হঠাৎ এয়া কি দেখা গৈছে ! কাছাৰী ময়দানত জাকে জাকে আহি একগোট হৈছে কুকুৰ-মেকুৰী
৩০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ কুকুৰ-মেকুৰী দেখা গৈছে কাছাৰী ময়দানত । কি কাৰণে এনেদৰে গোট খাইছে সিঁহত ?

Published : January 10, 2026 at 3:43 PM IST
ধেমাজি : সকলো ভোগালীৰ প্ৰস্তুতিত ব্যস্ত । তাৰ মাজতে ধেমাজি কাছাৰী ময়দানত ব্যতিক্ৰমী দৃশ্য । দেশী-বিদেশী প্ৰজাতিৰ কুকুৰেৰে ভৰিছে কাছাৰী ময়দান । গৰাকীয়ে নিজৰ নিজৰ পোহনীয়া কুকুৰটো লৈ আহিছে । আচলতে ধেমাজিত আয়োজন কৰা হৈছে পোহনীয়া কুকুৰ আৰু মেকুৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা । পোহনীয়া কুকুৰক বেমাৰৰ পৰা সুৰক্ষিত কৰি ৰখাৰ লগতে গৰাকীকো সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে ধেমাজি কাছাৰী ময়দানৰ বাকৰিত 'আত্মনিৰ্ভৰ ধেমাজি' মেলাৰ দ্বিতীয় দিনা জিলা প্ৰশাসনৰ সহযোগত আৰু পশুপালন বিভাগৰ উদ্যোগত এই পোহনীয়া কুকুৰ আৰু মেকুৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
এই প্ৰতিযোগিতাত মুঠ ৩০ টা বিভিন্ন প্ৰজাতিৰ পোহনীয়া কুকুৰক দেখা গৈছে । লক্ষণীয় বিষয় যে পৰিষ্কাৰ কৰি ৰখা স্থানীয় তথা দেশী কুকুৰকো এই প্ৰতিযোগিতালৈ আনিছে গৰাকীয়ে ।
কুকুৰ-মেকুৰীৰ প্ৰদৰ্শন সন্দৰ্ভত জিলা পশুপালন বিভাগৰ চিকিৎসক ডাঃ অনিল পেগুৱে কয়, "ৰাইজৰ সঁহাৰি আগতকৈ অধিক ৷ মূল উদ্দেশ্য হৈছে পোহনীয়া জীৱ-জন্তুবোৰক কেনেকৈ ভালকৈ ৰাখিব পাৰি, কেনেকৈ নিৰোগীকৈ ৰাখিব পাৰি ৷ বহু বেমাৰ মানুহৰ পৰা কুকুৰলৈ যাব পাৰে ৷ কুকুৰ-মেকুৰীৰ পৰা মানুহলৈ যাব পাৰে ৷ বিশেষকৈ কণ কণ শিশুৰ ক্ষেত্ৰত বহুত বিপদশংকা হয় ৷ সিহঁতৰ চালৰ বেমাৰ ৷ পেলু বেমাৰ আছে । গতিকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব ৷ এয়া সজাগতাৰ কাৰণেই প্ৰতিবছৰে 'আত্মনিৰ্ভৰ ধেমাজি মেলা'ত আয়োজন কৰা হয় প্ৰদৰ্শন আৰু প্ৰতিযোগিতা ৷"

জিলা পশুপালন বিভাগৰ পশু চিকিৎসক ডাঃ অনিল পেগুৱে আঁতধৰা প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ মৃদুপৱন বৈশ্য, ডাঃ প্ৰশান্ত বড়ো আৰু ডাঃ প্ৰাঞ্জল বৰা ৷ লগতে উপস্থিত থাকে জিলা পশুপালন বিষয়া ডাঃ গিৰিণ শইকীয়া আৰু পশু চিকিৎসক ডাঃ মানসজ্যোতি শইকীয়া ৷

