন্দা, ছাত্ৰ-ছাত্ৰী আৰু বহু সংখ্যক সাধাৰণ লোক উপস্থিত থাকে ।

anti tobacco day observed in Morigaon
বিশ্ব ধঁপাত বিৰোধী দিৱস পালন (ETV Bharat Assam)

সভাত বক্তব্য ৰাখি ডাঃ জয়া প্ৰভা বড়োৱে ধঁপাত সেৱনৰ ফলত স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে এক বিস্তৃত অডিঅ'-ভিজুৱেল উপস্থাপন কৰে । তেওঁ উল্লেখ কৰে যে ধঁপাত সেৱন বিশ্বজুৰি অসংক্ৰামক ৰোগৰ অন্যতম মুখ্য কাৰণ আৰু ধঁপাতজনিত বিভিন্ন ৰোগত প্ৰতি বছৰে প্ৰায় ৮০ লাখ লোকৰ মৃত্যু হয় ।

তেওঁ লগতে কয়, ‘‘অসমত প্ৰায় ৪৮.২ শতাংশ প্ৰাপ্তবয়স্ক লোকে কোনো নহয় কোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে, যি এক গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা ।’’ ডাঃ বড়োৱে উপস্থিত সকলোকে ধঁপাত জাতীয় সামগ্ৰী পৰিহাৰ কৰাৰ আহ্বান জনোৱাৰ লগতে পৰিয়াল আৰু সমাজত ধঁপাত বিৰোধী সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায় ।

anti tobacco day observed in Morigaon
ধঁপাত বিৰোধী সমদল (ETV Bharat Assam)

এই কাৰ্যসূচীৰ অংশৰূপে লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি পৰিৱেশন কৰে । অনুষ্ঠানৰ সামৰণিত উপস্থিত সকলোৱে ধঁপাত বিৰোধী শপতগ্ৰহণ কৰে । ধঁপাতমুক্ত জীৱন-যাপন আৰু এখন সুস্থ, সচেতন তথা ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ সংকল্পৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে ।

লগতে পঢ়ক : ধপাঁতমুক্ত অঞ্চল ঘোষণা কৰা নামত চাইনবৰ্ড আৰিয়ে দায়িত্ব সামৰিছে কোনে ?

লগতে পঢ়ক : ধঁপাত বিৰোধী দিৱসত শিক্ষাৰ্থীক শপতবাক্য পাঠ নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ