ETV Bharat / state

ধঁপাত বিৰোধী দিৱসত শিক্ষাৰ্থীক শপতবাক্য পাঠ নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

নগাঁৱত বিশ্ব ধঁপাত বিৰোধী সজাগতা শোভাযাত্ৰা। জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও বিশ্ববিদ্যালয়ত সজাগতা সভা । ছাত্ৰ-ছাত্ৰীক ধঁপাত বিৰোধী সংকল্প গ্ৰহণ কৰালে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

anti tobacco day observed in Nagaon
বিশ্ব ধঁপাত বিৰোধী সজাগতা শোভাযাত্ৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 7:24 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : “ধঁপাতে আমাৰ সমাজখনত ব্যাপক ক্ষতি সাধন কৰিছে । গুটখাৰ পৰা ইয়াৰ আৰম্ভণি হৈ পিছত চিগাৰেট, ভাং আৰু শেষত গৈ বহুলোক ড্ৰাগছত আসক্ত হৈ পৰে । এনেদৰেই এখন সুন্দৰ সমাজ ধ্বংসৰ গৰাহলৈ আগবাঢ়ি যায় ।” ধঁপাত বিৰোধী দিৱসৰ দিনা এই মন্তব্য কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৷

উল্লেখ্য যে, দেওবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো পালন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱস । নগাঁও জিলা প্ৰশাসন আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগ নগাঁৱত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন কৰা হয় । এই উপলক্ষে পুৱা নগাঁও বিশ্ববিদ্যালয় চৌহদৰ পৰা আৰম্ভ হোৱা এটি সজাগতা সমদল মুকলি কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

ধঁপাত বিৰোধী দিৱসত নগাঁও বিশ্ব বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগতে একাংশ লোকক এক সংকল্প গ্ৰহণ কৰালে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । মূলত বিশ্ব ধঁপাত বিৰোধী দিৱসৰ দিনা ধঁপাতজাতীয় সামগ্ৰীৰ পৰা দূৰত থকাৰ সংকল্প গ্ৰহণ কৰালে জিলা আয়ুক্তগৰাকীয়ে ।

anti tobacco day observed in Nagaon
বিশ্ব ধঁপাত বিৰোধী সজাগতা শোভাযাত্ৰা (ETV Bharat Assam)

ধঁপাতৰ ব্যৱহাৰ ৰোধ কৰিবলৈ তেওঁ সকলোৰে সহযোগিতা কামনা কৰে । জিলা আয়ুক্তগৰাকীয়ে অনুষ্ঠানত উপস্থিত সকলোকে ধঁপাত ব্যৱহাৰৰ পৰা নিজে বিৰত থকাৰ লগতে আনকো শান্তিপূৰ্ণভাৱে বুজনি দিয়াৰ বাবে শপতগ্ৰহণ কৰায় । তেওঁ নিজেও নগাঁও চহৰৰ মাজেৰে উলিওৱা সমদলৰ নেতৃত্ব লৈ আগবাঢ়ি যায় ।

ইয়াৰ পিছতে বিশ্ববিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত সভাত জিলা ন্যায়িক সেৱা প্ৰাধিকৰণৰ সচিব জগৎ দাস, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ স্মিতাক্ষী ফুকন, নগাঁও বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত কুলপতি ধ্ৰুৱজ্যোতি বৰুৱা, তেজপুৰ কৰ্কটৰোগ কেন্দ্ৰৰ অধীক্ষক ডাঃ ডি জে বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা প্ৰমুখ্যে বহু কেইগৰাকী বক্তাই ধঁপাত ব্যৱহাৰৰ অপকাৰিতাৰ বিষয়ে ভাষণ দিয়ে ।

স্মিতাক্ষী ফুকনে ধঁপাত সম্পৰ্কীয় আইনৰ বিভিন্ন দিশ বুজাই কোৱাৰ বিপৰীতে ডাঃ বৰাই কৰ্কটৰোগ সম্পৰ্কে পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে সুন্দৰ ব্যাখ্যা দাঙি ধৰে । সভাত এই দিৱস উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজিত ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত বঁটা বিতৰণ কৰা হয় ।

লগতে পঢ়ক : ধপাঁতমুক্ত অঞ্চল ঘোষণা কৰা নামত চাইনবৰ্ড আৰিয়ে দায়িত্ব সামৰিছে কোনে ?

লগতে পঢ়ক : এক নীৰৱ ঘাতক : বিশ্ব ধঁপাত বিৰোধী দিৱসৰ কিছু চিন্তা, উত্তৰ-পূৰ্বাঞ্চলত ধঁপাতৰ প্ৰভাৱ