ETV Bharat / state

নিৰ্বাচনৰ আগে আগে মুকলি হ'ব ৰাজ্যৰ ভিতৰতে সৰ্বাধিক দৈৰ্ঘৰ উৰণ সেতু

মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰা উৰণ সেতুৰ খুটাত বিভিন্ন চিত্ৰ অংকন কৰিছে শিল্পীসকলে ।

Guwahati new flyover
গুৱাহাটীত মুকলি হ'ব ৰাজ্যৰ সৰ্বাধিক দৈৰ্ঘৰ উৰণ সেতু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 11:51 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : মহানগৰবাসীৰ বাবে সুখবৰ । কিয়নো শীঘ্ৰেই মুকলি হ'ব আন এখন উৰণ সেতু । নিৰ্বাচনৰ পূৰ্বে ফেব্ৰুৱাৰীৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম ভাগতে উৰণ সেতুখন মুকলি হোৱাৰ সম্ভাৱনা আছে । সেতুখনৰ নিৰ্মাণকাৰ্যও প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে । আচলতে গুৱাহাটীৰ মণিৰাম দেৱান ৰোডত নিৰ্মাণ হৈ আছে এই উৰণ সেতু । আমবাৰী আৰু নুনমাটিৰ মাজত নিৰ্মাণ হৈছে এই উৰণ সেতু । ৫ কিলোমিটাৰতকৈও দীঘল এই উৰণ সেতুৰ নাম ইতিমধ্যে মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ।

সম্প্ৰতি উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য অন্তিম পৰ্যায়ত চলি আছে । ইয়াৰ বিভিন্ন অংশত চিত্ৰশিল্পীসকলে ছবি অংকন কৰি আছে । ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ বিভিন্ন বিষয়বস্তুৰে এই ছবিবোৰ অংশ কৰা হৈছে । উৰণ সেতুৰ খুটাবোৰত মুঠ ৫ টা বিষয়বস্তুৰে ছবিবোৰ অংকন কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ।

গুৱাহাটীত মুকলি হ'ব ৰাজ্যৰ সৰ্বাধিক দৈৰ্ঘৰ উৰণ সেতু (ETV Bharat Assam)

এই সন্দৰ্ভত চিৰঞ্জীত ভৌমিক নামৰ চিত্ৰশিল্পী এজনে কয়, "আমি ৩-৪ দিনৰ পৰা চিত্ৰ অংকন কৰি আছোঁ । আমাৰ দলটোত ১৫-২০ জন আছে । আমাক ৪ টা দলত ভাগ কৰি দিয়া হৈছে । ৫ টা বিষয়বস্তু নিৰ্ধাৰণ কৰি দিয়া হৈছে । সেই বিষয়বস্তু কেইটা হৈছে প্ৰাকৃতিক সৌন্দৰ্য, অসমৰ বিভিন্ন উৎসৱ, ঋতু, অসমৰ শিল্প কলা, সংস্কৃতি আদি । আমি দিছপুৰ, মালিগাঁও, তেজপুৰ উৰণ সেতুত চিত্ৰ অংকন কৰাৰ লগতে নতুনকৈ এইখন উৰণ সেতুত আৰম্ভ কৰিছোঁ । কাম কৰি ভাল লাগিছে । আমি চিত্ৰশিল্পী সকলে এটা সুযোগ পাইছোঁ প্ৰতিভা দেখুৱাবলৈ । সেয়ে আমাক এই সুবিধা দিয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ ।"

Guwahati new flyover
আমবাৰী-নুনমাটি উৰণ সেতুৰ খুটাত ছবি অংকন চিত্ৰশিল্পীৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "এই উৰণ সেতুখনত ১২২ টা খুটা আছে আৰু খুটা কেইটাৰ দুয়োফালে সৰ্বমুঠ ২৪৪ টা চিত্ৰ অংকন কৰা হ'ব । আমি ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছোঁ ।"

Guwahati new flyover
বিভিন্ন বিষয়বস্তুৰে আমবাৰী-নুনমাটি উৰণ সেতুৰ খুটাত ছবি অংকন (ETV Bharat Assam)

ইফালে লোক নিৰ্মাণ বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনাইছে যে এই উৰণ সেতুখনৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আছে । লোক নিৰ্মাণ বিভাগৰ (পথ) বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে নিৰ্মাণ কাৰ্যত নিৰ্মিত ষ্টীল গাৰ্ডাৰসমূহ ওপৰত তুলি স্থাপন কৰাৰ বাবে বিভাগটোৱে প্ৰায় ৫ ঘণ্টা মান সময়হে লাভ কৰিছিল ।

Guwahati new flyover
বিভিন্ন বিষয়বস্তুৰে আমবাৰী-নুনমাটি উৰণ সেতুৰ খুটাত ছবি অংকন (ETV Bharat Assam)

এম আৰ ডি ৰোডত যান-বাহনৰ অধিক ভিৰ আৰু পথটো সংকীৰ্ণ হোৱাৰ বাবে মাজৰাতিৰ পৰা পুৱা ৫-৬ বজালৈকে যান-বাহনৰ ভিৰ কমিলেহে ষ্টীল গাৰ্ডাৰসমূহ তোলাৰ কামসমূহ কৰিব পৰা গৈছিল । তেওঁ প্ৰকাশ কৰা অনুসৰি ষ্টীল গাৰ্ডাৰ তুলি স্থাপন কৰাৰ দৰে গুৰুত্বপূৰ্ণ কামসমূহৰ বাবে অধিক সময় পালে আৰু সোনকালে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলেহেঁতেন ।

Guwahati new flyover
বিভিন্ন বিষয়বস্তুৰে আমবাৰী-নুনমাটি উৰণ সেতুৰ খুটাত ছবি অংকন (ETV Bharat Assam)

তেওঁ লগতে কয়, "এই উৰণ সেতুখনত পৰম্পৰাগত আৰ চি চি গাঁথনিৰ তুলনাত সহজে সংস্থাপন কৰিব পৰা আৰু যথেষ্ট কম সময়ত স্থাপন কৰিব পৰা ষ্টীল গাৰ্ডাৰ ব্যৱহাৰ কৰা হৈছে । বৰ্তমান ডাঙৰ ডাঙৰ নিৰ্মাণ প্ৰকল্পত ষ্টীল গাৰ্ডাৰৰ ব্যৱহাৰ ব্যাপকভাৱে কৰা হৈছে । এই গাৰ্ডাৰসমূহৰ আয়ুস ৫০ বছৰতকৈ অধিক । শেহতীয়াকৈ গুৱাহাটীত নিৰ্মাণ কৰা সকলো উৰণ সেতুতেই নিৰ্মিত ষ্টীল গাৰ্ডাৰৰ ব্যৱহাৰ কৰা হৈছে ।"

Guwahati new flyover
গুৱাহাটীত মুকলি হ'ব ৰাজ্যৰ সৰ্বাধিক দৈৰ্ঘৰ উৰণ সেতু (ETV Bharat Assam)

উল্লেখ্য যে ২০২৪ চনৰ পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল । ৮৫২ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই উৰণ সেতু ।

লগতে পঢ়ক :১৪ ফেব্ৰুৱাৰীত মৰাণৰ নৱনিৰ্মিত ৰানৱে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণৰ সম্ভাৱনা