ৰঙালাও খেতিৰে উপাৰ্জনৰ বাট, ১০ বছৰে কৃষিকাৰ্যৰে স্বাৱলম্বী ৰিজু শইকীয়া
মধ্যবিত্ত লোকসকলৰ অধিকাংশই এটা চাকৰিকে সপোন পূৰণৰ মাধ্যম বুলি ভাবে যদিও নৱপ্ৰজন্মৰ বহুতেই চাকৰি এৰি কৃষি কৰ্মত মনোনিৱেশ কৰিছে ৷

Published : May 11, 2026 at 3:57 PM IST
মাজুলী: জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে, ভাৰতৰ আত্মা আছে গাঁৱৰ খেতিপথাৰত । যিদিনালৈ দেশৰ খেতি পথাৰসমূহ কৃষকে উৎপাদন কৰা শস্যৰে নদন-বদন হৈ থাকিব, সিদিনালৈ দেশখনৰ অৰ্থনীতিৰ দিশটো শক্তিশালী হৈ থাকিব । পৰাধীন ভাৰতবৰ্ষত জাতিৰ পিতা মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে ১৯৪২ চনত আৰম্ভ কৰা ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোৱা এই কথাষাৰৰ মূল্য আজিও একেই প্ৰাসংগিক হৈ আছে ।
সঁচাকৈয়ে কৃষিত চহকী নহ’লে কোনোৱে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব নোৱাৰে ৷ বহুলোকে এই কথাষাৰৰ গুঢ়াৰ্থ বুজি কৃষিৰ জৰিয়তেই সপোন ৰচিবলৈ শিকিছে ৷ মধ্যবিত্ত লোকসকলৰ অধিকাংশই এটা চাকৰিক সপোন পূৰণৰ মাধ্যম বুলি ভাবে যদিও নৱপ্ৰজন্মৰ বহুতেই চাকৰি এৰি কৃষিত মনোনিৱেশ কৰিছে ৷
তাৰেই এটি নিৰ্দশন হৈছে সত্ৰনগৰী মাজুলীৰ কলনিবাৰীৰ ৰিজু শইকীয়া । এইগৰাকী মহিলাই ৰঙালাও খেতিৰ জৰিয়তে পৰিয়াল পোহপাল দিয়াৰ লগতে সন্তানক উচ্চশিক্ষাৰে শিক্ষিত কৰিছে ৷ বিগত প্ৰায় ১০ বছৰ ধৰি কৃষিকৰ্মৰ সৈতে আওপকীয়াকৈ জড়িত শইকীয়াই বিগত ৫ বছৰে কৃষিক এক পেছা হিচাপে গ্ৰহণ কৰি কাম কৰি গৈছে । প্ৰথমাৱস্থাত মাত্ৰ এবিঘা মাটিতে ৰঙালাওৰ খেতি আৰম্ভ কৰা ৰিজু শইকীয়াই নিজৰ কৃষিকৰ্ম ৬ বিঘা মাটিলৈ সম্প্ৰসাৰণ কৰিছে ৷
মহিলাগৰাকীয়ে নিজৰ কৃষিকাৰ্য সম্পৰ্কে এনেদৰে কয়, ‘‘এই কৃষিৰ সৈতে জড়িত হোৱা ১০ বছৰমানেই হ’ল ৷ কিন্তু যোৱা ৫ বছৰৰ পৰা বেছিকৈ জড়িত হৈছোঁ । ৰঙালাও প্ৰথম বছৰ এবিঘা মাটিত কৰিছিলো ৷ তাৰপিছৰ বছৰ দুবিঘা, তাৰপিছৰ বছৰ ৪ বিঘা আৰু এইবছৰ ৬ বিঘা কৰিছোঁ ।’’
এই কৃষিকাৰ্যত স্বামীৰ লগতে পৰিয়ালৰ লোকে সহায় কৰে বুলি মহিলাগৰাকীয়ে জনায় ৷ বেংক আৰু আত্মসহায়ক গোটৰ পৰা ঋণ লৈ কৃষিকাৰ্য চলাই যোৱা মহিলাগৰাকীয়ে কেৱল খেতিৰ ধনেৰে কৰা উপাৰ্জনৰ ভিত্তিতে সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাইছে । সম্প্ৰতি তেওঁৰ এগৰাকী কন্যাই স্নাতক পৰ্যায়ত অধ্যয়নৰত হৈ আছে ।
এইবেলি ৰঙালাওৰ উৎপাদন ভাল হৈছে যদিও বজাৰৰ অভাৱৰ বাবে যিমান পৰিমাণে লাভান্বিত হ’ব লাগিছিল, সিমান নোহোৱা বুলি মহিলা কৃষকগৰাকীয়ে জানিবলৈ দিছে ৷ স্থানীয় ব্যৱসায়ী আৰু কমলাবাৰীত বিক্ৰী কৰিয়েই প্ৰায় ডেৰ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা মহিলাগৰাকীৰ হাতত এতিয়াও পৰ্যাপ্ত পৰিমাণে ৰঙালাও মজুত আছে ৷ ভৱিষ্যতেও কৃষিৰ জৰিয়তে আগবাঢ়ি যাবলৈ মন মেলিছে মহিলাগৰাকীয়ে ৷
লগতে পঢ়ক: লাখপতি বাইদেউ ! ৰান্ধনীশালত ৰচা সপোন বাস্তৱলৈ পৰিণত হোৱাৰ এক যাত্ৰা…

