ETV Bharat / state

এজোপা গছক কেন্দ্ৰ কৰি গঢ় লোৱা এখন গাঁও

গাঁওখনৰ নাম খকনগুৰি । এই নামটোৰ সৈতে জড়িত হৈ আছে এজোপা বিশেষ গছ ।

An old tree and Khokanguri village in Golaghat
এজোপা গছক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে এখন গাঁও (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2026 at 3:58 PM IST

7 Min Read
Choose ETV Bharat

গোলাঘাট : এজোপা গছক কেন্দ্ৰ কৰি গঢ়ি উঠিছে এখন গাঁও । এই গাঁওখনৰ গছজোপাক গঞাই নিজৰ প্ৰাণতকৈও বেছি ভাল পায় । গাঁৱৰ প্ৰায়ভাগ লোকেই গছজোপা সৰুৰে পৰাই দেখি আহিছে । গছজোপাক লৈ এতিয়া গাঁওবাসীৰ দুখ ।

এই গাঁওখনৰ নাম খকনগুৰি । খকনগুৰি গাঁওখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এজোপা খকন গছৰ কাহিনী । গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ সংগ্ৰামী ভূমি হিচাপে পৰিচিত টেঙানি অঞ্চলৰ এক বিশেষ ঐতিহাসিক গাঁও খকনগুৰি । ১৯৬০ ৰ পৰাই জনবসতি আৰম্ভ হোৱা এই অঞ্চলটোৰ নামকৰণৰ সৈতে সাঙোৰ খাই আছে প্ৰকৃতি আৰু ইয়াৰ বিশেষ গছ-বন ।

এজোপা গছক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে এখন গাঁও (ETV Bharat Assam)

টেঙানি অঞ্চলত আছে ৪২খন গাঁও । ইয়াৰে এখন ঐতিহাসিক গাঁও হৈছে খকনগুৰি । গাঁওখনৰ আছে ইতিহাস । গাঁওখনৰ মাজত থকা এজোপা খকন গছক কেন্দ্ৰ কৰি গাঁওৰ নাম আৰু পৰিচয় গঢ়ি উঠিছে । কেৱল ইমানেই নহয়, ২০০২ চনত চৰকাৰে টেঙানি অঞ্চলত উচ্ছেদ চলাবলৈ আৰম্ভ কৰাৰ সময়তেই গঠন হৈছিল 'বৃহত্তৰ টেঙানি উন্নয়ন সংগ্রাম সমিতি'। পৰৱৰ্তী সময়ত অখিল গগৈৰ নেতৃত্বত টেঙানিৰ খকনগুৰিতেই গঠন হৈছিল 'কৃষক মুক্তি সংগ্ৰাম সমিতি'। কৃষক মুক্তি সংগ্ৰাম সমিতি পৰৱৰ্তী সময়ত সমগ্ৰ অসমতেই আন্দোলনৰ ভূমিকা গ্ৰহণ কৰি আহিছে।

An old tree and Khokanguri village in Golaghat
গঞাই নিজৰ প্ৰাণতকৈও বেছি ভাল পোৱা এডাল গছ (ETV Bharat Assam)

খকন গছ আৰু খকনগুৰিৰ পৰিচয় :

অঞ্চলটোৰ প্ৰতিষ্ঠা কালৰ পৰাই এডাল বিশাল খকন গছক কেন্দ্ৰ কৰি খকনগুৰি গাঁওখনৰ নাম আৰু পৰিচয় গঢ়ি উঠে । এই গছজোপাক সাক্ষী কৰিয়েই অঞ্চলটোত স্থাপন কৰা হৈছিল খকনগুৰি প্ৰাথমিক বিদ্যালয় আৰু খকনগুৰি মধ্য ইংৰাজী বিদ্যালয় । বৰ্তমান দুয়োখন বিদ্যালয় একত্ৰীকৰণ হৈছে । ১৯৭০ চন মানৰ পৰা একেই বিশাল ৰূপত ৰাইজে দেখি থকা এই গছজোপা বয়সৰ বাবে শুকাই যাবলৈ ধৰিছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱৰ ৰাইজে খকন গছজোপাৰ স্থানত এটি নতুন খকন গছ পুলি ৰোপণ কৰি ঐতিহ্য ধৰি ৰখাৰ পৰিকল্পনা কৰিছে ।

An old tree and Khokanguri village in Golaghat
খকনগুৰি গাঁৱৰ মনোৰম দৃশ্য় (ETV Bharat Assam)

গছজোপা শুকাই যোৱাত ৰাইজৰ দুখ :

দীৰ্ঘদিনে খকনগুৰি গাঁওখনৰ মাজত থকা বহু পুৰণি খকন গছজোপাৰ সৈতে আবেগ জড়িত হৈ আছে গাঁওখনৰ লোকসকলৰ । বৰ্তমান বয়সৰ লগে লগে গছজোপা শুকাই যাবলৈ ধৰাত স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰিছে। পুনৰ তেওঁলোকে সেই স্থানত খকন গছৰ পুলি ৰোপণ কৰাৰ চিন্তা-চৰ্চা কৰিছে ।

An old tree and Khokanguri village in Golaghat
খকনগুৰি গাঁৱৰ দৃশ্য় (ETV Bharat Assam)

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্মস্থান :

অসমৰ ৰাজনৈতিক আৰু সামাজিক ইতিহাসত এক বিশেষ স্থান দখল কৰা 'কৃষক মুক্তি' আন্দোলনৰ শিপাও এই টেঙানিতেই আছিল । ২০০২ চনৰ উচ্ছেদৰ সময়ত অখিল গগৈ, ধনেশ্বৰ নৰহ আৰু হেম ফুকনৰ দৰে নেতাসকলে সকলো ৰাইজক একত্ৰিত কৰি গঠন কৰিছিল ‘বৃহত্তৰ টেঙানি উন্নয়ন সংগ্ৰাম সমিতি’। পৰৱৰ্তী সময়ত টেঙানিৰ খকনগুৰিত ২০০৫ চনত গঠন হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতি । যি সংগঠনে সমগ্ৰ অসমত কৃষক মুক্তিৰ এক বিশাল আন্দোলন গঢ় লৈ উঠিছিল ।

An old tree and Khokanguri village in Golaghat
টেঙানিৰ শ্বহীদ বেদী (ETV Bharat Assam)

টেঙানীৰ খকনগুৰি গাঁও আৰু সংগ্ৰামী ইতিহাস :

গাঁওখনৰ স্থানীয় ব্য়ক্তি ৰামলাল দাসে টেঙানিৰ খকনগুৰি গাঁও আৰু সংগ্ৰামী ইতিহাসৰ বিষয়ে উল্লেখ কৰি কয়, "টেঙানিত ১৯৬৫ চনতে জনাঞ্চল হৈছিল । মানুহে বসতি স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰাই আচলতে টেঙানি বুলি কওঁতে টেঙা গছৰ সংখ্যা যথেষ্ট আছিল । সেয়েহে টেঙানি নাম হৈছিল অঞ্চলটোৰ। ইয়াত এই খকন গছজোপা আছিল । এই খকন গছজোপাক গণ্য কৰিয়েই খকনগুৰি প্ৰাথমিক বিদ্যালয় বা মধ্য ইংৰাজী বিদ্যালয় ইয়াত নিৰ্মাণ কৰা হ’ল । গাঁওখনৰ নামো খকনগুৰি ৰখা হ’ল আৰু এই খকন গছজোপা তেতিয়াৰ পৰাই আচলতে আমি দেখা সময়ৰ পৰাই যিমান ডাঙৰ দেখিছিলো এতিয়াও সিমানেই আছে; কিন্তু আজি হয়তো খকন গছজোপাৰ এটা নিৰ্দিষ্ট বয়স হৈছে আৰু ক্ৰমাৎ গছজোপা শুকাই মৰি গৈছে।"

তেওঁ লগতে কয়, "ইয়াৰ ইতিহাস বুলি ক’বলৈ গ’লে প্ৰায় ১৯৭০ চনৰ কথা উল্লেখ কৰিব লাগিব । মোৰ জন্ম ১৯৭৯ চনত । জন্মৰ পিছৰে পৰা গছজোপাক যেনেকৈয়ে দেখি আহিছো আৰু আজিলৈকে গছজোপা তেনেকৈয়ে আছে । এতিয়া যিহেতু গছজোপা শুকাই গৈছে,গাঁৱৰ ৰাইজে চিন্তা কৰিছে গছজোপাৰ কাষতে আমি আকৌ এটা খকন গছৰ পুলি ৰুব পাৰো নেকি । যিহেতু গাঁওখন খকন গছজোপাক কেন্দ্ৰ কৰিয়েই হৈছে বা ইয়াৰ অনুষ্ঠান-প্ৰতিষ্ঠানবোৰ খকন গছক লৈয়েই নামকৰণ কৰা হৈছে। গতিকে ৰাইজে এই গছজোপাৰ ঠাইত পুনৰ খকন গছৰ পুলি এটা ৰুব পৰাৰ কথা চিন্তা কৰিছে ।"

An old tree and Khokanguri village in Golaghat
খকনগুৰি গাঁৱৰ দৃশ্য় বিশেষ গছজোপা (ETV Bharat Assam)

সাংস্কৃতিক দিশত টেঙানি :

তেওঁ পুনৰ কয়,"টেঙানিৰ সাংস্কৃতিক দিশত ইতিহাস বহুত আছে । বহুতো প্ৰতিভা লুকাই আছে । আমি নতুন প্ৰজন্মক এটা মঞ্চ দিব পৰা নাই । বহুতো প্ৰতিভা টেঙানিৰ পৰা ক্ৰমান্বয়ে ওলাই আহিছে । ইয়াত বিভিন্ন ধৰণৰ প্ৰতিভা আছে । শিল্পকলাৰ প্ৰতিভা আছে আৰু সাংস্কৃতিক জগতৰ লগতো জড়িত বহুতো প্ৰতিভা আছে ।"

কৃষক মুক্তি সংগ্ৰাম সমিতি'ৰ জন্মস্থান :

"কৃষক মুক্তি বুলি ক’লে আচলতে টেঙানিত যেতিয়া ২০০২ চনত উচ্ছেদ হৈছিল, সেই উচ্ছেদৰ পিছত অখিল গগৈ, সোণেশ্বৰ নৰহ আৰু আমাৰ ইয়াত থকা হেম ফুকন ছাৰ, তেওঁলোকে সকলো ৰাইজক একত্ৰিত কৰি ‘বৃহত্তৰ টেঙানি উন্নয়ন সংগ্ৰাম সমিতি’ নামেৰে এটা সংগঠন জন্ম দিছিল । সেই সংগঠনটোৰ পিছতেই কৃষক মুক্তিৰ নামটো অসমত পৰিচিত হৈছিল । গঠন হৈছিল 'কৃষক মুক্তি সংগ্ৰাম সমিতি'। সেই সময়ত মই এই উন্নয়ন সংগ্ৰাম সমিতিৰ সম্পাদকৰ দায়িত্বত আছিলো ।"

খকন গছজোপাক লৈ দুখ প্ৰকাশ কৰি আন এজন ব্য়ক্তিয়ে কয়,"এই গছজোপা আমি একদম সৰুৰে পৰা দেখি আহিছো । আমাৰ এতিয়া বয়সটোৰ কথা ক'ব নোৱাৰিম, একদম সৰুৰে পৰা দেখি আহিছো । এই গছজোপাৰ বহুত অৱস্থাটো বেয়া হৈ গ’ল । এতিয়া দেখিছে মৰি গৈছে গছজোপা । এতিয়া ইয়াত আমি আকৌ নতুনকে আমি গছ এটা, গছৰ পুলি এটা আমি আকৌ ৰোপণ কৰিবলৈ আমি সিদ্ধান্ত কৰিছো ।"

An old tree and Khokanguri village in Golaghat
খকনগুৰি গাঁৱলৈ আদৰণি (ETV Bharat Assam)

খকনগুৰিৰ খকন গছ :

তেওঁ পুনৰ কয়, "এইজোপা হ’ল খকন । গছজোপাক লৈয়ে গাঁওখনৰ নামকৰণ হৈছে । প্ৰায় ৭০ বছৰমান হ'ব । আমি সৰুৰে পৰা দেখি আহিছো । গছজোপা শুকাই যোৱাত গাঁৱৰ লোকসকলে আলোচনা কৰাৰ লগতে ইয়াৰ সলনি আৰু এটা পুলি ইয়াত ৰোপণ কৰাৰ এটা পৰিকল্পনা কৰিছো । এইজোপা আমাৰ পুৰণি কলীয়া গছ । নামকৰণটো আমি খকন বুলি এতিয়া ক’ব নোৱাৰা হৈ আহিছো, এতিয়া গছজোপাৰ অৱস্থা দেখিছে আপোনালোকে । শুকাই যাব ধৰিছে । সকলোকে ৰাইজক আহ্বান জনাই, এই গছজোপাৰ সলনি আৰু এটা পুলি ইয়াত আমি ৰোপণ কৰিবৰ কাৰণে পৰিকল্পনা কৰিছো ।"

লগতে পঢ়ক:পানী মেটেকাই বহুতকে দেখুৱাইছে আশাৰ ৰেঙণি, স্বাৱলম্বী হৈছে শতাধিক মহিলা

এখিলা পাতত সোমাই আছে এখন গাঁৱৰ নামৰ অনন্য কাহিনী

১২ হাজাৰ গছৰ এজোপাও কাটিব নোৱাৰিব : উন্নয়ন আৰু পৰিৱেশৰ মাজৰ যুঁজখনত অৱশেষত সেউজীয়াই জয়ী হ'ল