সৰুপথাৰক নিচামুক্ত কৰিবলৈ অবৈধ সুৰা বিৰোধী সামাজিক আন্দোলন
বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্য়োগত ভয়ংকৰ সামাজিক ব্যাধিৰ বিৰুদ্ধে অভিযান ।

Published : June 12, 2026 at 6:45 PM IST
সৰুপথাৰ: বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অবৈধ সুৰাৰ বিৰুদ্ধে সামাজিক আন্দোলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল বিধায়ক বিশ্বজিৎ ফুকনে । সেই অনুসৰিয়েই গোলাঘাট জিলাৰ সৰুপথাৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰম্ভ হৈছে সামাজিক আন্দোলন ।
সৰুপথাৰ সমষ্টিত শেহতীয়াভাৱে অবৈধ সুৰা আৰু ড্ৰাগছৰ অবাধ প্ৰচলনে সমগ্ৰ সমাজ ব্যৱস্থাত এক ভয়াৱহ বিশৃংখলতাৰ সৃষ্টি কৰিছে । এনে নিচাই নৱপ্ৰজন্ম আৰু যুৱক-যুৱতীসকলক ভৱিষ্যত অন্ধকাৰৰ দিশলৈ ঠেলি দিছে । অবৈধ সুৰা আৰু ড্ৰাগছে জীৱন ধ্বংসৰ গৰাহলৈ নিয়াৰ পৰিপ্ৰেক্ষিতত এক বৃহৎ সামাজিক জাগৰণৰ সূচনা হৈছে ।
সৰুপথাৰক সম্পূৰ্ণৰূপে অবৈধ সুৰা আৰু ড্ৰাগছমুক্ত কৰি সুস্থ সবল অঞ্চল হিচাপে গঢ়ি তোলাৰ দৃঢ় মানসেৰে বিধায়ক ফুকনৰ প্ৰত্যক্ষ উদ্যোগ আৰু নেতৃত্বত এক ব্যাপক সামাজিক আন্দোলন গঢ়ি তোলা হৈছে । এই আন্দোলনক এক সুনিৰ্দিষ্ট ৰূপ প্ৰদান কৰি অধিক পৰিকল্পিত আৰু ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে যোৱা ১৯ মে'ত বিধায়কগৰাকীৰ নেতৃত্বত আৰু সৰুপথাৰ মহকুমা প্ৰশাসনৰ সক্ৰিয় সহযোগত সৰুপথাৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ উপস্থিতিত এখনি গুৰুত্বপূৰ্ণ সজাগতামূলক সভা অনুষ্ঠিত হয় ।

এই সভাৰ পিছৰে পৰাই সমগ্ৰ সমষ্টিজুৰি প্ৰশাসন আৰু সজাগ ৰাইজে অবৈধ সুৰা আৰু ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ ফলত সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিটো প্ৰান্ততে নিতৌ বৃহৎ পৰিমাণৰ অবৈধভাৱে প্ৰস্তুত আৰু বিক্ৰী কৰা চুলাইকে ধৰি অন্যান্য ক্ষতিকাৰক নিচাজাতীয় দ্ৰৱ্যসমূহ জব্দ কৰি নষ্ট কৰা হৈছে । লগতে এই সমাজবিৰোধী কাৰ্যৰ সৈতে জড়িত ব্যৱসায়ী তথা সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক কৰায়ত্ত কৰা হৈছে ।


সমাজ সংস্কাৰৰ এই আপোচবিহীন প্ৰচেষ্টাৰে আৰম্ভ হোৱা অবৈধ সুৰা আৰু ড্ৰাগছ বিৰোধী সামাজিক আন্দোলন বৰ্তমান সৰুপথাৰ সমষ্টিত নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে । এই সন্দৰ্ভত সৰুপথাৰ সমজিলাৰ আবকাৰী বিষয়াগৰাকীয়ে কয়, "সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অবৈধ সুৰাৰ বিৰুদ্ধে এখন বৃহৎ সজাগতা সভাৰ আয়োজন কৰাৰ পাছৰে পৰা আবকাৰী বিভাগটোৱে তীব্ৰ গতিত অভিযান চলাইছে । এতিয়ালৈকে আমি প্ৰায় ১২ টামান অভিযান চলাইছো । তদুপৰি ২২ টা আবকাৰী গোচৰ চিনাক্ত কৰিছো । আমি প্ৰায় ৬৭ লিটাৰ অবৈধ সুৰা এতিয়ালৈকে ধ্বংস কৰিছো । তদুপৰি প্ৰায় ২০০০ লিটাৰৰ পাছ নষ্ট কৰা হৈছে ।" অনাগত দিনতো এনেকৈ আবকাৰী বিভাগে তীব্ৰ অভিযান চলাই অবৈধ সুৰা ৰোধ কৰিব বুলি বিষয়াগৰাকীয়ে কয় ।
লগতে পঢ়ক:মাজুলীত ১৫০০ লিটাৰ অবৈধ বিলাতী সুৰা ধ্বংস
বিলাসী বাহনৰ পৰা ওলাল ছাগলী, সুৰা, উদ্ধাৰ লাখ টকাৰ সোণৰ অলংকাৰ

