ETV Bharat / state

হয় ৰাস্তা নহয় ভোট ! ৰাজধানীৰ সমীপৰে এখন গাৱঁৰ ৰাইজৰ শেষ সকীয়নি

বাৰিষা বেমাৰী নিব লাগে কান্ধত । বহুতেই পঢ়া বাদ দিছে ।

Public repaired damaged road at Khetri
চৰকাৰৰ অৱহেলা ! গাঁৱলৈ যোৱা পথ মেৰামতি কৰিলে ক্ষুব্ধ ৰাইজে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 3, 2026 at 7:08 PM IST

4 Min Read
Choose ETV Bharat

সোণাপুৰ : ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্র ৩ কিলোমিটাৰ দূৰত্বত আছে এখন গাঁও । গুৱাহাটী মহানগৰীৰ কাষতে থকা এই গাঁওখনৰ ৰাইজে এইবাৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব । কেৱল সেয়াই নহয়, জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰঙৰ উৎসৱৰ দিনাই হাতত কোৰ লৈ ৰাইজ ওলাই আহিল পথলৈ ।

এই গাঁওখনত আজিলৈকে হোৱা নাই এটা পকী পথ । বাৰিষা বেমাৰী নিব লাগে কান্ধত । বহুতেই পঢ়া বাদ দিছে । এই সকলোবোৰৰ মূল কাৰণ হৈছে এটা ৩ কিলোমিটাৰ জোৰা পথ । ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্র ৩ কিলোমিটাৰ দূৰৈত হ'লেও আজিলৈকে চৰকাৰৰ দৃষ্টি নপৰিল ।

ক্ষেত্ৰীৰ লক্ষীগোগত নিৰ্বাচনৰ পূৰ্বে ৰাস্তা নহ'লে ৰাইজে নিদিয়ে ভোট (ETV Bharat Assam)

ক্ষেত্ৰীৰ লক্ষীগোগৰ যাতায়তৰ দুৰৱস্থা বাবেই ৰাইজে ভোট বৰ্জনৰ হুংকাৰ দিছে । পুৰুষ-মহিলা একত্ৰিত হৈ গাঁৱলৈ যোৱা পথৰ মেৰামতি কৰিলে । ফাকুৱাৰ ৰঙৰ সলনি মাটি আৰু ধূলিত লুতুৰি-পুতুৰি এজাক শ্ৰমজীৱী মানুহে মেৰামতি কৰিলে পথছোৱা ।

যি সময়ত সমগ্ৰ ৰাজ্যবাসীয়ে ৰঙৰ উৎসৱ ফাকুৱাক লৈ ব্য়স্ত হৈছে, সেই সময়তে কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীৰ সমীপৱৰ্তী লক্ষীগোগ গাঁৱত দেখা গ’ল এক বিপৰীত ছবি । ফাকুৱাৰ ৰঙেৰে ৰঙীন হোৱাৰ পৰিৱৰ্তে গাঁওখনৰ পুৰুষ-মহিলা একত্ৰিত হৈ হাতত কোৰ-দা লৈ ব্যস্ত হৈ পৰিল নিজৰ গাঁৱৰ একমাত্ৰ যাতায়তৰ পথটি মেৰামতি কৰাত ।

Public repaired damaged road at Khetri
ক্ষেত্ৰীৰ লক্ষীগোগৰ যাতায়তৰ দুৰৱস্থা, বহুতেই পঢ়া বাদ দিছে (ETV Bharat Assam)

এয়া কোনো উৎসৱ নহয়, এয়া আছিল দীৰ্ঘদিনীয়া বঞ্চনাৰ বিৰুদ্ধে এক মৌন অথচ শক্তিশালী প্ৰতিবাদ । ৩ কিলোমিটাৰ পথ আৰু দশকজোৰা বঞ্চনা । ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্র ৩ কিলোমিটাৰ আঁতৰত থকা লক্ষীগোগ গাঁওখনলৈ খালৈবাৰী আৰু বেলগুৰিৰ মাজেৰে যোৱা পথটি আজিকোপতি নিৰ্মাণ নোহোৱাত ক্ষুব্ধ হৈছে ৰাইজ ।

Public repaired damaged road at Khetri
আজিলৈকে হোৱা নাই এটা পকী পথ (ETV Bharat Assam)

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বাৰিষা অহাৰ লগে লগে এই ৩ কিলোমিটাৰ পথ গাঁওবাসীৰ বাবে অভিশাপ হৈ পৰে । পাহাৰীয়া ৰঙা মাটিৰ এঠা আৰু বোকা-পানীৰ বাবে চাইকেল-স্কুটী চলোৱাটো দূৰৰে কথা, খোজকাঢ়ি যোৱাটোও অসম্ভৱ হৈ পৰে ।

শিক্ষা আৰু স্বাস্থ্য খণ্ডত প্ৰভাৱ:

যাতায়তৰ এই জৰাজীৰ্ণ অৱস্থাই গাঁওখনৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতত অন্ধকাৰ নমাই আনিছে । স্থানীয় মহিলাই ক্ষোভৰে কয়, "পথৰ দুৰৱস্থাৰ বাবে বাৰিষা হ’লে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি শূন্য হৈ পৰে । বহু ছাত্ৰ-ছাত্ৰীয়ে আধাতে পঢ়া-শুনা ত্যাগ কৰিবলগীয়া হৈছে । যাৰ ফলত গাঁওখনত শিক্ষিতৰ হাৰ বৃদ্ধি পোৱা নাই ।"

Public repaired damaged road at Khetri
ক্ষেত্ৰীৰ লক্ষীগোগৰ যাতায়তৰ দুৰৱস্থা (ETV Bharat Assam)

ৰোগীক নিব লাগে কান্ধত :

স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো অৱস্থা তেনেই শোচনীয় । পথৰ অৱস্থা ইমানেই বেয়া যে জৰুৰীকালীন সময়ত গাঁওখনলৈ এম্বুলেন্স সোমাব নোৱাৰে । ৰোগীক কান্ধত বা সাঙীত তুলি ঘাইপথলৈ নিয়াটোৱেই এতিয়া গাঁওবাসীৰ বাবে একমাত্ৰ উপায় হৈ পৰিছে ।

জনপ্ৰতিনিধিৰ প্ৰতি তীব্ৰ ক্ষোভ:

নিৰ্বাচনৰ আগে আগে স্থানীয় বিধায়ক , তিৱা পৰিষদৰ চি ই এম আৰু স্থানীয় প্ৰশাসনে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই যদিও নিৰ্বাচন শেষ হোৱাৰ লগে লগে সকলো পাহৰি যায় । এগৰাকী মহিলাই ক্ষোভেৰে কয়, "দিছপুৰৰ বিধায়ক অতুল বৰাই ৰাস্তাটো দিম বুলিও নিদিলে । জনপ্ৰতিনিধিসকলে কেৱল ভোট বিচাৰিহে গাঁৱলৈ আহে । ৰাইজৰ দুখ বুজিবলৈ কোনো আগবাঢ়ি নাহে ।"

Public repaired damaged road at Khetri
গাঁৱলৈ যোৱা পথৰ মেৰামতি কৰিলে ক্ষুব্ধ ৰাইজে (ETV Bharat Assam)

নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ :

যাতায়তৰ সমস্যা সমাধান নহ’লে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লক্ষীগোগৰ ৰাইজে । "ভোটৰ আগে আগে যদি ৰাস্তা নহয়, আমি ভোট নিদিও ।" এই দৃঢ় সংকল্প এতিয়া গাঁওখনৰ প্ৰতিজন ব্যক্তিৰ । চৰকাৰখনৰ ওচৰত তেওঁলোকৰ কাতৰ আহ্বান- চৰকাৰে এই গুৰুতৰ সমস্যাটোৰ প্ৰতি দৃষ্টি দি তেওঁলোকক এই যমৰ যাতনাৰ পৰা পৰিত্ৰাণ দিয়ক ।

লগতে পঢ়ক:নিৰ্বাচনেই আহিল, পথৰ গাঁতত নপৰিল এচপৰাও মাটি, পকী পথ অলীক সপোন

এশ বছৰ গৰকিলে এখন গাঁৱে, নহ'ল এটাও পথ পকী